--°C
Loading...
Advertisement
Advertisement
Listen to Article
2 min read
80%

ডিজিটেল ডেস্কঃ যিখন দেশত অৰ্থনৈতিক অৱস্থা দিনক দিনে অৰ্ধমুখী হ’বলৈ ধৰিছে, সেইখন দেশতে চৰকাৰে বিজ্ঞাপনৰ নামত প্ৰতিদিনে খৰচ কৰে প্ৰায় ৩০ লাখ টকা৷ চত্তিশগড়ৰ কংগ্ৰেছ চৰকাৰৰ এই কাণ্ডই এতিয়া হতবাক কৰিছে সকলোকে৷ চত্তিশগড় চৰকাৰে ২০১৮ চনৰ ডিচেম্বৰৰ পৰা চলিত বৰ্ষৰ নৱেম্বৰলৈ সকলো চেনেলৰ জৰিয়তে বিজ্ঞাপনৰ বাবে ৩০০ কোটিতকৈয়ো অধিক টকা ব্যয় কৰিছে। চত্তিশগড় বিধানসভাত বিজেপি বিধায়ক ব্ৰজমোহন আগৰৱালাই সোধা এক প্ৰশ্নৰ উত্তৰত চৰকাৰে এই তথ্য বিধানসভাত দাখিল কৰিছে।

তিনি বছৰত চৰকাৰখনে মুদ্ৰন মাধ্যমত বিজ্ঞাপনৰ বাবে মুঠ ১ বিলিয়ন, ৬৪ কোটি, ৯০ লাখ, ৭১ হাজাৰ, ৮৮২ টকা খৰচ কৰিছে৷ চত্তিশগড় চৰকাৰে কয় যে, তিনি বছৰত ইলেক্ট্ৰনিক মাধ্যমত বিজ্ঞাপনৰ বাবে ৯০ কোটি, ৩২ লাখ, ৭৩ হাজাৰ ১৫১ টকা ব্যয় কৰা হৈছে। যাৰ ভিতৰত ৭৯ কোটি টকাৰ বিজ্ঞাপন নিউজ চেনেলত দিয়া হৈছিল। আনহাতে, সৰ্বভাৰতীয় ৰেডিঅ’ত ৮.৫ কোটি টকা, কেৱল টিভিত ৯৫ লাখ আৰু চিনেমাত এক কোটিতকৈয়ো অধিক টকা ব্যয় কৰা হৈছিল।

আনহাতে, বাঘেল চৰকাৰে এই তিনি বছৰত ছ’চিয়েল মিডিয়াত বিজ্ঞাপনৰ বাবে ১৪৩ লাখ ৭৪ হাজাৰ ৯৬০ টকা ব্যয় কৰিছিল। হ’ৰ্ডিং আৰু ডিছপ্লে’ ব’ৰ্ডত ৪৪ কোটিতকৈয়ো অধিক ব্যয় কৰা হৈছিল। ৰাজ্যৰ ভিতৰত আৰু বাহিৰত বিজ্ঞাপন দিয়াৰ বাবে চৰকাৰে কিমান টকা খৰচ কৰিছিল বুলি বিজেপি বিধায়কজনে সোধা আন এটা প্ৰশ্নৰ উত্তৰত চৰকাৰে কয় যে, ৰাজ্যৰ ভিতৰত ২০১৮ চনৰ ১ ডিচেম্বৰৰ পৰা ২০১৯ চনৰ ৩১ মাৰ্চলৈ, ২০১৯ চনৰ ১ এপ্ৰিলৰ পৰা ২০২০ চনৰ ৩১ মাৰ্চলৈ ক্ৰমে ৫৮.০৮ কোটি আৰু ৭৪.৮৮ কোটি টকা আৰু ২০২১ চনৰ ১ এপ্ৰিলৰ পৰা ১০ এপ্ৰিলৰ ভিতৰত ৪০.৫৯ কোটি টকা খৰচ কৰা হৈছে৷

আনহাতে, ৰাজ্যৰ বাহিৰৰ সংবাদ মাধ্যমত ২০১৮ চনৰ ১ ডিচেম্বৰৰ পৰা ২০১৯ চনৰ ৩১ মাৰ্চলৈ ১৯.১৬ কোটি, ১ এপ্ৰিলৰ পৰা ২০২০ চনৰ ৩১ মাৰ্চলৈ ২১.৫৯ কোটি, সেই বৰ্ষৰে ১ এপ্ৰিলত ৩২.০৪ কোটি, বিগত বৰ্ষৰ ১০ এপ্ৰিলৰ পৰা চলিত বছৰৰ ১১ মাৰ্চলৈকে ১৬.৬৩ কোটি টকা বিজ্ঞাপনত ব্যয় কৰা হৈছে৷

উল্লেখযোগ্য যে, ইয়াৰ পূৰ্বে, আৰটিআই তথ্যমতে, উত্তৰ প্ৰদেশৰ যোগী চৰকাৰে কেৱল টিভি চেনেলত বিজ্ঞাপন হিচাপে ২০২০ চনৰ মাৰ্চৰ পৰা চলিত বৰ্ষৰ এপ্ৰিললৈ ১৬০ কোটি টকাতকৈয়ো অধিক ধন ব্যয় কৰিছে। যোগী চৰকাৰে ৰাষ্ট্ৰীয় টিভি নিউজ চেনেলসমূহক ৮৮.৬৮ কোটি টকা আৰু আঞ্চলিক টিভি নিউজ চেনেলসমূহক ৭১.৬৩ কোটি টকাৰ বিজ্ঞাপন দিছিল।

বিবিচিৰ এক প্ৰতিবেদন অনুসৰি, মোদী চৰকাৰেও ২০১৪ চনৰ পৰা বিজ্ঞাপনৰ বাবে ৫,৭৪৯ কোটি টকা ব্যয় কৰিছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
এইবাৰ ১০ হাজাৰ শিল্পীক লৈ বাগৰুম্বা প্ৰদৰ্শনৰ প্ৰস্তুতি চৰকাৰৰ
ইৰানত ব্যাপক ধ্বংসলীলা
ৰিক্সা চলাই পঢ়ুৱাইছিল কন্যাক, চাকৰিৰ বাবে লণ্ডনলৈ যাওতে বিমান দুৰ্ঘটনাত মৃত্যু পায়েলৰ
নগাঁও আৰক্ষীৰ জালত দুৰ্ধৰ্ষ বাইক চোৰ নবী হুছেইন
পাকিস্তানক ধনী কৰিবলৈ চেষ্টা বিশ্ব বেংক, আইএমএফ আৰু আইএফচিৰ! জানক কাৰণ
প্ৰেমৰ মায়াজালেৰে লুটপাত চলোৱা এগৰাকী সুন্দৰী বোৱাৰী
কেনে আছে অসমৰ ৰুক্মিণী বৰুৱা ? আহমেদাবাদত ভয়ংকৰ বিমান দুৰ্ঘটনা পতিত অসমৰ যুৱতী
পঞ্জাৱত মৃত্যু অসমৰ যুৱকৰ
'খাদ্য নাই, পানী নাই, শান্তি নাই'-গাজাত ইজৰাইলী আক্রমণত সন্তানক হেৰুওৱা মাতৃৰ চিৎকাৰ
'মোদীৰ দৰে মিছলীয়া প্ৰাধানমন্ত্ৰী কেতিয়াও দেখা নাই' খৰ্গেৰ মন্তব্য
গাড়ীত উদ্ধাৰ জনপ্ৰিয় ছ'চিয়েল মিডিয়া ইনফ্লুৱেন্সাৰৰ মৃতদেহ
উৰণৰ সময়তেই পুৰি ছাই হ’ল এয়াৰ ইণ্ডিয়াৰ বিমান:শতাধিক যাত্ৰীৰ মৃত্যুৰ আশংকা
গ্ৰীষ্ম-প্ৰৱাহ ; হীট ষ্ট্ৰ'কত ৰাজ্যত দুজনৰ মৃত্যু
কিয় কুখ্যাত সন্ত্ৰাসবাদী লাডেনে পাকিস্তানত নিৰাপদ অনুভৱ কৰিছিল?