--°C
Loading...
Advertisement
Advertisement
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: ভাৰতীয় জনতা পাৰ্টিয়ে হাৰিয়ানাত বৃহৎ জয়েৰে ৰাজ্যখনত তৃতীয়বাৰলৈ প্ৰত্যাৱৰ্তন ঘটাইছে৷ ইয়াৰ লগে লগে কংগ্ৰেছৰ জয়ৰ সম্ভাৱনাক ধূলিস্যাৎ কৰি এগজিট প’লক ভুল প্ৰমাণিত কৰে৷ নিৰ্দলীয় ভাৱে বিজয়ী হোৱা দুগৰাকী প্ৰাৰ্থীয়ে বিজেপিত যোগদানে বিজেপৰি শক্তি আৰু সমৃদ্ধ কৰে৷

৮ অক্টোবৰত হাৰিয়ানা বিধানসভা নিৰ্বাচনৰ ভোট গণনাত প্ৰাৰম্ভিক পৰ্যায়ৰ পৰাই বিজেপি আগবাঢ়ি থকাত বিজেপিৰ সমৰ্থকসকলে আগতীয়াকৈ জেলেপী বিতৰণ কৰি বিজয় উদযাপন কৰা পৰিলক্ষিত হয়৷ বিজেপিয়ে জয়লাভ কৰা লগে লগে। বিজেপি কৰ্মীসকলে কংগ্ৰেছক উপলুঙা কৰি এই মিঠাই ব্যৱহাৰ কৰা দেখা গ’ল। ছ’চিয়েল মিডিয়াত ‘জেলেপী’ শব্দটো জনপ্ৰিয় হৈ পৰে৷

বিজেপিৰ এই বৃহৎ জয় উদযাপন কৰি একাংশ নেতাই জেলেপী খাই ফটো পোষ্ট কৰাৰ বিপৰীতে আন একাংশই জেলেপি প্ৰস্তুত কৰিবলৈ চেষ্টা কৰাও পৰিলক্ষিত হ’ল। অসমতো বিজেপিৰ সমৰ্থক সকলৰ মাজত একেই আনন্দ উৎসাহ পৰিলক্ষিত হয়৷ অসমত বিজেপিৰ এজন সদস্যই জেলেপীৰ টুপোলা লৈ লক্ষিমপুৰৰ কংগ্ৰেছৰ কাৰ্যালয়লৈ যাত্ৰা কাৰ এটা ভিডিঅ’ ভাইৰেল হৈ পৰিছে৷

একে সময়তে হাৰিয়ানাৰ বিজেপি কৰ্মীয়ে বিৰোধী দলৰ নেতা ৰাহুল গান্ধীৰ দিল্লীৰ বাসগৃহলৈ অনলাইন প্লেটফৰ্মৰ জৰিয়তে ১ কেজি জেলেপী প্ৰেৰণ কৰা তথ্য সম্বলিত এখন স্ক্ৰীণশ্বটত সামাজিক মাধ্যমত ভাইৰেল হৈ পৰিছে৷

উল্লেখযোগ্য যে বিৰেধীৰ এনে বিপৰ্যয়ৰ বাবে তেওঁলোকৰ দলৰ নেতৃত্বৰ দুৰ্বল ভুমিকা তথা কৌশল প্ৰধানত দায়ী৷ ইয়াৰোপৰি আপৰ সৈতে বুজাবুজিৰ অভাৱেও কংগ্ৰেছক এনে বিপৰ্যয়ৰ দিশলৈ থেলি দিয়ে৷

FOLLOW US F
POPULAR
FEATURE
TRENDY
এইবাৰ ১০ হাজাৰ শিল্পীক লৈ বাগৰুম্বা প্ৰদৰ্শনৰ প্ৰস্তুতি চৰকাৰৰ
ইৰানত ব্যাপক ধ্বংসলীলা
ৰিক্সা চলাই পঢ়ুৱাইছিল কন্যাক, চাকৰিৰ বাবে লণ্ডনলৈ যাওতে বিমান দুৰ্ঘটনাত মৃত্যু পায়েলৰ
নগাঁও আৰক্ষীৰ জালত দুৰ্ধৰ্ষ বাইক চোৰ নবী হুছেইন
পাকিস্তানক ধনী কৰিবলৈ চেষ্টা বিশ্ব বেংক, আইএমএফ আৰু আইএফচিৰ! জানক কাৰণ
প্ৰেমৰ মায়াজালেৰে লুটপাত চলোৱা এগৰাকী সুন্দৰী বোৱাৰী
কেনে আছে অসমৰ ৰুক্মিণী বৰুৱা ? আহমেদাবাদত ভয়ংকৰ বিমান দুৰ্ঘটনা পতিত অসমৰ যুৱতী
পঞ্জাৱত মৃত্যু অসমৰ যুৱকৰ
'খাদ্য নাই, পানী নাই, শান্তি নাই'-গাজাত ইজৰাইলী আক্রমণত সন্তানক হেৰুওৱা মাতৃৰ চিৎকাৰ
'মোদীৰ দৰে মিছলীয়া প্ৰাধানমন্ত্ৰী কেতিয়াও দেখা নাই' খৰ্গেৰ মন্তব্য
গাড়ীত উদ্ধাৰ জনপ্ৰিয় ছ'চিয়েল মিডিয়া ইনফ্লুৱেন্সাৰৰ মৃতদেহ
উৰণৰ সময়তেই পুৰি ছাই হ’ল এয়াৰ ইণ্ডিয়াৰ বিমান:শতাধিক যাত্ৰীৰ মৃত্যুৰ আশংকা
গ্ৰীষ্ম-প্ৰৱাহ ; হীট ষ্ট্ৰ'কত ৰাজ্যত দুজনৰ মৃত্যু
কিয় কুখ্যাত সন্ত্ৰাসবাদী লাডেনে পাকিস্তানত নিৰাপদ অনুভৱ কৰিছিল?