ডিজিটেল ডেস্কঃ বিশ্বৰ আটাইতকৈ ওখ মানুহজন, বিশ্বৰ আটাইতকৈ চাপৰ মানুজন বা বিশ্বৰ আটাইতকৈ দীঘল চুলিৰ অধিকাৰী আদি ধৰণৰ বাতৰি আপুনি নিশ্চয় পঢ়িছে কিন্তু এইবাৰ আপোনালোকক চিনাকি কৰাই দিব বিচাৰিছোঁ বিশ্বৰ আটাইতকৈ ডাঙৰ নাকৰ গৰাকীৰ সৈতে৷ বিশ্বৰ আটাইতকৈ ডাঙৰ নাকৰ অধিকাৰী হৈ এজন লোকে গীনিজ বুকত সন্নিৱিষ্ট কৰিছে নিজৰ নাম৷ মানুহজনৰ নাম মেহমেত ঔজিয়ুৰেক৷ তুৰ্কীৰ মেহমেত ঔজিয়ুৰেকৰ বৰ্তমান বয়স ৭১ বছৰ৷ প্ৰতিবছৰে অলপ অলপকৈ বৃদ্ধি পায় তেওঁৰ নাকৰ দৈৰ্ঘ্য৷

৭১ বছৰ বয়সতো বাঢ়িবলৈ এৰা নাই মেহমেতৰ নাকৰ আকাৰ৷ ২০১০ চনতে বিশ্বৰ আটাইতকৈ ডাঙৰ নাকৰ গৰাকী হিচাপে গীনিজ বুকত নাম অন্তৰ্ভূক্ত হৈছিল মেহমেতৰ আৰু এই দশকযোৰা কালত কোনেও ল’ব পৰা নাই সেই স্থান৷ তেওঁৰ নাকৰ দৈৰ্ঘ্য ৮.৮ ছেণ্টিমিটাৰ৷ উল্লেখ্য যে বিশ্বৰ জীৱিত ব্যক্তিসকলৰ তালিকাত হে মেহমেত ঔজিয়ুৰেকৰ নাকৰ দৈৰ্ঘ্যই গীনিজ বুকত স্থান পাইছে৷
ইতিহাসৰ আটাইতকৈ ডাঙৰ নাকৰ অধিকাৰী হ’ল ৰিকাড থমাছ বেৰ্ডছ৷ ১৮ শতিকাৰ ৰিকাড থমাছ বেৰ্ডছৰ নাকৰ দৈৰ্ঘ্য আছিল ১৯ ছেণ্টিমিটাৰ৷ তেওঁৰ যিহেতু কেতিয়াবাই মৃত্যু ঘটিছে সেয়েহে এই তালিকাত নাম উঠিল তুৰ্কীৰ মেহমেত ঔজিয়ুৰেকৰ৷ এই নাক লাভ কৰি মেহমেতে নিজকে সৌভাগ্যশালী বুলি ভাবে কাৰণ এই নাকটোৰ বাবেই বিশ্বত তেওঁ পৰিচিতি লাভ কৰিছে৷