--°C
Loading...
Advertisement
Advertisement
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ভাৰতীয় ক্ৰিকেট তাৰকা বিৰাট কোহলীৰ সৈতে সাদৃশ্য থকা এজন অভিনেতা এতিয়া ইণ্টাৰনেট জগতত ভাইৰেল হৈ পৰিছে৷ অভিনেতাজন তুৰ্কীৰ৷ তেওঁৰ নাম কেভিট চেটিন গুনাৰ৷ 

এজন Reddit ব্যৱহাৰকাৰীয়ে তুৰ্কী ঐতিহাসিক নাটক Diriliş: Ertugrul ৰ স্ক্ৰীণশ্বট শ্বেয়াৰ কৰিছিল, য'ত কেভিট চেটিন গুনাৰে অভিনয় কৰিছিল।

ৰেডিট ব্যৱহাৰকাৰীগৰাকীয়ে ছবিখন পোষ্ট কৰি কেপচন দিছিল, “অনুষ্কা শৰ্মাৰ স্বামীৰ টিভি শ্ব’ত আত্মপ্ৰকাশ” আৰু ই অতি সোনকালেই সকলোৰে দৃষ্টি আকৰ্ষণ কৰিছিল। 

ছবিখনত কেভিটে অভিনয় কৰা চৰিত্ৰটোৱে টুপী পিন্ধি হাতত কিবা এটা ধৰি কাৰোবাৰ ফালে চাই থকা দেখা গৈছে। অভিনেতাগৰাকীক দেখাত সাইলাখ বিৰাট কোহলীৰ দৰে লাগিছিল৷ 

মুহূৰ্ততে ই ভাইৰেল হৈ পৰে৷ নেটিজেনসকলে ভিন ভিন মন্তব্য প্ৰকাশ কৰে৷ অনুষ্কাক লৈ এটা ধেমালিসূচক মন্তব্য কৰি এজনে কয় ‘‘হাঁহি উঠা কথাটো হ’ল যে অনুষ্কাই এতিয়াও তেওঁক চিনি নাপাব কাৰণ ‘ৰব নে বানা ডি জোড়ি’তো তেওঁ স্বামীক চিনি পোৱা নাছিল”

উল্লেখ্য যে Diriliş: Ertugrul হৈছে Mehmet Bozdağ দ্বাৰা নিৰ্মিত এখন তুৰ্কী ঐতিহাসিক দুঃসাহসিক ধাৰাবাহিক। শ্ব'টোত ইঞ্জিন আলটান ডুজিয়াটানে এৰ্টুগ্ৰুল বেৰ চৰিত্ৰত অভিনয় কৰিছে, কেভিট চেটিন গুনাৰ, কান টাছানাৰ, আৰু হুলিয়া ডাৰ্কানৰ সৈতে। ত্ৰয়োদশ শতিকাৰ পৰিৱেশত নিৰ্মিত এই ধাৰাবাহিকখনত অট্টোমান সাম্ৰাজ্যৰ প্ৰতিষ্ঠাপক প্ৰথম ওছমানৰ পিতৃ এৰটুগ্ৰুলৰ যাত্ৰাৰ বুৰঞ্জী বৰ্ণনা কৰা হৈছে। ২০১৪ চনত প্ৰিমিয়াৰ হোৱা এই অনুষ্ঠানটো ২০১৯ চনত সমাপ্ত হোৱাৰ পূৰ্বে পাঁচটা ছিজন চলিছিল।
FOLLOW US F
POPULAR
FEATURE
TRENDY
এইবাৰ ১০ হাজাৰ শিল্পীক লৈ বাগৰুম্বা প্ৰদৰ্শনৰ প্ৰস্তুতি চৰকাৰৰ
ইৰানত ব্যাপক ধ্বংসলীলা
ৰিক্সা চলাই পঢ়ুৱাইছিল কন্যাক, চাকৰিৰ বাবে লণ্ডনলৈ যাওতে বিমান দুৰ্ঘটনাত মৃত্যু পায়েলৰ
নগাঁও আৰক্ষীৰ জালত দুৰ্ধৰ্ষ বাইক চোৰ নবী হুছেইন
পাকিস্তানক ধনী কৰিবলৈ চেষ্টা বিশ্ব বেংক, আইএমএফ আৰু আইএফচিৰ! জানক কাৰণ
প্ৰেমৰ মায়াজালেৰে লুটপাত চলোৱা এগৰাকী সুন্দৰী বোৱাৰী
কেনে আছে অসমৰ ৰুক্মিণী বৰুৱা ? আহমেদাবাদত ভয়ংকৰ বিমান দুৰ্ঘটনা পতিত অসমৰ যুৱতী
পঞ্জাৱত মৃত্যু অসমৰ যুৱকৰ
'খাদ্য নাই, পানী নাই, শান্তি নাই'-গাজাত ইজৰাইলী আক্রমণত সন্তানক হেৰুওৱা মাতৃৰ চিৎকাৰ
'মোদীৰ দৰে মিছলীয়া প্ৰাধানমন্ত্ৰী কেতিয়াও দেখা নাই' খৰ্গেৰ মন্তব্য
গাড়ীত উদ্ধাৰ জনপ্ৰিয় ছ'চিয়েল মিডিয়া ইনফ্লুৱেন্সাৰৰ মৃতদেহ
উৰণৰ সময়তেই পুৰি ছাই হ’ল এয়াৰ ইণ্ডিয়াৰ বিমান:শতাধিক যাত্ৰীৰ মৃত্যুৰ আশংকা
গ্ৰীষ্ম-প্ৰৱাহ ; হীট ষ্ট্ৰ'কত ৰাজ্যত দুজনৰ মৃত্যু
কিয় কুখ্যাত সন্ত্ৰাসবাদী লাডেনে পাকিস্তানত নিৰাপদ অনুভৱ কৰিছিল?