--°C
Loading...
Advertisement
Advertisement
Listen to Article
2 min read
80%

ৰিয়াধ : বিয়া পাতিবলৈও এতিয়াৰ পৰা মানিব লাগিব চৰকাৰী নীতি নিৰ্দেশনা। চৰকাৰী ব্যৱস্থাৰ মাজেৰে আবেদন কৰিব লাগিব, দিব লাগিব ভালেমান নথি-পত্ৰও। যদিহে বিদেশীনীক বিয়া পাতিব বিচাৰে তেতিয়া প্ৰযোজ্য হ’ব এই নতুন নিয়ম। অৱশ্যে এয়া ভাৰতৰ কথা নহয়। ছৌডি আৰৱৰ হে নীতি। ছৌডি আৰৱে দেশখনৰ পুৰুষসকলক চাৰিখন দেশৰ নাৰীক বিয়া কৰোঁৱাৰ পৰা বাৰণ কৰিছে।

আৰু পঢ়িব পাৰিব :তৃতীয়টো যুটীয়া মহাকাশ অভিযানৰ বাবে ভাৰত-ফ্ৰান্সৰ প্ৰস্তুতি

ছৌডি আৰৱৰ লোকসকলে এতিয়াৰ পৰা পাকিস্তান, বাংলাদেশ, ৰিপাব্লিক অব চাদ আৰু ম্যানমাৰৰ যুৱতীৰে বিবাহত বহিব নোৱাৰিব। ছৌডি আৰৱৰ সংবাদ মাধ্যমৰ উদ্ধৃতিৰে পাকিস্তানৰ সংবাদপত্ৰ ‘ডন’-এ এই প্ৰতিবেদন প্ৰকাশ কৰিছে। চৰকাৰী তথ্য অনুসৰি এই চাৰিখন দেশৰ প্ৰায় ৫লাখ মহিলাই ছৌডি আৰৱত বসবাস কৰি আছে। এতিয়াৰে পৰা বিদেশীনীক বিয়া পাতিব খোজা ছৌডি পুৰুষে কঠোৰতৰ নীতিগত বাধাৰ সন্মুখীন হ’ব।

আৰু পঢ়িব পাৰিব :স্বামীৰ মৃত্যুৰ পাছতে হেৰুৱাইছে বাসগৃহঃ কন্যাসহ ৰাজপথত মাতৃ

‘মাক্কাহ’ নামৰ দৈনিক সংবাদপত্ৰখনত আৰক্ষী সঞ্চালক মেজৰ জেনেৰেল আছাফ আল-কুৰেশ্বীৰ উদ্ধৃতিৰে এই কথা প্ৰকাশ পাইছে। ছৌডি আৰৱৰ লোকসকলক বিদেশীনীক বিয়া কৰোঁৱাৰ পৰা বাধা দিবলৈ এই ব্যৱস্থা গ্ৰহণ কৰা হৈছে আৰু এনে কৰিব বিচৰা লোকসকল ভালেমান নীতিগত প্ৰতিবন্ধকতা আঁতৰাই আগবাঢ়িব লাগিব। যিসকলে বিদেশী মহিলাক বিয়া কৰাব বিচাৰে তেওঁলোকে প্ৰথমে ইয়াৰ বাবে চৰকাৰৰ সন্মতি ল’ব লাগিব আৰু তাৰ পাছত চৰকাৰী ব্যৱস্থাৰ জৰিয়তে বিয়াৰ আৱেদন কৰিব লাগিব। এই কথা প্ৰকাশ কৰিছে আৰক্ষী সঞ্চালক কুৰেশ্বীয়ে।

আৰু পঢ়িব পাৰিব :ৰাজনৈতিক হেঁচাৰ বাবে অধ্যাপকৰ পদত্যাগ! বিশ্বজুৰি প্ৰতিক্ৰিয়া

তেওঁ লগতে প্ৰকাশ কৰে যে, বিবাহ বিচ্ছেদ ঘটা লোকে ছমাহৰ ভিতৰত আবেদন কৰিব নোৱাৰিব। বিবাহৰ আবেদন জনোৱা লোক ২৫বছৰৰ ঊৰ্ধ্বৰ হ’ব লাগিব আৰু তেওঁ উপযুক্ত পৰিচয়পত্ৰ আবেদনৰ সৈতে সংলগ্ন কৰি দিব লাগিব আৰু ফেমিলী কাৰ্ডৰ প্ৰতিলিপিও সংলগ্ন কৰি দিব লাগিব। তদুপৰি বিষয়াগৰাকীয়ে প্ৰকাশ কৰা মতে, ‘যদিহে আবেদনকৰ্তা বিবাহিত হয় তেন্তে তেওঁ পত্নী অক্ষম, কোনো ক্ৰনিক ৰোগত আক্ৰান্ত বা অথৰ্ব বুলি হাস্পতালে দিয়া প্ৰমাণপত্ৰ গাঠি দিব লাগিব।’

FOLLOW US F
POPULAR
FEATURE
TRENDY
এইবাৰ ১০ হাজাৰ শিল্পীক লৈ বাগৰুম্বা প্ৰদৰ্শনৰ প্ৰস্তুতি চৰকাৰৰ
ইৰানত ব্যাপক ধ্বংসলীলা
ৰিক্সা চলাই পঢ়ুৱাইছিল কন্যাক, চাকৰিৰ বাবে লণ্ডনলৈ যাওতে বিমান দুৰ্ঘটনাত মৃত্যু পায়েলৰ
নগাঁও আৰক্ষীৰ জালত দুৰ্ধৰ্ষ বাইক চোৰ নবী হুছেইন
পাকিস্তানক ধনী কৰিবলৈ চেষ্টা বিশ্ব বেংক, আইএমএফ আৰু আইএফচিৰ! জানক কাৰণ
প্ৰেমৰ মায়াজালেৰে লুটপাত চলোৱা এগৰাকী সুন্দৰী বোৱাৰী
কেনে আছে অসমৰ ৰুক্মিণী বৰুৱা ? আহমেদাবাদত ভয়ংকৰ বিমান দুৰ্ঘটনা পতিত অসমৰ যুৱতী
পঞ্জাৱত মৃত্যু অসমৰ যুৱকৰ
'খাদ্য নাই, পানী নাই, শান্তি নাই'-গাজাত ইজৰাইলী আক্রমণত সন্তানক হেৰুওৱা মাতৃৰ চিৎকাৰ
'মোদীৰ দৰে মিছলীয়া প্ৰাধানমন্ত্ৰী কেতিয়াও দেখা নাই' খৰ্গেৰ মন্তব্য
গাড়ীত উদ্ধাৰ জনপ্ৰিয় ছ'চিয়েল মিডিয়া ইনফ্লুৱেন্সাৰৰ মৃতদেহ
উৰণৰ সময়তেই পুৰি ছাই হ’ল এয়াৰ ইণ্ডিয়াৰ বিমান:শতাধিক যাত্ৰীৰ মৃত্যুৰ আশংকা
গ্ৰীষ্ম-প্ৰৱাহ ; হীট ষ্ট্ৰ'কত ৰাজ্যত দুজনৰ মৃত্যু
কিয় কুখ্যাত সন্ত্ৰাসবাদী লাডেনে পাকিস্তানত নিৰাপদ অনুভৱ কৰিছিল?