--°C
Loading...
Advertisement
Advertisement
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ দিল্লী আৰক্ষীয়ে বিজেপিৰ সাংসদ তথা অল ইণ্ডিয়া ৰেছলিং ফেডাৰেচনৰ সভাপতি ব্রিজ ভূষণ শৰণ সিঙৰ বিৰুদ্ধে ৫০০ পৃষ্ঠাৰ অভিযোগনামা দাখিল কৰিছে৷ কেন্দ্ৰীয় ক্ৰীড়া মন্ত্ৰী অনুৰাগ ঠাকুৰে মল্লযুঁজাৰুসকলক সাক্ষাৎ কৰি ১৫ জুনৰ ভিতৰত ব্রিজভূষণৰ বিৰুদ্ধে অভিযোগনামা দাখিল কৰা হ’ব বুলি আশ্বাস দিছিল৷ সেইদৰে, ১৫ জুনত দিল্লী আৰক্ষীয়ে নিজৰ কাম সম্পূৰ্ণ কৰিলে।

ব্ৰিজভূষণৰ বিৰুদ্ধে POCSO আইনৰ অধীনতো অভিযোগ উত্থাপন কৰা হৈছিল। কিন্তু দিল্লী আৰক্ষীয়ে বৃহস্পতিবাৰে পাটিয়ালা হাউছ ক’ৰ্টক অৱগত কৰে যে ‘কোনো সমৰ্থনযোগ্য প্ৰমাণ পোৱা হোৱা নাই। POCSO সম্পৰ্কীয় তদন্ত সম্পূৰ্ণ হোৱাৰ পিছত আমি ধাৰা ১৭৩ Cr PC ৰ অধীনত আৰক্ষীৰ প্ৰতিবেদন দাখিল কৰিলোঁ। য’ত অভিযোগৰ ভিত্তিত গোচৰটো বাতিল কৰিবলৈ অনুৰোধ কৰা হৈছে, ভুক্তভোগী আৰু তেওঁৰ পিতৃৰ বক্তব্যৰ ভিত্তিতে সেয়া কৰা হৈছে।


দিল্লী আৰক্ষীৰ বিবৃতিত লগতে কোৱা হৈছে যে মল্লযুঁজাৰুসকলে পঞ্জীয়ন কৰা এফআইআৰত তদন্ত সম্পূৰ্ণ হোৱাৰ পিছত আমি অভিযুক্ত ব্ৰিজভূষণ শৰণ সিঙৰ বিৰুদ্ধে ভাৰতীয় দণ্ডবিধিৰ ৩৫৪, ৩৫৪এ, ৩৫৪ ধাৰাত অপৰাধৰ অভিযোগনামা দাখিল কৰিছো। অভিযুক্ত বিনোদ তোমৰৰ বিৰুদ্ধে ১০৯/৩৫৪, ৩৫৪এ/৫০৬ ধাৰাত অভিযোগনামা দাখিল কৰা হৈছে।

ব্ৰিজভূষণৰ অভিযোগৰ তদন্তৰ বাবে দিল্লী আৰক্ষীয়ে উত্তৰ প্ৰদেশৰ কেইবাটাও স্থান ভ্ৰমণ কৰিছে। আনকি মল্লযুঁজ ফেডাৰেচনত ব্রিজভূষণৰ অধীনত কাম কৰা সকলৰ সৈতেও কথা পাতিছে আৰক্ষীয়ে৷ তদন্তকাৰীয়ে ব্ৰিজভূষণৰ পৰিয়ালৰ সদস্যৰ সৈতেও কথা পাতিছে।

বিশেষ তদন্তকাৰী দলটোৱে ১৮০ৰো অধিক লোকক সোধা-পোছা কৰাৰ লগতে গোণ্ডাস্থিত ব্ৰিজভূষণৰ বাসগৃহতো পৰিদৰ্শন কৰে। ব্ৰিজভূষণৰ পৰিয়াল, আত্মীয়, সহকৰ্মী আৰু সহযোগীসকলৰ বক্তব্যও লিপিবদ্ধ কৰা হয়। তদন্তকাৰীয়ে মল্লযুঁজ ফেডাৰেচনৰ কেইবাজনো বৰ্তমান আৰু প্ৰাক্তন কৰ্মচাৰীৰ বক্তব্যও লিপিবদ্ধ কৰে। আনহাতে, বহিঃৰাজ্যৰ কেইবাটাও মল্লযুঁজ ফেডাৰেচনৰ ভিডিঅ’ ফুটেজো প্ৰেৰণ কৰিছে আৰক্ষীয়ে।





FOLLOW US F
POPULAR
FEATURE
TRENDY
এইবাৰ ১০ হাজাৰ শিল্পীক লৈ বাগৰুম্বা প্ৰদৰ্শনৰ প্ৰস্তুতি চৰকাৰৰ
ইৰানত ব্যাপক ধ্বংসলীলা
ৰিক্সা চলাই পঢ়ুৱাইছিল কন্যাক, চাকৰিৰ বাবে লণ্ডনলৈ যাওতে বিমান দুৰ্ঘটনাত মৃত্যু পায়েলৰ
নগাঁও আৰক্ষীৰ জালত দুৰ্ধৰ্ষ বাইক চোৰ নবী হুছেইন
পাকিস্তানক ধনী কৰিবলৈ চেষ্টা বিশ্ব বেংক, আইএমএফ আৰু আইএফচিৰ! জানক কাৰণ
প্ৰেমৰ মায়াজালেৰে লুটপাত চলোৱা এগৰাকী সুন্দৰী বোৱাৰী
কেনে আছে অসমৰ ৰুক্মিণী বৰুৱা ? আহমেদাবাদত ভয়ংকৰ বিমান দুৰ্ঘটনা পতিত অসমৰ যুৱতী
পঞ্জাৱত মৃত্যু অসমৰ যুৱকৰ
'খাদ্য নাই, পানী নাই, শান্তি নাই'-গাজাত ইজৰাইলী আক্রমণত সন্তানক হেৰুওৱা মাতৃৰ চিৎকাৰ
'মোদীৰ দৰে মিছলীয়া প্ৰাধানমন্ত্ৰী কেতিয়াও দেখা নাই' খৰ্গেৰ মন্তব্য
গাড়ীত উদ্ধাৰ জনপ্ৰিয় ছ'চিয়েল মিডিয়া ইনফ্লুৱেন্সাৰৰ মৃতদেহ
উৰণৰ সময়তেই পুৰি ছাই হ’ল এয়াৰ ইণ্ডিয়াৰ বিমান:শতাধিক যাত্ৰীৰ মৃত্যুৰ আশংকা
গ্ৰীষ্ম-প্ৰৱাহ ; হীট ষ্ট্ৰ'কত ৰাজ্যত দুজনৰ মৃত্যু
কিয় কুখ্যাত সন্ত্ৰাসবাদী লাডেনে পাকিস্তানত নিৰাপদ অনুভৱ কৰিছিল?