--°C
Loading...
Advertisement
Advertisement
Listen to Article
2 min read
80%

গুৱাহাটী: কংগ্ৰেছৰ শাসনৰ সময়তো যোগান মন্ত্ৰীয়ে দিয়া আশ্বাসৰ বাহিৰে আৰ্থিক দিশটোত কোনো লাভাম্বিত নহ’ল কৃষকসকল৷ বজাৰ মূল্যৰ প্ৰায় ৫০শতাংশতকৈ কমকৈ মূল্য লাভ কৰে উৎপাদনকাৰীয়ে৷ মধ্যভোগীৰ গৰাহত প্ৰকৃত খেতিয়কসকলে লাভ কৰিবলৈ সক্ষম নহয় উৎপাদিত সামগ্ৰীৰ প্ৰকৃত মূল্য৷ পূৰ্বৰ বিজেপি চৰকাৰৰ দিনতো দামবৃদ্ধিয়ে জুৰুলা কৰাৰ পাছতো যোগান মন্ত্ৰী ফণীভূষণ চৌধুৰীৰ নেতৃত্বত সাধাৰণ কৃষকৰ হাতলৈ উচিত মূল্য যোৱা নাছিল৷ যাৰ বাবে কঠোৰ পৰিশ্ৰমৰ পাছতো লাভাম্বিত নোহোৱা কৃষকে হতাশাৰে দিন পাৰ কৰিব লগা হৈছে৷

ইয়াৰ পাছতো বৰ্তমান প্ৰায়ে বৃদ্ধি হোৱা শাক-পাচলিৰ মূল্যৰ মাত্ৰ ১০শতাংশহে সাধাৰণ কৃষকে লাভ কৰিবলৈ সক্ষম হয়৷ অসমৰ বিশেষকৈ শাক-পাচলি উৎপাদন প্ৰধান অঞ্চল খাৰুপেটীয়া, ধিং আদিত কৃষকৰ পৰা অতি কম মূল্যতে সামগ্ৰী ক্ৰয় কৰি এচাম মধ্যভোগীয়ে কৃষকৰ পাবলগীয় মুনাফা আদায় কৰি আছে৷ যাৰ বাবে বজাৰত চৰা দামত সামগ্ৰী ক্ৰয় কৰিলেও সাধাৰণ খেতিয়কৰ অৱস্থা পূৰ্বৰ দৰেই থকা পৰিলক্ষিত হয়৷

মূল্যবৃদ্ধি বৰ্তমান সাধাৰণ লোকৰ বাবে এক বোজা হৈ পৰিছে৷ দিনে-নিশাই কঁকালৰ ঘাম মাটিত পেলাই দিনটোৰ ভাতমুঠি যোগাৰ কৰা সাধাৰণ কৃষকজনে লাভ কৰিছেনে উচিত মূল্য? ইখনৰ পাছত সিখনকৈ সলনি হোৱা চৰকাৰে দিয়া আশ্বাসৰ বাহিৰে সমাধানৰ পথ বিছাৰি উলিওৱাত সক্ষম হোৱা নাই৷ যাৰ বাবে মূল্যবৃদ্ধি হ’লেও লাভাম্বিত হোৱা নাই সাধাৰণ কৃষকসকল৷

অৱশ্যে বৰ্তমান চৰকাৰৰ যোগান বিভাগৰ দায়িত্বত থকা মন্ত্ৰী ৰঞ্জিত কুমাৰ দাসে শেহতীয়াকৈ এক সংবাদমেলৰ জৰিয়তে মধ্যভোগীক নিয়ন্ত্ৰণ কৰাৰ প্ৰচেষ্টা হাতত লোৱাৰ কথা প্ৰকাশ কৰে যদিও সেয়া কিমান ফলপ্ৰসু হয়, সেয়া পৰৱৰ্তী সময়তহে পৰিলক্ষিত হ’ব৷ খেতিয়কৰ ফচলৰ উচিত মূল্যত যাতে মধ্যভোগীৰ হাত নপৰে তাৰ ওপৰত বিশেষ ব্যৱস্থা লোৱাৰ আশ্বাস প্ৰদান কৰে৷

FOLLOW US F
POPULAR
FEATURE
TRENDY
এইবাৰ ১০ হাজাৰ শিল্পীক লৈ বাগৰুম্বা প্ৰদৰ্শনৰ প্ৰস্তুতি চৰকাৰৰ
ইৰানত ব্যাপক ধ্বংসলীলা
ৰিক্সা চলাই পঢ়ুৱাইছিল কন্যাক, চাকৰিৰ বাবে লণ্ডনলৈ যাওতে বিমান দুৰ্ঘটনাত মৃত্যু পায়েলৰ
নগাঁও আৰক্ষীৰ জালত দুৰ্ধৰ্ষ বাইক চোৰ নবী হুছেইন
পাকিস্তানক ধনী কৰিবলৈ চেষ্টা বিশ্ব বেংক, আইএমএফ আৰু আইএফচিৰ! জানক কাৰণ
প্ৰেমৰ মায়াজালেৰে লুটপাত চলোৱা এগৰাকী সুন্দৰী বোৱাৰী
কেনে আছে অসমৰ ৰুক্মিণী বৰুৱা ? আহমেদাবাদত ভয়ংকৰ বিমান দুৰ্ঘটনা পতিত অসমৰ যুৱতী
পঞ্জাৱত মৃত্যু অসমৰ যুৱকৰ
'খাদ্য নাই, পানী নাই, শান্তি নাই'-গাজাত ইজৰাইলী আক্রমণত সন্তানক হেৰুওৱা মাতৃৰ চিৎকাৰ
'মোদীৰ দৰে মিছলীয়া প্ৰাধানমন্ত্ৰী কেতিয়াও দেখা নাই' খৰ্গেৰ মন্তব্য
গাড়ীত উদ্ধাৰ জনপ্ৰিয় ছ'চিয়েল মিডিয়া ইনফ্লুৱেন্সাৰৰ মৃতদেহ
উৰণৰ সময়তেই পুৰি ছাই হ’ল এয়াৰ ইণ্ডিয়াৰ বিমান:শতাধিক যাত্ৰীৰ মৃত্যুৰ আশংকা
গ্ৰীষ্ম-প্ৰৱাহ ; হীট ষ্ট্ৰ'কত ৰাজ্যত দুজনৰ মৃত্যু
কিয় কুখ্যাত সন্ত্ৰাসবাদী লাডেনে পাকিস্তানত নিৰাপদ অনুভৱ কৰিছিল?