--°C
Loading...
Advertisement
Advertisement
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: সমগ্ৰ দেশজুৰি চলি আছে ভাৰতীয় জনতা দলৰ সদস্যপদ অভিযান৷ সদস্য পদ অভিযানৰ আৰম্ভণী অনুষ্ঠানত প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে নিজৰ সদস্য পদ নৱীকৰণ কৰি ‘এই অভিযান দলটোৰ সদস্য সংখ্যা বৃদ্ধি কৰা মূল লক্ষ্য নহয়, এই অভিযানত দলৰ মতাদৰ্শগত আৱেগ নিহিত আছে’ বুলি মন্তব্য প্ৰদান কৰিছিল৷সম্প্ৰতি ছেপ্টেম্বৰ মাহৰ প্ৰথম সপ্তাহত আৰম্ভ হোৱা এই অভিযানৰ অধীনত সদস্য যোগদান প্ৰক্ৰিয়াত বল প্ৰয়োগ কৰাৰ খবৰ পোহৰলৈ আহিছে৷

মধ্যপ্ৰদেশৰ ছত্তীসগঢ়ত বিজেপিৰ সদস্য পদ গ্ৰহণ কৰিবলৈ হেঁচা প্ৰয়োগকৰা এক ঘটনা পোহৰলৈ আহিছে৷ প্ৰাপ্ত তথ্য অনুসৰি বিজেপিৰ সদস্য হ’বলৈ অস্বীকাৰ কৰাৰ বাবেই মানৱেন্দ্ৰ সিং যাদৱ নামৰ চালক জনক মাৰধৰ কৰাৰ লগতে ম’বাইল ফোনো কাঢ়ি লৈ যায় বিজেপিৰ কৰ্মীয়ে৷ এন এইছ আইৰ কেমেৰাৰ সহায়ত এই অপৰাধৰ সৈতে জড়িত বিজেপি কৰ্মীসকলক চিহ্নিত কৰিব পৰা যাব বুলি সদৰি কৰিছে৷ এই ঘটনাৰ পাছত ভুক্তভোগী মানৱেন্দ্ৰ সিং যাদৱ নামৰ চালক জনে শংকিত হৈ ঘটনা সন্দৰ্ভত বামিঠা আৰক্ষী থানাত অভিযোগ উত্থাপন কৰিছে। অজ্ঞাত বিজেপিৰ কৰ্মীৰ কেইগৰাকীৰ বিৰুদ্ধে গোচৰ ৰুজু কৰি আৰক্ষীয়ে তদন্ত আৰম্ভ কৰিছে বুলি সদৰি কৰিছে।    

উল্লেখযোগ্য যে ২০২৪ বৰ্ষত ১.৫ কোটি সদস্য বৃদ্ধিৰ লক্ষ্য নিৰ্ধাৰণ কৰিছে বিজেপি দলে৷ সম্প্ৰতি সদস্য যোগদান কৰোৱাৰ নামত সংঘটিত এনে ঘটনাই দলটোৰ নীতি-আদৰ্শগত দিশৰ ওপৰত প্ৰশ্ন উত্থাপন কৰিছে৷
FOLLOW US F
POPULAR
FEATURE
TRENDY
এইবাৰ ১০ হাজাৰ শিল্পীক লৈ বাগৰুম্বা প্ৰদৰ্শনৰ প্ৰস্তুতি চৰকাৰৰ
ইৰানত ব্যাপক ধ্বংসলীলা
ৰিক্সা চলাই পঢ়ুৱাইছিল কন্যাক, চাকৰিৰ বাবে লণ্ডনলৈ যাওতে বিমান দুৰ্ঘটনাত মৃত্যু পায়েলৰ
নগাঁও আৰক্ষীৰ জালত দুৰ্ধৰ্ষ বাইক চোৰ নবী হুছেইন
পাকিস্তানক ধনী কৰিবলৈ চেষ্টা বিশ্ব বেংক, আইএমএফ আৰু আইএফচিৰ! জানক কাৰণ
প্ৰেমৰ মায়াজালেৰে লুটপাত চলোৱা এগৰাকী সুন্দৰী বোৱাৰী
কেনে আছে অসমৰ ৰুক্মিণী বৰুৱা ? আহমেদাবাদত ভয়ংকৰ বিমান দুৰ্ঘটনা পতিত অসমৰ যুৱতী
পঞ্জাৱত মৃত্যু অসমৰ যুৱকৰ
'খাদ্য নাই, পানী নাই, শান্তি নাই'-গাজাত ইজৰাইলী আক্রমণত সন্তানক হেৰুওৱা মাতৃৰ চিৎকাৰ
'মোদীৰ দৰে মিছলীয়া প্ৰাধানমন্ত্ৰী কেতিয়াও দেখা নাই' খৰ্গেৰ মন্তব্য
গাড়ীত উদ্ধাৰ জনপ্ৰিয় ছ'চিয়েল মিডিয়া ইনফ্লুৱেন্সাৰৰ মৃতদেহ
উৰণৰ সময়তেই পুৰি ছাই হ’ল এয়াৰ ইণ্ডিয়াৰ বিমান:শতাধিক যাত্ৰীৰ মৃত্যুৰ আশংকা
গ্ৰীষ্ম-প্ৰৱাহ ; হীট ষ্ট্ৰ'কত ৰাজ্যত দুজনৰ মৃত্যু
কিয় কুখ্যাত সন্ত্ৰাসবাদী লাডেনে পাকিস্তানত নিৰাপদ অনুভৱ কৰিছিল?