ডিজিটেল ডেস্ক: বিপদ ঘনীভূত হৈছে পাকিস্তানৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী ইমৰান খানৰ পত্নী বুশ্ৰা বিবিৰ৷ অচিৰেই গ্ৰেপ্তাৰ হ’ব পাৰে কাৰাবন্দী ইমৰান খানৰ পত্নী বুশ্ৰা বিবি৷ দুৰ্নীতিৰ এটা গোচৰত বুশ্ৰা বিবিয়ো যাবলগীয়া হ’ব পাৰে কাৰাগাৰলৈ৷
‘দ্য নিউজ ইণ্টাৰনেচনেল’ বাতৰিকাকতৰ খবৰ অনুসৰি, নেচনেল একাউণ্টেবিলিটী ব্যুৰোৱে বুশ্ৰা বিবিয়ে লাভ কৰা বিত্তীয় লেনদেন সম্পৰ্কীয় কিছুমান তথ্য পৰীক্ষা কৰি আছে।
শেহতীয়াকৈ ‘দ্য এণ্টি-গ্ৰাফ্ট ৱাচ্চডগ’এ কিছুমান নতুন প্ৰমাণ লাভ কৰিছিল, যিবোৰ নিশ্চিত হ’লে বিবিৰ স্থিতি সাক্ষীৰ পৰা অভিযুক্তলৈ সলনি হ’ব৷ তেওঁলোকে লগতে কয় যে এনএবিৰ অভিযুক্ত হোৱাৰ উপৰি ৪৯ বছৰীয়া বিবিক গ্ৰেপ্তাৰ কৰা হ’ব পাৰে।
যোৱা বছৰ মাৰ্চত ৱাশ্বিংটনত দেশৰ দূতাবাসে প্ৰেৰণ কৰা এক গোপন কূটনৈতিক কেবল (চাইফাৰ) প্ৰকাশ কৰাৰ বাবে তেওঁৰ বিৰুদ্ধে গোচৰ ৰুজু কৰাৰ পাছত এই বছৰৰ আগষ্টত পাকিস্তান তেহৰিক-ই-ইনচাফ (পিটিআই) দলৰ অধ্যক্ষ খানক গ্ৰেপ্তাৰ কৰা হৈছিল।
ইফালে, এন.এ.বি.-য়ে খানৰ দুৰ্নীতিৰ গোচৰৰ সমাপ্তিৰ দিশত ইয়াৰ তদন্ত ত্বৰান্বিত কৰিছে৷ ‘ডন’ বাতৰিকাকতৰ বাতৰি অনুসৰি নেচনেল একাউণ্টেবিলিটী ব্যুৰোৱে ১৩ নৱেম্বৰত বিবি আৰু তেওঁৰ ঘনিষ্ঠ সহযোগী ফাৰাহ শ্বাহজাদীকো আল-কাদিৰ ট্ৰাষ্ট দুৰ্নীতিৰ গোচৰত মাতি পঠিয়াইছে।