--°C
Loading...
Advertisement
Advertisement
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: উপ নিৰ্বাচনত ৰাজ্যৰ দুটাকৈ বিধান সভা সমষ্টিত আম আদমী পাৰ্টিয়ে প্ৰতিদ্বন্দ্বিতা কৰিব। দলৰ ৰাষ্ট্ৰীয় নেতৃত্বই ৭৭ নং বিহালী বিধান সভা সমষ্টিত অনন্ত গগৈ আৰু ৮৮ নং চামগুৰি বিধান সভা সমষ্টিত নুৰুল আমিন চৌধুৰীক প্ৰাৰ্থিত্ব প্ৰদান কৰিছে। ২৫ আক্টোবৰত মনোনয়ন দাখিলৰ অন্তিম দিনটোত আম আদমী পাৰ্টিৰ মনোনীত প্ৰাৰ্থী দুগৰাকীয়ে মনোনয়ন পত্ৰ দাখিল কৰিব।

বৃহস্পতিবাৰে গণেশগুৰিস্থিত আপৰ ৰাজ্যিক কাৰ্যালয়ত অনুষ্ঠিত সংবাদমেলত উত্তৰ পূৰ্বাঞ্চলৰ তত্বাৱধায়ক ৰাজেশ আৰু ৰাজ্যিক সভাপতি মনোজ ধানোৱাৰে সমষ্টি দুটাৰ বাবে দলীয় প্ৰাৰ্থীৰ নাম ঘোষণা কৰে৷

ৰাষ্ট্ৰীয় নেতা ৰাজেশ শৰ্মাই কয় যে অসমত দুৰ্নীতিমুক্ত প্ৰশাসন, উন্নয়নমূলক কামৰ প্ৰতিশ্ৰুতিৰে আপে নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰিব। দুয়োটা সমষ্টিতে দলীয় কৰ্মী-সমৰ্থক সকলৰ উপৰি সৰ্বস্তৰৰ ৰাইজৰ পৰা অকুণ্ঠ সমৰ্থন আৰু সহযোগিতা কামনা কৰিছে লেতাগৰাকীয়ে৷

সংবাদমেলত ৰাজ্যিক সভাপতি মনোজ ধানোৱাৰে দলৰ প্ৰতিগৰাকী স্বেচ্ছাসেৱকক বিহালীত অনন্ত গগৈ আৰু চামগুৰিত নুৰুল আমিন চৌধুৰীক  জয়যুক্ত কৰিবৰ বাবে সৰ্বতোপ্ৰকাৰে চেষ্টা কৰি যাবলৈ আহ্বান জনাইছে।

সভাপতিগৰাকীয়ে লগতে কয় এতিয়া উন্নয়ন এজেণ্ডা নহয়, অসমত এতিয়া অন্য ৰাজ্যৰ দৰে পৰিবেশ সৃষ্টি হৈছে। চামগুৰিত নিৰ্বাচনী হিংসাই পৰিৱেশ বেয়া কৰিছে বুলি মত প্ৰকাশ কৰিছে৷
 
সংবাদমেলত কংগ্ৰেছে বিৰোধী ঐক্যবদ্ধ হোৱাটো নিবিচাৰে, কংগ্ৰেছৰ নাটক অসমবাসী ৰাইজে বুজিছে বুলি মন্তব্য কৰিছে আপৰ নেতা গৰাকীয়ে৷ তেওঁলোকে লোকসভাত যি কৰিছিল এতিয়াও সেইয়া কৰিছে বুলি অভিযোগ উত্থাপন কৰি, আম আদমি পাৰ্টিয়ে কংগ্ৰেছক বাদ দি বাকী বিৰোধী দলৰ সৈতে একেখন মঞ্চত কাম কৰিবলৈ আগ্ৰহী বুলি মত প্ৰকাশ কৰিছে আপ নেতৃবৰ্গই৷
FOLLOW US F
POPULAR
FEATURE
TRENDY
এইবাৰ ১০ হাজাৰ শিল্পীক লৈ বাগৰুম্বা প্ৰদৰ্শনৰ প্ৰস্তুতি চৰকাৰৰ
ইৰানত ব্যাপক ধ্বংসলীলা
ৰিক্সা চলাই পঢ়ুৱাইছিল কন্যাক, চাকৰিৰ বাবে লণ্ডনলৈ যাওতে বিমান দুৰ্ঘটনাত মৃত্যু পায়েলৰ
নগাঁও আৰক্ষীৰ জালত দুৰ্ধৰ্ষ বাইক চোৰ নবী হুছেইন
পাকিস্তানক ধনী কৰিবলৈ চেষ্টা বিশ্ব বেংক, আইএমএফ আৰু আইএফচিৰ! জানক কাৰণ
প্ৰেমৰ মায়াজালেৰে লুটপাত চলোৱা এগৰাকী সুন্দৰী বোৱাৰী
কেনে আছে অসমৰ ৰুক্মিণী বৰুৱা ? আহমেদাবাদত ভয়ংকৰ বিমান দুৰ্ঘটনা পতিত অসমৰ যুৱতী
পঞ্জাৱত মৃত্যু অসমৰ যুৱকৰ
'খাদ্য নাই, পানী নাই, শান্তি নাই'-গাজাত ইজৰাইলী আক্রমণত সন্তানক হেৰুওৱা মাতৃৰ চিৎকাৰ
'মোদীৰ দৰে মিছলীয়া প্ৰাধানমন্ত্ৰী কেতিয়াও দেখা নাই' খৰ্গেৰ মন্তব্য
গাড়ীত উদ্ধাৰ জনপ্ৰিয় ছ'চিয়েল মিডিয়া ইনফ্লুৱেন্সাৰৰ মৃতদেহ
উৰণৰ সময়তেই পুৰি ছাই হ’ল এয়াৰ ইণ্ডিয়াৰ বিমান:শতাধিক যাত্ৰীৰ মৃত্যুৰ আশংকা
গ্ৰীষ্ম-প্ৰৱাহ ; হীট ষ্ট্ৰ'কত ৰাজ্যত দুজনৰ মৃত্যু
কিয় কুখ্যাত সন্ত্ৰাসবাদী লাডেনে পাকিস্তানত নিৰাপদ অনুভৱ কৰিছিল?