--°C
Loading...
Advertisement
Advertisement
Listen to Article
2 min read
80%

ডিজিটেল ডেস্কঃ সকলো জল্পনা-কল্পনাৰ অন্ত পেলাই অৱশেষত সম্পন্ন হ’ল বিকী কৌশল আৰু কেটৰিনা কাঈফৰ বিয়া। দীৰ্ঘ প্ৰতীক্ষাৰ অন্তত বিকি- কেটক মেলিলে যুগ্মজীৱনৰ। ন-কইনা কেটৰিনাই খোজ থ’ব নতুনৰ পদূলিত। নৱবিবাহিত দম্পতীয়ে কালি নিশা বিবাহৰ ফটো আনুষ্ঠানিকভাৱে বিকী কৌশল আৰু কেটৰিনাই কাঈফৰ অফিচিয়েল ইনষ্টাগ্ৰাম একাউণ্টত ৰাজহুৱা কৰিছিল। ইয়াৰ পাছতে দুয়োগৰাকী অনুৰাগীৰ মাজত উছাহে নধৰা হৈছে৷


বিকী আৰু কেটক দৰা-কইনাৰ পোছাকত সাইলাখ ৰজা আৰু ৰাণীৰ দৰে দেখা গৈছিল। কেটে পৰিধান কৰা বিয়াৰ আঙুঠিটো বিখ্যাত আন্তৰ্জাতিক গহনা ব্ৰেণ্ড ‘টিফানি’ৰ পৰা ক্ৰয় কৰা হৈছিল যদিও বিয়াৰ অন্য কাপোৰ আৰু গহনা সামগ্ৰীত ভাৰতীয় স্পৰ্শ আছিল। টিফানি চোলেষ্টে নীলা চেফায়াৰ হীৰাৰ বাগদানৰ আঙুঠিটোৱে কেটৰ আঙুলিত বিকিয়ে পৰিধান কৰাই দিছিল। এই বিশেষ আঙুঠিটোৰ দাম ভাৰতীয় মুদ্ৰাত ৭ লাখ ৪০ হাজাৰ ৭০৮ টকা৷ তদুপৰি বিকীয়ে কেটক পৰিধান কৰোৱা মংগলসূত্ৰও হীৰাৰে নিৰ্মিত।


ইফালে, ৮০ কোটি টকাৰ চুক্তিৰ বিনিময়ত আমাজন প্ৰাইমে কেটৰিনা কাঈফ আৰু বিকী কৌশলৰ বিবাহৰ ফুটেজ ক্ৰয় কৰিছিল। এক বিশেষ সূত্ৰৰ খবৰ অনুসৰি, বিকী আৰু কেটৰিনাৰ সংগীত আৰু মেহেন্দী অনুষ্ঠানত দুয়োজন তাৰকাৰ পৰা এটকাও ধন খৰচ হোৱা নাই। আমাজন প্ৰাইম ভিডিঅ’ই ইয়াৰ বাবে সমগ্ৰ দায়িত্ব বহন কৰিছে। অ'টিটি প্লেটফৰ্মে আনকি শংকৰ-এহচান-লয় আৰু অন্যান্য শিল্পীসকলৰ প্ৰদৰ্শনৰ বাবেও পাৰিশ্ৰমিক প্ৰদান কৰিছিল৷

আনহাতে, ৮ ডিচেম্বৰত গুগলেও কেটৰিনা কাইফক বিকী কৌশলৰ পত্নী হিচাপে দেখুৱাইছিল। এতিয়া যদি আপুনি গুগলত বিকী-কেটক সন্ধান কৰে, বিকী কৌশলৰ স্পাউছ কেটৰিনা কাঈফৰ নাম আহিব। দৰাচলতে, বিকী-কেটৰ এজন অনুৰাগীয়ে বিকিৰ ৱিকিপিডিয়াত এই তথ্য আপডেট কৰে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
এইবাৰ ১০ হাজাৰ শিল্পীক লৈ বাগৰুম্বা প্ৰদৰ্শনৰ প্ৰস্তুতি চৰকাৰৰ
ইৰানত ব্যাপক ধ্বংসলীলা
ৰিক্সা চলাই পঢ়ুৱাইছিল কন্যাক, চাকৰিৰ বাবে লণ্ডনলৈ যাওতে বিমান দুৰ্ঘটনাত মৃত্যু পায়েলৰ
নগাঁও আৰক্ষীৰ জালত দুৰ্ধৰ্ষ বাইক চোৰ নবী হুছেইন
পাকিস্তানক ধনী কৰিবলৈ চেষ্টা বিশ্ব বেংক, আইএমএফ আৰু আইএফচিৰ! জানক কাৰণ
প্ৰেমৰ মায়াজালেৰে লুটপাত চলোৱা এগৰাকী সুন্দৰী বোৱাৰী
কেনে আছে অসমৰ ৰুক্মিণী বৰুৱা ? আহমেদাবাদত ভয়ংকৰ বিমান দুৰ্ঘটনা পতিত অসমৰ যুৱতী
পঞ্জাৱত মৃত্যু অসমৰ যুৱকৰ
'খাদ্য নাই, পানী নাই, শান্তি নাই'-গাজাত ইজৰাইলী আক্রমণত সন্তানক হেৰুওৱা মাতৃৰ চিৎকাৰ
'মোদীৰ দৰে মিছলীয়া প্ৰাধানমন্ত্ৰী কেতিয়াও দেখা নাই' খৰ্গেৰ মন্তব্য
গাড়ীত উদ্ধাৰ জনপ্ৰিয় ছ'চিয়েল মিডিয়া ইনফ্লুৱেন্সাৰৰ মৃতদেহ
উৰণৰ সময়তেই পুৰি ছাই হ’ল এয়াৰ ইণ্ডিয়াৰ বিমান:শতাধিক যাত্ৰীৰ মৃত্যুৰ আশংকা
গ্ৰীষ্ম-প্ৰৱাহ ; হীট ষ্ট্ৰ'কত ৰাজ্যত দুজনৰ মৃত্যু
কিয় কুখ্যাত সন্ত্ৰাসবাদী লাডেনে পাকিস্তানত নিৰাপদ অনুভৱ কৰিছিল?