--°C
Loading...
Advertisement
Advertisement
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: প্ৰশান্ত মহাসাগৰৰ গভীৰতাত অক্সিজেন উৎপাদনৰ উৎসৰ সন্ধান কৰিছে গৱেষকৰ এটা দলে। এই আৱিষ্কাৰে প্ৰত্যাহ্বান জনাইছে অক্সিজেন উৎপাদনৰ দীৰ্ঘদিনীয়া বিশ্বাসক। এই আবিষ্কাৰে সাগৰ তলিৰ পৰিৱেশ তন্ত্ৰৰ বিষয়ে অধিক জ্ঞান আহৰণ কৰাৰ লগতে অপাৰ্থিৱ জীৱৰ সন্ধানৰ ক্ষেত্ৰত অনাগত সময়ত উল্লেখযোগ্য ভূমিকা পালন কৰিব।

স্কটিছ এছ'চিয়েচন ফৰ মেৰিন চাইন্সৰ এণ্ড্ৰু ছুইটমেনৰ নেতৃত্বত, বষ্টন বিশ্ববিদ্যালয়ৰ বিশেষজ্ঞসকলে হাৱাই আৰু মেক্সিকোৰ মাজৰ ১৭ লাখ বৰ্গমাইল অঞ্চলৰ ক্লেৰিয়’ন-ক্লিপাৰটন জ'ন (চি.চি.জেড)ৰ ওপৰত এই গৱেষনা কৰিছিল বুলি জানিব পৰা গৈছে। সূৰ্যৰ পোহৰে ঢুকি নোপোৱা বাৰ হাজাৰ ফুটতকৈ অধিক গভীৰতাত গৱেষক দলটোৱে পলিমেটেলিক নুডল আবিষ্কাৰ কৰে। এই পলিমেটেলিক নুডল বিৰল ধাতুৰে সমৃদ্ধ শিলৰ দৰে গঠনযুক্ত আৰু ইলেক্ট্ৰ’লাইছিছ প্ৰক্ৰিয়াৰ দৰে অক্সিজেন উৎপাদন কৰা তথ্য লাভ কৰিছে গৱেষক দলটোৱে ।

এই গৱেষনাৰ সহ-লেখক তথা বষ্টন বিশ্ববিদ্যালয়ৰ জীৱবিজ্ঞানৰ অধ্যাপক জেফ্ৰি মাৰ্লোৱে প্ৰথম অৱস্থাত অক্সিজেন উৎপাদন মাইক্ৰ’বায়’লজিকেল কাৰ্য্যকলাপৰ দ্বাৰা হয় বুলি সন্দেহ কৰিছিল। অনুসন্ধানত পলিমেটেলিক নুডলে ঘন গাঠনিযুক্ত ধাতুবোৰে কাৰ্যক্ষম বেতেৰিৰ দৰে বৈদ্যুতিক আধানৰ পৃথকীকৰণ কৰে, আৰু পানীৰ অণুবোৰক অক্সিজেন আৰু হাইড্ৰ'জেনলৈ পৃথক কৰিব পৰাকৈ যথেষ্ট শক্তি উৎপন্ন কৰে বুলি সদৰি কৰে। উল্লেখযোগ্য যে সূৰ্যৰ পোহৰ অবিহনে "ডাৰ্ক অক্সিজেন" উৎপাদন কৰিব পৰা প্ৰক্ৰিয়াই, মূলতঃ সালোক সংশ্লেষণৰ দ্বাৰা অক্সিজেন উৎপাদন হোৱা প্ৰক্ৰিয়াৰ বা এই সিদ্ধান্তৰ ওপৰত প্ৰশ্ন উত্থাপন কৰিছে৷ 

এই আৱিষ্কাৰৰ দ্বৰা বৃহস্পতি গ্ৰহৰ ইউৰোপা, শনি গ্ৰহৰ এনচেলাডাছৰ দৰে আন গ্ৰহ আৰু চন্দ্ৰসমূহতো ভূগৰ্ভস্থ মহাসাগৰত একেধৰণৰ প্ৰক্ৰিয়াৰ সম্ভাৱনাক লৈ গৱেষকসকলৰ মাজত কৌতূহলৰ সৃষ্টি  কৰিছে। যদিও এই "ডাৰ্ক অক্সিজেন" উৎপাদনৰ প্ৰভাৱ তথা উৎপাদনৰ সঠিক ব্যৱস্থা সম্পৰ্কে অস্পষ্ট, এই আৱিষ্কাৰে জ্যোতিবিজ্ঞান আৰু সাগৰ তলৰ পৰিৱেশতন্ত্ৰৰ গৱেষণাৰ নতুন পথ মুকলি কৰিছে।
FOLLOW US F
POPULAR
FEATURE
TRENDY
এইবাৰ ১০ হাজাৰ শিল্পীক লৈ বাগৰুম্বা প্ৰদৰ্শনৰ প্ৰস্তুতি চৰকাৰৰ
ইৰানত ব্যাপক ধ্বংসলীলা
ৰিক্সা চলাই পঢ়ুৱাইছিল কন্যাক, চাকৰিৰ বাবে লণ্ডনলৈ যাওতে বিমান দুৰ্ঘটনাত মৃত্যু পায়েলৰ
নগাঁও আৰক্ষীৰ জালত দুৰ্ধৰ্ষ বাইক চোৰ নবী হুছেইন
পাকিস্তানক ধনী কৰিবলৈ চেষ্টা বিশ্ব বেংক, আইএমএফ আৰু আইএফচিৰ! জানক কাৰণ
প্ৰেমৰ মায়াজালেৰে লুটপাত চলোৱা এগৰাকী সুন্দৰী বোৱাৰী
কেনে আছে অসমৰ ৰুক্মিণী বৰুৱা ? আহমেদাবাদত ভয়ংকৰ বিমান দুৰ্ঘটনা পতিত অসমৰ যুৱতী
পঞ্জাৱত মৃত্যু অসমৰ যুৱকৰ
'খাদ্য নাই, পানী নাই, শান্তি নাই'-গাজাত ইজৰাইলী আক্রমণত সন্তানক হেৰুওৱা মাতৃৰ চিৎকাৰ
'মোদীৰ দৰে মিছলীয়া প্ৰাধানমন্ত্ৰী কেতিয়াও দেখা নাই' খৰ্গেৰ মন্তব্য
গাড়ীত উদ্ধাৰ জনপ্ৰিয় ছ'চিয়েল মিডিয়া ইনফ্লুৱেন্সাৰৰ মৃতদেহ
উৰণৰ সময়তেই পুৰি ছাই হ’ল এয়াৰ ইণ্ডিয়াৰ বিমান:শতাধিক যাত্ৰীৰ মৃত্যুৰ আশংকা
গ্ৰীষ্ম-প্ৰৱাহ ; হীট ষ্ট্ৰ'কত ৰাজ্যত দুজনৰ মৃত্যু
কিয় কুখ্যাত সন্ত্ৰাসবাদী লাডেনে পাকিস্তানত নিৰাপদ অনুভৱ কৰিছিল?