ডিজিটেল ডেস্কঃ অসমৰ কৃষিভিত্তিক সমাজ ব্যৱস্থাত গৰু এক অবিচ্ছেদ্য অংশ । বৰ্তমান উন্নয়নৰ ফলত যিহেতু বিভিন্ন যন্ত্ৰ বা সা-সঁজুলিৰে কৃষি কাৰ্য সম্পন্ন হয় তথাপিও গৰুৰ গুৰুত্ব নোহোৱা হোৱা নাই । ৰাজ্যৰ পশু পালকসকলে গৰুৰ গাখীৰ উৎপাদনৰ জৰিয়তে স্বাৱলম্বিতাৰ পথ বাছি লৈছে ।
আপুনি কল্পনা কৰক বিশ্বৰ আটাইতকৈ দামী গৰুটোৰ মূল্য বাৰু কিমান হ’ব পাৰে ? এক প্ৰতিবেদন অনুসৰি শেহতীয়াকৈ ব্ৰাজিলৰ ভিয়াটিনা-১৯ নামৰ এটা নেল্লোৰ প্ৰজাতিৰ গৰুৱে আচৰিত ধৰণৰ মূল্য লাভ কৰিছে । ইতিমধ্যে এই বিশেষ জাতৰ গৰুটো বিশ্ব সৰ্বাধিক মূল্যৰ গৰু হিচাপে গিনিজ ৱৰ্ল্ড ৰেকৰ্ড লাভ কৰিছে । এই গৰুটো বিক্ৰী কৰা হৈছে প্ৰায় ৪০ কোটি টকাত ।
ব্ৰাজিলৰ মিনাছ গেৰাইছত বিশ্বৰ আটাইতকৈ দামী নেল্লোৰ গৰু হিচাপে ভিয়াটিনা-১৯য়ে ইতিহাস ৰচনা কৰিছে। ১,১০১ কিলোগ্ৰাম ওজনৰ ভিয়াটিনা-১৯ ব্যতিক্ৰমী জেনেটিক্স, পেশীৰ গঠন আৰু তাপ সহনশীলতাৰ বাবে বিখ্যাত ৷