--°C
Loading...
Advertisement
Advertisement
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: কংগ্ৰেছৰ নৱনিৰ্বাচিত সাংসদ প্ৰিয়ংকা গান্ধীয়ে পেলেষ্টাইনৰ জনসাধাৰণৰ সৈতে সংহতি প্ৰকাশৰ বাবে ‘পেলেষ্টাইন’ লিখা হেণ্ডবেগ লৈ সংসদ ভৱনত উপস্থিত হোৱাৰ পাছতে বিজেপিৰ তীব্ৰ সমালোচনাৰ সন্মুখীন হৈছিল।

এই ঘটানাৰ পাছতে বিজেপিৰ সাংসদ অপৰাজিতা সাৰংগীয়ে ১৯৮৪ চন লিখা বেগ এটা লৈ সংসদ ভৱনত উপস্থিত হৈছিল। ১৯৮৪ চনৰ অপাৰেচন ব্লোষ্টাৰ স্মৃতিৰ ফটো সম্বলিত এই বেগটো তেওঁ প্ৰিয়ংকা গান্ধীক উপহাৰ দিয়াৰ পছতে এই লৈ চৰ্চিত হৈছে৷

কংগ্ৰেছৰ সাধাৰণ সম্পাদক তথা সাংসদ প্ৰিয়ংকা গান্ধীয়ে পেলেষ্টাইনৰ জনসাধাৰণৰ সৈতে সংহতি প্ৰকাশৰ বাবে ‘পেলেষ্টাইন’ লিখা হেণ্ডবেগ লৈ সংসদ ভৱনত উপস্থিত হয়। ইয়াৰ পিছতে বাংলাদেশৰ হিন্দুসকলক সমৰ্থন কৰা বেগ লৈ সাংসগৰকী সংসদত উপস্থিত হয়। প্ৰিয়ংকা গান্ধীক  ‘১৯৮৪’ লিখা বেগ এটা উপহাৰ দি বিজেপিৰ মহিলা সাংসদ অপৰাজিতা সাৰংগীয়ে কয় যে তেওঁ সংসদলৈ নতুন নতুন বেগ আনে, সেয়ে তেওঁক বেগ উপহাৰ দিয়াৰ কথা ভাবিলোঁ।

১৬ ডিচেম্বৰত প্ৰিয়ংকা গান্ধীয়ে সংসদ ভৱনত কান্ধত ‘পেলেষ্টাইন’ লিখা বেগ এটা লৈউপস্থিত হোৱাৰ পাছত। বাংলাদেশত হিন্দুসকলৰ ওপৰত চলি থকা অত্যাচাৰ সন্দৰ্ভত মৌন হৈ থকাৰ বাবে অনুৰাগ ঠাকুৰে প্ৰিয়ংকা গান্ধীক লক্ষ্য কৰি লৈছিল। পিছদিনা প্ৰিয়ংকাই “বাংলাদেশৰ হিন্দু আৰু খ্ৰীষ্টানসকলৰ লগত থিয় দিব লাগে।” লিখা এটা বেগ লৈ সংসদত উপস্থিত হৈছিল।

সংসদত বাংলাদেশৰ বিষয়টো উত্থাপন কৰাৰ সময়তো প্ৰিয়ংকা গান্ধীয়ে বাংলাদেশত হিন্দু, খ্ৰীষ্টান আৰু সংখ্যালঘুৰ বিৰুদ্ধে অত্যাচাৰ চলি আছে আৰু ইয়াৰ বিৰুদ্ধে চৰকাৰক মাত মাতিবলৈ আহ্বান জনাইছিল।
FOLLOW US F
POPULAR
FEATURE
TRENDY
এইবাৰ ১০ হাজাৰ শিল্পীক লৈ বাগৰুম্বা প্ৰদৰ্শনৰ প্ৰস্তুতি চৰকাৰৰ
ইৰানত ব্যাপক ধ্বংসলীলা
ৰিক্সা চলাই পঢ়ুৱাইছিল কন্যাক, চাকৰিৰ বাবে লণ্ডনলৈ যাওতে বিমান দুৰ্ঘটনাত মৃত্যু পায়েলৰ
নগাঁও আৰক্ষীৰ জালত দুৰ্ধৰ্ষ বাইক চোৰ নবী হুছেইন
পাকিস্তানক ধনী কৰিবলৈ চেষ্টা বিশ্ব বেংক, আইএমএফ আৰু আইএফচিৰ! জানক কাৰণ
প্ৰেমৰ মায়াজালেৰে লুটপাত চলোৱা এগৰাকী সুন্দৰী বোৱাৰী
কেনে আছে অসমৰ ৰুক্মিণী বৰুৱা ? আহমেদাবাদত ভয়ংকৰ বিমান দুৰ্ঘটনা পতিত অসমৰ যুৱতী
পঞ্জাৱত মৃত্যু অসমৰ যুৱকৰ
'খাদ্য নাই, পানী নাই, শান্তি নাই'-গাজাত ইজৰাইলী আক্রমণত সন্তানক হেৰুওৱা মাতৃৰ চিৎকাৰ
'মোদীৰ দৰে মিছলীয়া প্ৰাধানমন্ত্ৰী কেতিয়াও দেখা নাই' খৰ্গেৰ মন্তব্য
গাড়ীত উদ্ধাৰ জনপ্ৰিয় ছ'চিয়েল মিডিয়া ইনফ্লুৱেন্সাৰৰ মৃতদেহ
উৰণৰ সময়তেই পুৰি ছাই হ’ল এয়াৰ ইণ্ডিয়াৰ বিমান:শতাধিক যাত্ৰীৰ মৃত্যুৰ আশংকা
গ্ৰীষ্ম-প্ৰৱাহ ; হীট ষ্ট্ৰ'কত ৰাজ্যত দুজনৰ মৃত্যু
কিয় কুখ্যাত সন্ত্ৰাসবাদী লাডেনে পাকিস্তানত নিৰাপদ অনুভৱ কৰিছিল?