--°C
Loading...
Advertisement
Advertisement
Listen to Article
2 min read
80%

নতুন দিল্লী : জনপ্ৰিয়তা আৰু বিতৰ্ক দুয়োটাৰে কেন্দ্ৰবিন্দুত থকা তাৰকাসকলৰ ভিতৰত সংগীতশিল্পী হানী সিং অন্যতম। দেশৰ সংগীত জগতত এসময়ত খলকনি তোলা হানী সিঙে বিভিন্ন বিতৰ্কতো সাঙোৰ খাই আহিছে। এইবাৰ তেওঁ পুনৰ বিপদত পৰাৰ আশংকাই দেখা দিছে। এইবাৰ তেওঁৰ বিৰুদ্ধে গোচৰ তৰিছে খোদ পত্নীয়ে। তাৰকা গায়কজনে পত্নীক শাৰীৰিক, মানসিক নিৰ্যাতন চলোৱাৰ অভিযোগ উত্থাপন হৈছে। এই অভিযোগেৰে পত্নী শালিনী তলৱাৰে তেওঁৰ বিৰুদ্ধে ঘৰুৱা হিংসা আৰু বিত্তীয় প্ৰৱঞ্চনাৰ গোচৰ ৰুজু কৰিছে।

তেওঁ দিল্লীৰ তিছ হাজাৰী আদালতত 'ঘৰুৱা হিংসাৰ পৰা মহিলাৰ সুৰক্ষা আইন'ৰ অধীনত গোচৰ ৰুজু কৰিছে। ঘৰুৱা হিংসাৰ পৰা মহিলাৰ সুৰক্ষা আইনৰ অধীনত তেওঁৰ পত্নী শালিনী তলৱাৰে দাখিল কৰা গোচৰ সন্দৰ্ভত দিল্লীৰ তিছ হাজাৰী আদালতে গায়কগৰাকীলৈ জাননী জাৰি কৰিছে। তিছ হাজাৰী আদালতৰ মুখ্য মেট্ৰ'পলিটান মেজিষ্ট্ৰেট তানিয়া সিঙে হানী সিঙলৈ জাননী জাৰি কৰিছিল আৰু ২৮ আগষ্টত গোচৰটোৰ শুনানিৰ দিন ধাৰ্য কৰিছে। উল্লেখ্য যে, হানী সিঙৰ বিৰুদ্ধে তেওঁৰ পত্নীয়ে শাৰীৰিক, মানসিক, যৌন, নিৰ্যাতন চলোৱাৰ দৰে গুৰুতৰ অভিযোগ উত্থাপন কৰিছে। তেওঁ তাৰকাগৰাকীৰ বিৰুদ্ধে আৰ্থিক শোষণৰো অভিযোগ আনিছে।

তেওঁ হানী সিঙৰ পৰা ২০কোটি টকাৰ ক্ষতিপূৰণ বিচাৰিও আদালতত আবেদন জনাইছে। এই অভিযোগৰ আধাৰতে আদালতে এক অন্তৱৰ্তীকালীন আদেশ দিয়ে, য’ত হানী সিং আৰু পত্নীৰ নামত যুটীয়াভাৱে থকা সম্পত্তি বিক্ৰী কৰাত তেওঁক বাধা দিয়া হৈছে। হানী সিঙে শালিনীৰ ওপৰত বিভিন্ন সময়ত নিৰ্যাতন চলোৱা বুলি অভিযোগ কৰিছে। এই সম্পৰ্কত তাৰকাগৰাকীৰ কোনো প্ৰতিক্ৰিয়া এতিয়ালৈ জানিব পৰা হোৱা নাই।

FOLLOW US F
POPULAR
FEATURE
TRENDY
এইবাৰ ১০ হাজাৰ শিল্পীক লৈ বাগৰুম্বা প্ৰদৰ্শনৰ প্ৰস্তুতি চৰকাৰৰ
ইৰানত ব্যাপক ধ্বংসলীলা
ৰিক্সা চলাই পঢ়ুৱাইছিল কন্যাক, চাকৰিৰ বাবে লণ্ডনলৈ যাওতে বিমান দুৰ্ঘটনাত মৃত্যু পায়েলৰ
নগাঁও আৰক্ষীৰ জালত দুৰ্ধৰ্ষ বাইক চোৰ নবী হুছেইন
পাকিস্তানক ধনী কৰিবলৈ চেষ্টা বিশ্ব বেংক, আইএমএফ আৰু আইএফচিৰ! জানক কাৰণ
প্ৰেমৰ মায়াজালেৰে লুটপাত চলোৱা এগৰাকী সুন্দৰী বোৱাৰী
কেনে আছে অসমৰ ৰুক্মিণী বৰুৱা ? আহমেদাবাদত ভয়ংকৰ বিমান দুৰ্ঘটনা পতিত অসমৰ যুৱতী
পঞ্জাৱত মৃত্যু অসমৰ যুৱকৰ
'খাদ্য নাই, পানী নাই, শান্তি নাই'-গাজাত ইজৰাইলী আক্রমণত সন্তানক হেৰুওৱা মাতৃৰ চিৎকাৰ
'মোদীৰ দৰে মিছলীয়া প্ৰাধানমন্ত্ৰী কেতিয়াও দেখা নাই' খৰ্গেৰ মন্তব্য
গাড়ীত উদ্ধাৰ জনপ্ৰিয় ছ'চিয়েল মিডিয়া ইনফ্লুৱেন্সাৰৰ মৃতদেহ
উৰণৰ সময়তেই পুৰি ছাই হ’ল এয়াৰ ইণ্ডিয়াৰ বিমান:শতাধিক যাত্ৰীৰ মৃত্যুৰ আশংকা
গ্ৰীষ্ম-প্ৰৱাহ ; হীট ষ্ট্ৰ'কত ৰাজ্যত দুজনৰ মৃত্যু
কিয় কুখ্যাত সন্ত্ৰাসবাদী লাডেনে পাকিস্তানত নিৰাপদ অনুভৱ কৰিছিল?