--°C
Loading...
Advertisement
Advertisement
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ভাৰতীয় জনতা পাৰ্টিৰ বিজয়পুৰাৰ বিধায়ক বসংগৌদা পাটিল যতনালক দলটোৰ ৰাজ্যিক নেতৃত্বক অহৰহ সমালোচনা কৰাৰ বাবে ব্যাখ্যা বিচাৰি দ্বিতীয়খন জাননী জাৰি কৰিছে। কৰ্ণাটক বিজেপিৰ সভাপতি বাই বিজয়েন্দ্ৰ আৰু প্ৰাক্তন মুখ্যমন্ত্ৰী বি এছ য়েদিয়ুৰাপ্পাক লক্ষ্য কৰি যতনালে অব্যাহত ৰখা মন্তব্যৰ পিছতে বিজেপিৰ কেন্দ্ৰীয় অনুশাসন সমিতিয়ে জাৰি কৰে এই জাননী।


হাইকমাণ্ডৰ নিৰ্দেশ অনুসৰি দলটোৰ অনুশাসন সমিতিয়ে যতনালৰ পৰা ৭২ ঘন্টাৰ ভিতৰত উত্তৰ বিচাৰিছে। জাননীখনত বিশেষভাৱে কোৱা হৈছে যে পূৰ্বৰ সতৰ্কবাণীৰ পিছত ভাল আচৰণৰ আশ্বাস দিয়াৰ পিছতো যতনালে দলৰ নেতাসকলৰ বিৰুদ্ধে দল বিৰোধী মন্তব্য প্ৰদান কৰি থাকিল।

দেওবাৰে তেওঁ এই প্ৰশ্ন উত্থাপন কৰে যে মুখ্যমন্ত্ৰী বা দলৰ সভাপতি পদৰ বাবে তেওঁৰ নাম কিয় বিবেচনা কৰা হোৱা নাই। পৰোক্ষভাৱে দলৰ সতীৰ্থসকলক লক্ষ্য কৰি যতনালে কয়, "যতনাল কিয় দৌৰত নাই? মই মুখ্যমন্ত্ৰী পদ আৰু দলৰ সভাপতি পদৰ দৌৰত আছো। মই কেতিয়াও অন্যৰ ক্ষতি কৰা নাই আৰু অন্যৰ ঘৰ ধ্বংস কৰা নাই । মই কেতিয়াও কোনো দল বিৰোধী কামত জড়িত নাই।"

তেওঁ লগতে দাবী কৰে যে একাংশ নেতাই দলৰ নিজা প্ৰাৰ্থীৰ বিৰুদ্ধে দাৱনাগেৰে আৰু বিদাৰত কাম কৰিছিল আৰু বিজেপি নেতা ভি সোমন্নাৰ পৰাজয়ৰ দিশলৈ আঙুলিয়াই দি আভ্যন্তৰীণ বিধ্বংসী কাৰ্য্যৰ বাবে পৰাজয় হোৱা বুলি অভিযোগ উত্থাপন কৰে।

যোৱা কেইসপ্তাহমানৰ আগতে যতনালে য়েদিয়ুৰাপ্পাক আঘাত কৰি পুত্ৰ বি ৱাই বিজয়েন্দ্ৰৰ প্ৰতি থকা "মোহ" ত্যাগ কৰি পাৰ্টিত মনোনিৱেশ কৰিবলৈ আহ্বান জনাইছিল। তেওঁৰ শেহতীয়া মন্তব্যত বিজয়েন্দ্ৰই কৰ্ণাটক কংগ্ৰেছৰ সভাপতি ডি কে শিৱকুমাৰৰ সৈতে ঘনিষ্ঠ সম্পৰ্ক বজাই ৰখাৰ অভিযোগ উত্থাপন কৰিছে। যোৱা মাহত সাংবাদিকৰ সৈতে হোৱা কথা-বতৰাত যতনালে কৈছিল, “মই হাইকমাণ্ডক মাত্ৰ এটা কথা ক’ব বিচাৰিছো যে কৰ্ণাটকত বিজেপি দলক আগুৱাই নিবলৈ য়েদিয়ুৰাপ্পাক তৎক্ষণাত অপসাৰণ কৰিব লাগিব।”

২ ডিচেম্বৰত তেওঁক কাৰণ দেখুৱাবলৈ জাননী জাৰি কৰা হয়, য’ত তেওঁ বিজেপিৰ কেন্দ্ৰীয় অনুশাসন সমিতিৰ সদস্য সম্পাদক ওম পাঠকক ছয় পৃষ্ঠাৰ উত্তৰ দাখিল কৰে। ইয়াত তেওঁ "ৰাজ্যিক পৰ্যায়ৰ দলীয় নেতৃত্বৰ বিৰুদ্ধে চোকা আক্ৰমণ আৰু দলৰ নিৰ্দেশনাক অৱজ্ঞা"ৰ বাবে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছিল।

তেওঁ য়েদিয়ুৰাপ্পা পৰিয়ালৰ সমন্বয়ৰ ৰাজনীতিৰ কথাও কয় আৰু কয় যে ৰাজ্যখনৰ বহু নিৰপেক্ষ নেতাই য়েদিয়ুৰাপ্পা পৰিয়ালক লৈ অসন্তুষ্ট, কিন্তু দলীয় অনুশাসনৰ বাবে মুকলিকৈ কথা কোৱাৰ পৰা বিৰত থাকে।






FOLLOW US F
POPULAR
FEATURE
TRENDY
এইবাৰ ১০ হাজাৰ শিল্পীক লৈ বাগৰুম্বা প্ৰদৰ্শনৰ প্ৰস্তুতি চৰকাৰৰ
ইৰানত ব্যাপক ধ্বংসলীলা
ৰিক্সা চলাই পঢ়ুৱাইছিল কন্যাক, চাকৰিৰ বাবে লণ্ডনলৈ যাওতে বিমান দুৰ্ঘটনাত মৃত্যু পায়েলৰ
নগাঁও আৰক্ষীৰ জালত দুৰ্ধৰ্ষ বাইক চোৰ নবী হুছেইন
পাকিস্তানক ধনী কৰিবলৈ চেষ্টা বিশ্ব বেংক, আইএমএফ আৰু আইএফচিৰ! জানক কাৰণ
প্ৰেমৰ মায়াজালেৰে লুটপাত চলোৱা এগৰাকী সুন্দৰী বোৱাৰী
কেনে আছে অসমৰ ৰুক্মিণী বৰুৱা ? আহমেদাবাদত ভয়ংকৰ বিমান দুৰ্ঘটনা পতিত অসমৰ যুৱতী
পঞ্জাৱত মৃত্যু অসমৰ যুৱকৰ
'খাদ্য নাই, পানী নাই, শান্তি নাই'-গাজাত ইজৰাইলী আক্রমণত সন্তানক হেৰুওৱা মাতৃৰ চিৎকাৰ
'মোদীৰ দৰে মিছলীয়া প্ৰাধানমন্ত্ৰী কেতিয়াও দেখা নাই' খৰ্গেৰ মন্তব্য
গাড়ীত উদ্ধাৰ জনপ্ৰিয় ছ'চিয়েল মিডিয়া ইনফ্লুৱেন্সাৰৰ মৃতদেহ
উৰণৰ সময়তেই পুৰি ছাই হ’ল এয়াৰ ইণ্ডিয়াৰ বিমান:শতাধিক যাত্ৰীৰ মৃত্যুৰ আশংকা
গ্ৰীষ্ম-প্ৰৱাহ ; হীট ষ্ট্ৰ'কত ৰাজ্যত দুজনৰ মৃত্যু
কিয় কুখ্যাত সন্ত্ৰাসবাদী লাডেনে পাকিস্তানত নিৰাপদ অনুভৱ কৰিছিল?