--°C
Loading...
Advertisement
Advertisement
Listen to Article
2 min read
80%

গুৱাহাটী : নিৰ্বাচনীৰ দিন চমু চাপি অহাৰ প্ৰাৰ্থিত্বকেন্দ্ৰীক তৎপৰতা বৃদ্ধি পাইছে শাসকীয় দলতো। সোমবাৰে নিশা ৯:৪০ বজাৰ পৰা ১০:৩০ বজালৈকে মুখ্যমন্ত্রীৰ বাসগৃহত মন্ত্রী হিমন্ত বিশ্ব শৰ্মাৰ সৈতে সাংসদ দিলীপ শইকীয়া এখন বৈঠকত মিলিত হয়৷ ইয়াৰ পাছতে নিশা ১১ বজাৰ পৰা ২ বজালৈকে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰী বাসভৱনত আসন বুজাবুজিক লৈ অনুষ্ঠিত হয় আন এখন গুৰুত্বপূৰ্ণ বৈঠক৷

আৰু পঢ়িব পাৰিব : বাঁহীৰ সুৰেৰে মোহাচ্ছন্ন কৰা যশস্বী শিল্পী প্ৰভাত শৰ্মাৰ বিয়োগ…

বৈঠকত উপস্থিত থাকে বিজেপিৰ ৰাষ্ট্ৰীয় সাধাৰণ সম্পাদক তথা সাংসদ দিলীপ শইকীয়া, সাংসদ বিশ্বজিত দৈমাৰী, পীযুষ হাজৰিকা, জয়ন্ত মল্ল বৰুৱা, ফণীন্দ্ৰ শৰ্মা প্ৰমুখ্যে বিজেপিৰ ভালেসংখ্যক শীৰ্ষ নেতা তথা ভালেমান প্ৰাৰ্থীত্বপ্ৰত্যাশী৷

বৈঠকৰ অন্তত দিলীপ শইকীয়াই কয়, "৬০-১৪ বিচাৰিলে নহ'ব। এৰা ধৰাৰ মাজেৰে বিজেপি মিত্ৰজোঁটে আগবাঢ়িব লাগিব৷ যি সমষ্টিত মিত্ৰজোটৰ প্ৰাৰ্থী জয়লাভ হোৱাৰ সম্ভাৱনা থাকে তাত সেই দলৰ প্ৰাৰ্থী দিয়া হ'ব৷" তদুপৰি কমলপুৰ সমষ্টিত এইবাৰ বৃহত্তৰ স্বাৰ্থত অগপই এৰা-ধৰা কৰিব লাগিব বুলি প্ৰকাশ কৰে৷ বিপিএফ বিৰোধী মহাজোঁটৰ আওটালৈ আহিলেও নিৰ্বাচনত কোনো প্ৰভাৱ নপৰে বুলি তেওঁ উল্লেখ কৰে৷

আৰু পঢ়িব পাৰিব : দ্বিতীয়টো দিনত ক’ত ক’ত প্ৰচাৰ চলাব ছোনিয়াৰ তনয়াই ?

উল্লেখ্য যে, ৪-৫ তাৰিখৰ ভিতৰত প্ৰথম পৰ্যায়ৰ প্ৰাৰ্থীৰ তালিকা ঘোষণা হ' ব আৰু এইবাৰ নিৰ্বাচনত বহুকেইজন নতুন প্ৰাৰ্থীয়ে অগ্রাধিকাৰ পাব বুলি স্পষ্ট কৰে সাধাৰণ সম্পাদকগৰাকীয়ে৷ আনহাতে, বিপিএফৰ দখলত থকা সমষ্টিসমূহত UPPL আৰু BJP ৰ মাজত বুজাবুজিৰে প্ৰাৰ্থী দিয়া হ'ব বুলি বিশ্বজিৎ দৈমাৰীয়ে কয়৷

FOLLOW US F
POPULAR
FEATURE
TRENDY
এইবাৰ ১০ হাজাৰ শিল্পীক লৈ বাগৰুম্বা প্ৰদৰ্শনৰ প্ৰস্তুতি চৰকাৰৰ
ইৰানত ব্যাপক ধ্বংসলীলা
ৰিক্সা চলাই পঢ়ুৱাইছিল কন্যাক, চাকৰিৰ বাবে লণ্ডনলৈ যাওতে বিমান দুৰ্ঘটনাত মৃত্যু পায়েলৰ
নগাঁও আৰক্ষীৰ জালত দুৰ্ধৰ্ষ বাইক চোৰ নবী হুছেইন
পাকিস্তানক ধনী কৰিবলৈ চেষ্টা বিশ্ব বেংক, আইএমএফ আৰু আইএফচিৰ! জানক কাৰণ
প্ৰেমৰ মায়াজালেৰে লুটপাত চলোৱা এগৰাকী সুন্দৰী বোৱাৰী
কেনে আছে অসমৰ ৰুক্মিণী বৰুৱা ? আহমেদাবাদত ভয়ংকৰ বিমান দুৰ্ঘটনা পতিত অসমৰ যুৱতী
পঞ্জাৱত মৃত্যু অসমৰ যুৱকৰ
'খাদ্য নাই, পানী নাই, শান্তি নাই'-গাজাত ইজৰাইলী আক্রমণত সন্তানক হেৰুওৱা মাতৃৰ চিৎকাৰ
'মোদীৰ দৰে মিছলীয়া প্ৰাধানমন্ত্ৰী কেতিয়াও দেখা নাই' খৰ্গেৰ মন্তব্য
গাড়ীত উদ্ধাৰ জনপ্ৰিয় ছ'চিয়েল মিডিয়া ইনফ্লুৱেন্সাৰৰ মৃতদেহ
উৰণৰ সময়তেই পুৰি ছাই হ’ল এয়াৰ ইণ্ডিয়াৰ বিমান:শতাধিক যাত্ৰীৰ মৃত্যুৰ আশংকা
গ্ৰীষ্ম-প্ৰৱাহ ; হীট ষ্ট্ৰ'কত ৰাজ্যত দুজনৰ মৃত্যু
কিয় কুখ্যাত সন্ত্ৰাসবাদী লাডেনে পাকিস্তানত নিৰাপদ অনুভৱ কৰিছিল?