নতুন দিল্লীঃ বলীউড অভিনেত্ৰী আলিয়া ভাট আৰু ৰনবীৰ কাপুৰৰ বিচ্ছেদ হোৱাৰ উপক্ৰম হৈছে বুলি মন্তব্য অভিনেতা-পৰিচালক-প্ৰযোজক কামাৰ আৰ খানৰ। টুইটাৰযোগে তেওঁ সদৰী কৰে যে, ‘২০২২ চনৰ শেষলৈ আলিয়া ভাট আৰু ৰনবীৰ কাপুৰ বিবাহপাশত আবদ্ধ হ’ব। কিন্তু বিয়াৰ ১৫ বছৰ পাছতে আলয়াক ডিভ’ৰ্ছ দিব ৰনবীৰ কাপুৰে!’ ইয়াৰ পূৰ্বেও বলীউড তাৰকা প্ৰিয়ংকা চোপ্ৰা আৰু হলীউড তাৰকা নিক জোনাছৰ বিবাহ বিচ্ছেদ প্ৰসংগত ভৱিষ্যদ্বাণী কৰিছিল কামাল আৰ খানে। আমিৰ খান আৰু কিৰণ ৰাও সম্পৰ্কতো মুখ খুলিছিল বিতৰ্কিত প্ৰযোজকগৰাকীয়ে।
উল্লেখ্য যে, দীপিকা পাডুকনৰ সৈতে প্ৰেম বিচ্ছেদৰ পাছত কেটৰিনা কাইফৰ সৈতে প্ৰেমৰ বান্ধোনত বান্ধ খাই পৰিছিল ৰনবীৰ কাপুৰ। কিন্তু এই প্ৰেম পৰিণয় সুখময় নহ’ল। পৰৱৰ্তী সময়ত কেটৰিনাৰ ঘনিষ্ঠ বান্ধৱী আলিয়াৰ প্ৰেমাস্পদ লাভ কৰে ৰনবীৰে। কৰ’না মহামাৰীৰ দৰে মাৰণ ভাইৰাছে সন্ত্ৰাসৰ সৃষ্টি নকৰাহেতেঁন আৰু কাপুৰ পৰিয়ালৰ এজনৰ পাছত এজন ব্যক্তিৰ মৃত্যু নোহোৱাহেতেঁন ইমানদিনে আলিয়া আৰু ৰনবীৰ দুয়োকে ডৰা-কইনাৰ সাজত দেখা পোৱা গ’লহেঁতেন বুলি মন্তব্য কৰে ৰনবীৰ কাপুৰে।