--°C
Loading...
Advertisement
Advertisement
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: কংগ্ৰেছ নেত্ৰী তথা ৱায়নাদৰ সাংসদ প্ৰিয়ংকা গান্ধী আৰু বিজেপিৰ মাজত এক নতুন বিতৰ্কৰ সূচনা হৈছে। প্ৰিয়ংকা গান্ধীয়ে সংসদ ভৱনলৈ আহোতে পেলেষ্টাইনৰ প্ৰতিক খুদিত এটা বেগ লৈ আহিছিল৷ পেলেষ্টাইনীসকলৰ মাজত প্ৰতিবাদ আৰু সংহতিৰ প্ৰতীক খুদিত বেগ লৈ অহা এই কাৰ্যক বিজেপিয়ে সমালোচনা কৰি তেওঁৰ তুষ্টিকৰণ নীতি অৱলম্বন কৰা বুলি অভিহিত কৰে।

বিজেপিৰ সাংসদ সম্বিত পাত্ৰই প্ৰিয়ংকা গান্ধীক লক্ষ্য কৰি কয় যে গান্ধী পৰিয়ালে তুষ্টিকৰণৰ মোনা কঢ়িয়াই লৈ ফুৰিছে।আৰু এই তুষ্টিকৰণৰ বাবেই কংগ্ৰেছে নিৰ্বাচনত পৰাস্ত হৈছে। 

প্ৰিয়ংকা গান্ধীক লক্ষ্য কৰি বিজেপিয়ে প্ৰশ্ন উত্থাপন কৰে যে কংগ্ৰেছৰ সাংসদগৰাকীয়ে কি বাৰ্তা দিব বিচাৰে। সাংসদ গৰাকীয়ে পেলেষ্টাইনৰ সৈতে সংহতি প্ৰদৰ্শন কৰিছে কিন্তু চুবুৰীয়া ৰাষ্ট্ৰ বাংলাদেশত হিন্দুসকলৰ ওপৰত চলি থকা অত্যাচাৰৰ বিষয়ে তেওঁ একো মাত দিয়া নাছিল। তেওঁৰ মুছলমান তুষ্টিকৰণ নীতিয়ে কংগ্ৰেছক নতুন মুছলিম লীগলৈ পৰিণত কৰিছে বুলি সমালোচনাত মুখৰ হৈ পৰিছে বিজেপি।

সংসদত কংগ্ৰেছ সাংসদ প্ৰিয়ংকা গান্ধী ভাদ্ৰাৰ সমৰ্থন-পেলেষ্টাইন বেগক লৈ আক্ৰমণৰ সন্মুখীন হৈছে বিজেপি। প্ৰিয়ংকাৰ এই কাৰ্যক বিজেপিয়ে মুছলমান তুষ্টিকৰণৰ ৰাজনীতি বুলি অভিহিত কৰে। প্ৰিয়ংকা গান্ধীক লক্ষ্য কৰি বিজেপিয়ে প্ৰশ্ন উত্থাপন কৰে যে কংগ্ৰেছৰ সাংসদগৰাকীয়ে কি বাৰ্তা দিব বিচাৰে। আজি তাই পেলেষ্টাইনৰ সৈতে সংহতি দেখুৱাইছে যদিও চুবুৰীয়া বাংলাদেশত হিন্দুসকলৰ ওপৰত চলি থকা অত্যাচাৰৰ বিষয়ে তাই একো কোৱা নাছিল। তেওঁৰ মুছলমান তুষ্টিকৰণ নীতিৰ বাবে কংগ্ৰেছ নতুন মুছলিম লীগলৈ পৰিণত হৈছে।

বিজেপিৰ সমালোচনা প্ৰত্যুত্তৰ দি প্ৰিয়ংকা গান্ধীয়ে কয় যে এই সমালোচনা হৈছে পিতৃতন্ত্ৰৰ ধ্বজাবাহক য’ত তেওঁক কি পিন্ধিব আৰু কি পিন্ধিব নালাগে কোৱা হৈছে। তেওঁ কয় যে ‘মই পিতৃতন্ত্ৰক সমৰ্থন নকৰে। মই যি বিচাৰো পিন্ধিম।’

বিজেপিৰ আই টি চেলৰ মুৰব্বী অমিত মালৱিয়াই প্ৰিয়ংকাক গান্ধীক ৰাহুল গান্ধীতকৈও ডাঙৰ দুৰ্যোগ বুলি অভিহিত কৰাৰ লগতে কংগ্ৰেছক নতুন মুছলিম লীগ আখ্যা দিয়ে।
FOLLOW US F
POPULAR
FEATURE
TRENDY
এইবাৰ ১০ হাজাৰ শিল্পীক লৈ বাগৰুম্বা প্ৰদৰ্শনৰ প্ৰস্তুতি চৰকাৰৰ
ইৰানত ব্যাপক ধ্বংসলীলা
ৰিক্সা চলাই পঢ়ুৱাইছিল কন্যাক, চাকৰিৰ বাবে লণ্ডনলৈ যাওতে বিমান দুৰ্ঘটনাত মৃত্যু পায়েলৰ
নগাঁও আৰক্ষীৰ জালত দুৰ্ধৰ্ষ বাইক চোৰ নবী হুছেইন
পাকিস্তানক ধনী কৰিবলৈ চেষ্টা বিশ্ব বেংক, আইএমএফ আৰু আইএফচিৰ! জানক কাৰণ
প্ৰেমৰ মায়াজালেৰে লুটপাত চলোৱা এগৰাকী সুন্দৰী বোৱাৰী
কেনে আছে অসমৰ ৰুক্মিণী বৰুৱা ? আহমেদাবাদত ভয়ংকৰ বিমান দুৰ্ঘটনা পতিত অসমৰ যুৱতী
পঞ্জাৱত মৃত্যু অসমৰ যুৱকৰ
'খাদ্য নাই, পানী নাই, শান্তি নাই'-গাজাত ইজৰাইলী আক্রমণত সন্তানক হেৰুওৱা মাতৃৰ চিৎকাৰ
'মোদীৰ দৰে মিছলীয়া প্ৰাধানমন্ত্ৰী কেতিয়াও দেখা নাই' খৰ্গেৰ মন্তব্য
গাড়ীত উদ্ধাৰ জনপ্ৰিয় ছ'চিয়েল মিডিয়া ইনফ্লুৱেন্সাৰৰ মৃতদেহ
উৰণৰ সময়তেই পুৰি ছাই হ’ল এয়াৰ ইণ্ডিয়াৰ বিমান:শতাধিক যাত্ৰীৰ মৃত্যুৰ আশংকা
গ্ৰীষ্ম-প্ৰৱাহ ; হীট ষ্ট্ৰ'কত ৰাজ্যত দুজনৰ মৃত্যু
কিয় কুখ্যাত সন্ত্ৰাসবাদী লাডেনে পাকিস্তানত নিৰাপদ অনুভৱ কৰিছিল?