ডিজিটেল ডেস্কঃ বিয়া চলি আছে৷ বিবাহ অনুষ্ঠানটোত অতিথিসকলক চিকেন বিৰিয়ানী প্ৰদান কৰা হয়। কিন্তু ‘লেগ পিচ’ কিয় দিয়া হোৱা নাই, সেই অজুহাত লৈয়েই দৰা দলে কইনাৰ দলৰ লগত প্ৰচণ্ড কাজিয়া কৰিবলৈ ধৰিলে। কাজিয়াৰ পৰা আৰম্ভ হৈ যুদ্ধৰ পৰ্যায়ত উপনীত হয়। অতিথিসকলেও ইজনে সিজনক চৰ ঘুচা মাৰিবলৈ ধৰিলে। উত্তৰ প্ৰদেশৰ বাৰেলীৰ নবাবগঞ্জত সংঘটিত হৈছে এই ঘটনা।
সোমবাৰে বিয়লি এক্স (পূৰ্বৰ টুইটাৰ) হেণ্ডেলত ভাইৰেল হৈ পৰে এটা ভিডিঅ’। অৱশ্যে প্ৰাগ ডিজিটেলে এই ভিডিঅ'টোৰ সত্যতা পৰীক্ষা কৰা নাই। ভিডিঅ’টোত দেখা গৈছে যে বিবাহ অনুষ্ঠানত উপস্থিত থকা অতিথিসকলৰ মাজত কাজিয়া হৈছে। ঘটনাস্থলীত উপস্থিত মহিলাসকল আতংকিত হৈ আঁতৰি গৈছে। জানিব পৰা মতে উত্তৰ প্ৰদেশৰ এটা বিবাহ গৃহত সংঘটিত হৈছে এই ঘটনা।
দৰাঘৰৰ আলহীসকল খাবলৈ বহিল আৰু তেওঁলোকক চিকেন বিৰিয়ানী দিয়া হ’ল। কিন্তু বিৰিয়ানী খাই থাকোঁতে আলহী কেইজনমানে কিয় লেগ পিচ সকলোৰে ভাগত নপৰিলে বুলি অশান্তি কৰিবলৈ ধৰিলে। কইনাঘৰৰ হৈ উপস্থিত থকা অতিথিসকলে উলোটাই ঠাট্টা-মস্কৰা কৰে। লগে লগে দুয়োপক্ষৰ নিমন্ত্ৰিত অতিথিৰ মাজত কাজিয়া আৰম্ভ হয়।
ছ’চিয়েল মিডিয়াত ভাইৰেল হোৱা ভিডিঅ’টোত অতিথিসকলে ইজনে সিজনৰ ওপৰত হাত দিয়া দেখা গৈছে। আনকি এজন ব্যক্তিক চকী দলিয়াই প্ৰহাৰ কৰা দেখা গৈছে। অলপ ‘লেগ পিচ’ৰ বাবে হোৱা সকলো হুলস্থুল দেখি দৰা বহি পৰিল। অসুবিধা বন্ধ নহ’লে বিয়া হ’ব বুলিও ক’লে। দৰাৰ কথা শুনাৰ পাছত পৰিবেশ শান্ত হৈ পৰিল।