--°C
Loading...
Advertisement
Advertisement
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক : আজি বিধানসভাত বিধায়কৰ মাজত সৃষ্টি হয় এক উত্তপ্ত পৰিস্থিতি। বিধায়ক শ্বেৰমান আলীলৈ চোঁচা ল’লে ৰূপজ্যোতি কুৰ্মীয়ে। বিধানসভাত ভাষণৰ মাজতে সংঘটিত হয় এই ঘটনা। বিধানসভাত সৃষ্টি হোৱা হুলস্থূলীয়া পৰিৱেশৰ মাজতে ৰূপজ্যোতি কুৰ্মীক বুজনি দিয়াৰ চেষ্টা নোমল মোমিনৰ। ইফালে এই হুলস্থূলীয়া পৰিৱেশৰ মাজতে ক্ষমা খুজিলে বিধায়ক ৰূপজ্যোতি কুৰ্মীয়ে। ৰূপজ্যোতিৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণৰ দাবী অখিল গগৈৰ।

এই উত্তপ্ত পৰিস্থিতিৰ পাছত  প্ৰতিক্ৰিয়া প্ৰকাশ কৰি বিধায়ক শ্বেৰমান আলীয়ে কয়, “অসম বিধানসভাত আজি এয়া নজিৰবিহীন ঘটনা হ’ল। আজিলৈ এনে ঘটনা হোৱা নাই। অধ্যক্ষই যি শাস্তি দিব লাগিছিল নিদিলে। একেবাৰে লঘু শাস্তি দিলে। ৰূপজ্যোতি কুৰ্মীক গোটেই বছৰৰ বাবে নিলম্বন কৰিব লাগে।”

আনহাতে এই সমগ্ৰ ঘটনাৰ সন্দৰ্ভত নিজৰ ভুল স্বীকাৰ কৰি ক্ষমা বিচৰাৰ লগতে প্ৰতিক্ৰিয়া ব্যক্ত কৰে বিধায়ক ৰূপজ্যোতি কুৰ্মীয়ে। ৰূপজ্যোতি কুৰ্মীয়ে কয়, “মোৰ বিধানসভাত ২০ বছৰীয়া অভিজ্ঞতা হৈছে। চাহ জনগোষ্ঠীক লৈ নিজকে ৰজাঘৰীয়া বুলি ভবা অখিল গগৈ, দেৱব্ৰত শইকীয়াই ব্ৰিটিছৰ দৰেই নীতি লৈ অপমান কৰি আহিছিল। ধোদৰ আলিক লৈ মই বক্তব্য ৰাখিছিলোঁ। সেই সময়ত মাত মতাত মই খঙত যি কৰিলোঁ তাৰ বাবে ক্ষমা বিচাৰিছোঁ।

উৎসঃ দৈনিক জনমভূমি
FOLLOW US F
POPULAR
FEATURE
TRENDY
এইবাৰ ১০ হাজাৰ শিল্পীক লৈ বাগৰুম্বা প্ৰদৰ্শনৰ প্ৰস্তুতি চৰকাৰৰ
ইৰানত ব্যাপক ধ্বংসলীলা
ৰিক্সা চলাই পঢ়ুৱাইছিল কন্যাক, চাকৰিৰ বাবে লণ্ডনলৈ যাওতে বিমান দুৰ্ঘটনাত মৃত্যু পায়েলৰ
নগাঁও আৰক্ষীৰ জালত দুৰ্ধৰ্ষ বাইক চোৰ নবী হুছেইন
পাকিস্তানক ধনী কৰিবলৈ চেষ্টা বিশ্ব বেংক, আইএমএফ আৰু আইএফচিৰ! জানক কাৰণ
প্ৰেমৰ মায়াজালেৰে লুটপাত চলোৱা এগৰাকী সুন্দৰী বোৱাৰী
কেনে আছে অসমৰ ৰুক্মিণী বৰুৱা ? আহমেদাবাদত ভয়ংকৰ বিমান দুৰ্ঘটনা পতিত অসমৰ যুৱতী
পঞ্জাৱত মৃত্যু অসমৰ যুৱকৰ
'খাদ্য নাই, পানী নাই, শান্তি নাই'-গাজাত ইজৰাইলী আক্রমণত সন্তানক হেৰুওৱা মাতৃৰ চিৎকাৰ
'মোদীৰ দৰে মিছলীয়া প্ৰাধানমন্ত্ৰী কেতিয়াও দেখা নাই' খৰ্গেৰ মন্তব্য
গাড়ীত উদ্ধাৰ জনপ্ৰিয় ছ'চিয়েল মিডিয়া ইনফ্লুৱেন্সাৰৰ মৃতদেহ
উৰণৰ সময়তেই পুৰি ছাই হ’ল এয়াৰ ইণ্ডিয়াৰ বিমান:শতাধিক যাত্ৰীৰ মৃত্যুৰ আশংকা
গ্ৰীষ্ম-প্ৰৱাহ ; হীট ষ্ট্ৰ'কত ৰাজ্যত দুজনৰ মৃত্যু
কিয় কুখ্যাত সন্ত্ৰাসবাদী লাডেনে পাকিস্তানত নিৰাপদ অনুভৱ কৰিছিল?