--°C
Loading...
Advertisement
Advertisement
Listen to Article
2 min read
80%

ডিজিটেল ডেস্ক : হালধি এনে এটা বস্তু যাৰ অনেক গুণ আছে। কেৱল ৰন্ধাতে নহয়, ৰোগ নিৰাময়তো ইয়াক ব্যৱহাৰ কৰা হয়। প্ৰতিটো শুভ কামতে হালধি ব্যৱহাৰ কৰাটো বাধ্যতামূলক। শাস্ত্ৰ অনুসৰি হালধি ভগৱান বিষ্ণুৰ অতি প্ৰিয়। হালধিৰ লগত জড়িত এনে বহুতো প্ৰতিকাৰে আছে, যিয়ে মানুহৰ ভাগ্য দুৱাৰ খুলি দিব পাৰে। এনে ৫টা প্ৰতিকাৰৰ বিষয়ে জানো আহক।

 ১. বেয়া সপোনৰ পৰা মুক্তি-

নিশা দুঃস্বপ্ন দেখিলে হালধিৰ এটা টুকুৰা আপুনি কাপোৰত বান্ধি লওক। ইয়াৰ পাছত সেই কাপোৰখন মূৰৰ শিতানত ৰাখি শুলে বেয়া সপোন দেখাৰ পৰা আপুনি মুক্ত হ’ব।

 ২. আবদ্ধ হৈ থকা কাম সম্পূৰ্ণ হয়-

যদি আপোনাৰ ক’ৰবাত কিবা কাম আবদ্ধ হৈ আছে, তেন্তে অলপ চাউলত এটুকুৰা হালধি লৈ ৰঙা কাপোৰত বান্ধি বেগত ৰাখক। এই প্ৰতিকাৰ গ্ৰহণ কৰিলে আবদ্ধ হৈ থকা কাম বা ধন সোনকালে ঘূৰি আহে বুলি বিশ্বাস কৰা হয়।

 ৩. বিবাহৰ বাধা আঁতৰি যায়-

বহু চেষ্টা কৰিও আপোনাৰ বিবাহত সমস্যাই দেখা দিছে। তেন্তে ভগৱান বিষ্ণু আৰু মালক্ষ্মীৰ মূৰ্তিৰ সন্মুখত দৈনিক এচিকুট হালধি আগবঢ়াব লাগে। লগতে প্ৰতি বৃহস্পতিবাৰে মগু দালি আৰু হালধি দান কৰক। বিশ্বাস কৰা হয় যে এই প্ৰতিকাৰৰ দ্বাৰা আপোনাৰ সমস্যা দূৰ হ’ব আৰু বিবাহত আহি থকা বাধাসমূহ আঁতৰি যায়।

 ৪. আকাংক্ষিত কামত সফলতা-

যদি আপুনি কিবা কাম কৰিবলৈ কঠোৰ পৰিশ্ৰম কৰি আছে কিন্তু তাত সফলতা লাভ কৰা নাই, তেন্তে আপুনি বুধবাৰে ভগৱান গণেশৰ ওচৰত হালধিৰ মালা আগবঢ়াব লাগে। এনে কৰিলে গণপতি সন্তুষ্ট হয় আৰু কামৰ সফলতাৰ বাটত অহা সকলো বাধা আঁতৰ হয় বুলি বিশ্বাস কৰা হয়।

 ৫. শুভ কামৰ আগত-

যিকোনো শুভ কামত বাহিৰলৈ ওলাই যোৱাৰ আগতে ভগৱান গণেশক হালধিৰ এটা ফোট দি আশীৰ্বাদ লোৱা উচিত। ইয়াৰ পাছত একে হালধিৰে নিজৰ কপালত ফোট লগাব লাগে। কোৱা হয় যে এনে কৰিলে শুভ ফল পোৱা যায় আৰু আপুনি যি কামৰ বাবে ওলাই গৈ আছে তাত সফলতা লাভ কৰে।
FOLLOW US F
POPULAR
FEATURE
TRENDY
এইবাৰ ১০ হাজাৰ শিল্পীক লৈ বাগৰুম্বা প্ৰদৰ্শনৰ প্ৰস্তুতি চৰকাৰৰ
ইৰানত ব্যাপক ধ্বংসলীলা
ৰিক্সা চলাই পঢ়ুৱাইছিল কন্যাক, চাকৰিৰ বাবে লণ্ডনলৈ যাওতে বিমান দুৰ্ঘটনাত মৃত্যু পায়েলৰ
নগাঁও আৰক্ষীৰ জালত দুৰ্ধৰ্ষ বাইক চোৰ নবী হুছেইন
পাকিস্তানক ধনী কৰিবলৈ চেষ্টা বিশ্ব বেংক, আইএমএফ আৰু আইএফচিৰ! জানক কাৰণ
প্ৰেমৰ মায়াজালেৰে লুটপাত চলোৱা এগৰাকী সুন্দৰী বোৱাৰী
কেনে আছে অসমৰ ৰুক্মিণী বৰুৱা ? আহমেদাবাদত ভয়ংকৰ বিমান দুৰ্ঘটনা পতিত অসমৰ যুৱতী
পঞ্জাৱত মৃত্যু অসমৰ যুৱকৰ
'খাদ্য নাই, পানী নাই, শান্তি নাই'-গাজাত ইজৰাইলী আক্রমণত সন্তানক হেৰুওৱা মাতৃৰ চিৎকাৰ
'মোদীৰ দৰে মিছলীয়া প্ৰাধানমন্ত্ৰী কেতিয়াও দেখা নাই' খৰ্গেৰ মন্তব্য
গাড়ীত উদ্ধাৰ জনপ্ৰিয় ছ'চিয়েল মিডিয়া ইনফ্লুৱেন্সাৰৰ মৃতদেহ
উৰণৰ সময়তেই পুৰি ছাই হ’ল এয়াৰ ইণ্ডিয়াৰ বিমান:শতাধিক যাত্ৰীৰ মৃত্যুৰ আশংকা
গ্ৰীষ্ম-প্ৰৱাহ ; হীট ষ্ট্ৰ'কত ৰাজ্যত দুজনৰ মৃত্যু
কিয় কুখ্যাত সন্ত্ৰাসবাদী লাডেনে পাকিস্তানত নিৰাপদ অনুভৱ কৰিছিল?