ডিজিটেল ডেস্কঃ পুনৰ শিৰোনামালৈ আহিছে মাৰ্ক জুকাৰবাৰ্গৰ ফেচবুক৷ জানিব পৰা মতে, ফেচবুকৰ অনেক ব্যৱহাৰকাৰীয়ে কোনো কাৰণ নোহোৱাকৈ নিজৰ ফলোৱাৰ্ছ হেৰুৱাইছে৷
আনকি মেটাৰ চিইঅ’ তথা ফেচবুকৰ প্ৰতিষ্ঠাপক মাৰ্ক জুকাৰবাৰ্গো ইয়াৰ ভুক্তভোগী হৈছে৷ জুকাৰবাৰ্গে ১১৯ মিলিয়ন ফলোৱাৰ্ছ হেৰুৱাইছে৷ যাৰ ফলস্বৰূপে এতিয়া তেওঁৰ ফলোৱাৰ্ছৰ সংখ্যা হৈ পৰিছে ১০,০০০ৰো তলত৷
বাংলাদেশৰ জনপ্ৰিয় লেখিকা তছলিমা নাছৰিনে এটা টুইটযোগে লিখে যে তেওঁ ৯০০,০০০জন ফলোৱাৰ্ছ হেৰুৱাইছে৷ কেৱল ৯০০০ জন ফলোৱাৰ্ছহে এতিয়া বাকী আছে৷ তছলিমাই ইয়াক ‘ফেচবুকৰ কমেডি’ হিচাপে আখ্যা দিছে৷
এই সম্পৰ্কে মেটাৰ এজন মুখপাত্ৰই কয় যে সমগ্ৰ বিষয়টো লৈ তেওঁলোক উদ্বীগ্ন৷ ভুক্তভোগীসকলৰ প্ৰতি ক্ষমা প্ৰাৰ্থনা কৰি তেওঁ কয় যে অতিশ্ৰীঘ্ৰে ইয়াৰ বিৰুদ্ধে ব্যৱস্থা লোৱা হ’ব৷