ডিজিটেল ডেস্ক: নৰেন্দ্ৰ মোদী নেতৃত্বাধীন কেন্দ্ৰীয় চৰকাৰৰ নৱম বৰ্ষপূৰ্তিত বিজেপিলৈ ৯টা প্ৰশ্ন আগবঢ়াইছে ভাৰতীয় জাতীয় কংগ্ৰেছে৷ নৱম বৰ্ষপূৰ্তি উপলক্ষে দলটোক সমালোচনাৰে থকা-সৰকা কৰিছে কংগ্ৰেছে৷
মোদী চৰকাৰৰ ৯টা বছৰক ব্যৰ্থতা আৰু দুৰ্দশাৰ বছৰ বুলি অভিহিত কৰিছে কংগ্ৰেছে৷ বিজেপিৰ বিৰুদ্ধে এই অভিযোগেৰে কংগ্ৰেছে প্ৰকাশ কৰিলে বিশেষ পুস্তিকা।
দেশত মূল্যবৃদ্ধি আৰু নিবনুৱা সমস্যাই কিয় ধাৰণ কৰিছে ভয়াৱহ ৰূপ? মোদী চৰকাৰলৈ এই প্ৰশ্ন কংগ্ৰেছৰ। দেশত ধনীক শ্ৰেণী নিতৌ ধনী হৈ গৈ আছে, বিপৰীতে দুখীয়া আৰু অধিক দুখীয়া হৈছে কিয়? কিয় দেশৰ সম্পত্তি এপদ এপদকৈ বিক্ৰী কৰিছে মোদী চৰকাৰে?
কৃষকৰ আয় বিগত ৯ বৰ্ষত বিজেপিয়ে দিয়া প্ৰতিশ্ৰুতি অনুসৰি দুগুণলৈ কিয় বৃদ্ধি নহ’ল? বিজেপিলৈ এনেদৰে ইটোৰ পাছত সিটো প্ৰশ্নবাণ নিক্ষেপ কৰিছে কংগ্ৰেছে। দেশৰ আভ্যন্তৰীণ নিৰাপত্তাক লৈয়ো প্ৰশ্ন তুলিলে কংগ্ৰেছে। চীনৰ অভ্যন্তৰত প্ৰৱেশ কৰাৰ পাছতো কিয় সেই কথা অস্বীকাৰ কৰি আহিছে মোদী চৰকাৰে।
চৰকাৰলৈ এই প্ৰশ্ন দেশৰ প্ৰধান বিৰোধী দল কংগ্ৰেছৰ। বিজেপিৰ ৯ বছৰীয়া শাসনকালত দেশত বৃদ্ধি পাইছে ঘৃণা আৰু বিদ্বেষৰ বাতাবৰণ। দেশৰ জনতাৰ মাজত ধৰ্মীয় মেৰুকৰণেৰে বিভাজন ঘটাই বিজেপিয়ে কৰিছে নিকৃষ্ট ৰাজনীতি। বিজেপিৰ বিৰুদ্ধে এই গুৰুতৰ অভিযোগ কংগ্ৰেছৰ।
প্ৰধানমন্ত্ৰী মোদীক নিদ্ৰাৰ পৰা সাৰ পোৱাৰ আহ্বান দলটোৰ। নৱম বৰ্ষপূৰ্তিৰ দিনটোক ক্ষমাৰ দিৱস হিচাপে পালন কৰিব লাগে বিজেপিয়ে। দেশবাসীক এই দিনটোত প্ৰতিশ্ৰুতি পূৰণত ব্যৰ্থ হোৱাৰ বাবে ক্ষমা খুজিব লাগে দলটোৱে। বিজেপিক এই আহ্বান কংগ্ৰেছৰ। আজি সংবাদমেল সম্বোধন কৰি এইদৰে জ্যেষ্ঠ নেতা জয়ৰাম ৰমেশ, সুপ্ৰিয়া শ্ৰীনাট, পৱন খেৰা আক্ৰমণাত্মক হৈ পৰে কংগ্ৰেছৰ বিৰুদ্ধে।