--°C
Loading...
Advertisement
Advertisement
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: সংসদৰ শীতকালীন অধিৱেশনত সংবিধান বিতৰ্কৰ সময়ত কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহৰ আম্বেদকাৰ-মন্তব্যক লৈ সংসদত চৰকাৰ আৰু বিৰোধীৰ মাজত সংঘাত সংঘৰ্ষৰ সৃষ্টি হৈছে। বৃহস্পতিবাৰে দুয়োটা দলৰ মাজত হোৱা সংঘটত বিজেপিৰ সাংসদ প্ৰতাপ চন্দ্ৰ শৰংগী আহত হয়। 

লোকসভাৰ বিৰোধী দলৰ নেতা ৰাহুল গান্ধীয়ে আঘাত কৰা বুলি অভিযোগ উত্থাপন কৰে ওড়িশাৰ বালেশ্বৰ সাংসদ শৰংগীয়ে। প্ৰাপ্ত খবৰ অনুসৰি শৰংগীৰ মূৰত আঘাতপ্ৰাপ্ত হয়। সতীৰ্থ বিজেপি সাংসদ আৰু লোকসভাৰ কৰ্মীসকলে তেওঁক ধৰি অধিৱেশন কক্ষৰ পৰা উলিয়াই অনাৰ পিছতে ৰাহুলে শৰংগীক দেখা কৰে। ইয়াৰ পিছত আহত সাংসদজনক চিকিৎসালয়লৈ প্ৰেৰণ কৰা হয়।

প্ৰসংগক্ৰমে মঙলবাৰে ৰাজ্যসভাত সংবিধানৰ ৭৫ বছৰীয়া উপলক্ষত বিতৰ্কৰ শেষত ভাষণত অমিত শ্বাহে কয়, এতিয়া  আম্বেদকাৰ, আম্বেদকাৰ, আম্বেদকাৰ, আম্বেদকাৰ...লোৱাটো এটা ফেশ্বন, ইমানবাৰ ঈশ্বৰৰ নাম ল’লে সাতটা জন্মৰ স্বৰ্গ পালেহেঁতেন। অমিত শ্বাহৰ এই বতৰ্কিত মন্তব্যক লৈ সদনৰ পৰিৱেশ উত্তাল হৈ পৰে৷

সংসদ চৌহদত কংগ্ৰেছ তথা ইণ্ডিয়াগোট আৰু বিজেপিৰ সাংসদসকলৰ মাজত হোৱা সংঘটৰ পাছত ৰাজ্যসভাৰ বিৰোধী দলপতি মল্লিকাৰ্জুন খৰ্গে লোকসভাৰ অধ্যক্ষলৈ এখন পত্ৰ লিখি বিজেপিৰ সাংসদে তেওঁৰ প্ৰৱেশত বাধা দিবলৈ চেষ্টা কৰাৰ সময়তে তেওঁক চিৰিৰে ঠেলি দিয়া বুলি অভিযোগ উত্থাপন কৰে। ইফালে আহত বিজেপি সাংসদ দুজনক আৰ এম এল হাস্পতাললৈ লৈ যোৱা হৈছে কাৰণ দলটোৱে ৰাহুল গান্ধীৰ বিৰুদ্ধে বল প্ৰয়োগ আৰু হিংসা কৰাৰ অভিযোগ উত্থাপন কৰি আহিছে।

বিজেপিৰ দুজন সাংসদক লৈ হুলস্থুল আৰু ইণ্ডিয়া গোটৰ আৰু এন ডি এৰ সাংসদৰ মাজত হোৱা সংঘাটৰ পাছত ৰাজ্যসভা আৰু লোকসভা দিনটোৰ বাবে স্থগিত ৰখা হয়। আৰু ২০২৪ চনৰ ২০ ডিচেম্বৰৰ পুৱা ১১ বজাৰ পৰা সংসদৰ পুনৰ কাৰ্যসূচী আৰম্ভ হ’ব বুলি সদৰী কৰে।
FOLLOW US F
POPULAR
FEATURE
TRENDY
এইবাৰ ১০ হাজাৰ শিল্পীক লৈ বাগৰুম্বা প্ৰদৰ্শনৰ প্ৰস্তুতি চৰকাৰৰ
ইৰানত ব্যাপক ধ্বংসলীলা
ৰিক্সা চলাই পঢ়ুৱাইছিল কন্যাক, চাকৰিৰ বাবে লণ্ডনলৈ যাওতে বিমান দুৰ্ঘটনাত মৃত্যু পায়েলৰ
নগাঁও আৰক্ষীৰ জালত দুৰ্ধৰ্ষ বাইক চোৰ নবী হুছেইন
পাকিস্তানক ধনী কৰিবলৈ চেষ্টা বিশ্ব বেংক, আইএমএফ আৰু আইএফচিৰ! জানক কাৰণ
প্ৰেমৰ মায়াজালেৰে লুটপাত চলোৱা এগৰাকী সুন্দৰী বোৱাৰী
কেনে আছে অসমৰ ৰুক্মিণী বৰুৱা ? আহমেদাবাদত ভয়ংকৰ বিমান দুৰ্ঘটনা পতিত অসমৰ যুৱতী
পঞ্জাৱত মৃত্যু অসমৰ যুৱকৰ
'খাদ্য নাই, পানী নাই, শান্তি নাই'-গাজাত ইজৰাইলী আক্রমণত সন্তানক হেৰুওৱা মাতৃৰ চিৎকাৰ
'মোদীৰ দৰে মিছলীয়া প্ৰাধানমন্ত্ৰী কেতিয়াও দেখা নাই' খৰ্গেৰ মন্তব্য
গাড়ীত উদ্ধাৰ জনপ্ৰিয় ছ'চিয়েল মিডিয়া ইনফ্লুৱেন্সাৰৰ মৃতদেহ
উৰণৰ সময়তেই পুৰি ছাই হ’ল এয়াৰ ইণ্ডিয়াৰ বিমান:শতাধিক যাত্ৰীৰ মৃত্যুৰ আশংকা
গ্ৰীষ্ম-প্ৰৱাহ ; হীট ষ্ট্ৰ'কত ৰাজ্যত দুজনৰ মৃত্যু
কিয় কুখ্যাত সন্ত্ৰাসবাদী লাডেনে পাকিস্তানত নিৰাপদ অনুভৱ কৰিছিল?