ডিজিটেল ডেস্কঃ বেংককত অনুষ্ঠিত হোৱা বিমষ্টেক (BIMSTEC) সন্মিলনৰ সময়ত মহম্মদ ইউনুছ আৰু ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ মাজত অনুষ্ঠিত হোৱা প্ৰস্তাৱিত দ্বিপাক্ষিক বৈঠকৰ সন্দৰ্ভত দিল্লীৰ সঁহাৰিৰ বাবে অপেক্ষা কৰি আছে ঢাকা।
আজি বৈদেশিক মন্ত্ৰালয়ত সংবাদ মাধ্যমত বৈদেশিক সচিব জাছিম উদ্দিনে কয় যে ‘আমি বৈঠকৰ প্ৰতি আগ্ৰহ প্ৰকাশ কৰিছো।এতিয়া আমি ভাৰতৰ সঁহাৰিৰ বাবে অপেক্ষা কৰি আছো।’
ইউনুছ আৰু মোদীৰ মাজত দ্বিপাক্ষিক বৈঠক অনুষ্ঠিত কৰি ভাৰত-বাংলাদেশৰ সম্পৰ্কত থকা উত্তেজনা দূৰ কৰিব পৰা যাব বুলিও তেওঁ কয়।
ইয়াৰ পূৰ্বে বাংলাদেশে দ্বিপাক্ষিক ভ্ৰমণ সন্দৰ্ভত দুয়োগৰাকী নেতাৰ মাজত বৈঠকৰ বাবে ভাৰতলৈ এখন পত্ৰ প্ৰেৰণ কৰিছিল।
২-৪ এপ্ৰিলত অনুষ্ঠিত হ’বলগীয়া বিমষ্টেক (BIMSTEC) শীৰ্ষ সন্মিলনত অংশগ্ৰহণৰ বাবে বেংকক ভ্ৰমণ কৰিব ইউনুছে ৷ ইয়াৰ পূৰ্বে ভাৰতৰ বৈদেশিক মন্ত্ৰী এছ জয়শংকৰে কৈছিল যে ভাৰতে ইউনুছ আৰু মোদীৰ মাজত বৈঠকৰ কথা চিন্তা কৰিছে।