--°C
Loading...
Advertisement
Advertisement
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ আৰ্টিফিচিয়েল ইণ্টেলিজেন্স(কৃত্ৰিম বুদ্ধিমত্তা) চমুকৈ যাক কোৱা হয় AI; ইয়াৰ জৰিয়তে বিশ্বত প্ৰযুক্তিগত দিশত আমূল পৰিৱৰ্তন সাধন হৈছে। কৃত্ৰিম বুদ্ধিমত্তাই এফালে উন্নয়নৰ নতুন পথ মুকলি কৰিবলৈ সাজু হৈছে আৰু আনফালে সমগ্ৰ বিশ্বৰ বাবে চিন্তাৰ কাৰণ হৈ পৰিছে। আচলতে কৃত্ৰিম বুদ্ধিমত্তাৰ (AI) কোনো সীমা নাই। এইটোৱেই হৈছে এনে প্ৰযুক্তি যিয়ে নিজকে বিকশিত কৰাৰ সম্ভাৱনা মুকলি কৰে। 

মহান বিজ্ঞানী ষ্টিফেন হকিন্সে AIক এটা ডাঙৰ ভাবুকি বুলি অভিহিত কৰিছিল আৰু কৈছিল যে মানুহৰ বিৱৰ্তন সীমিত গতিৰে হয়। আনহাতে কৃত্ৰিম বুদ্ধিমত্তাৰ কোনো সীমা নাই। এনে অৱস্থাত মানুহ যন্ত্ৰতকৈ পিছ পৰি থাকিব আৰু ই সমগ্ৰ মানৱ জাতিৰ বাবে ভাবুকি।

কৃত্ৰিম বুদ্ধিমত্তাৰ গডফাডাৰ জিঅ’ফ্ৰে হিণ্টনে নিজেই সৃষ্টি কৰা প্ৰযুক্তিৰ ওপৰত উদ্বেগ প্ৰকাশ কৰি কয় যে AIৰ বাবে মানুহে চাকৰি হেৰুৱাইছে। ইয়াৰ বাবে তেওঁ দুখ প্ৰকাশো কৰিছে। তেওঁ কয় যে ইমান দিনে AIৰ বাবে কাম কৰাৰ বাবে তেওঁ গোটেই জীৱন অনুশোচনা কৰিব। এটা সাক্ষাৎকাৰত তেওঁ কয় যে ''ইয়াক ৰখাব পৰা নাছিলোঁ। মই তেনেকুৱা নকৰিলে আন কোনোবাই কৰিলেহেঁতেন।''

দুখ প্ৰকাশ কৰি তেওঁ কয় যে ''এই যুগত সাৰ্বজনীন মৌলিক আয়ৰ পথ ফলপ্ৰসূ হ’ব পাৰে। AIৰ বাবে চাকৰিৰ বজাৰত পৰিৱৰ্তন হোৱা যুগত মই ক’ব বিচাৰিছো যে সাৰ্বজনীন মৌলিক আয় এটা ভাল পথ। AI এ উৎপাদনশীলতা বৃদ্ধি কৰিব আৰু বহুত টকা উপাৰ্জন কৰিব, কিন্তু ই সমাজত বৈষম্য বৃদ্ধি কৰিব। বহুতে চাকৰি হেৰুৱাব আৰু আনহাতে বহুত মানুহ অত্যন্ত ধনী হৈ পৰিব। এইটো সমাজৰ বাবে বহুত বেয়া হ'বলৈ গৈ আছে।''

অহা ৫ৰ পৰা ২০ বছৰৰ ভিতৰত AI ডাঙৰ প্ৰত্যাহ্বান হৈ উঠিব পাৰে বুলিও তেওঁ কয়। ১৯৪৭ চনৰ ৬ ডিচেম্বৰত লণ্ডনত জন্মগ্ৰহণ কৰিছিল জিঅ’ফ্ৰে হিণ্টনে। কেম্ব্ৰিটৰ পৰা পৰীক্ষামূলক মনোবিজ্ঞানত স্নাতক ডিগ্ৰী লাভ কৰাৰ পিছত কৃত্ৰিম বুদ্ধিমত্তাৰ ক্ষেত্ৰত তেওঁ পিএইচডি ডিগ্ৰী লাভ কৰে। গুগলৰ সৈতে কাম কৰি আছিল যদিও এতিয়া পদৰ পৰা পদত্যাগ কৰিছে জিঅ’ফ্ৰে হিণ্টনে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
এইবাৰ ১০ হাজাৰ শিল্পীক লৈ বাগৰুম্বা প্ৰদৰ্শনৰ প্ৰস্তুতি চৰকাৰৰ
ইৰানত ব্যাপক ধ্বংসলীলা
ৰিক্সা চলাই পঢ়ুৱাইছিল কন্যাক, চাকৰিৰ বাবে লণ্ডনলৈ যাওতে বিমান দুৰ্ঘটনাত মৃত্যু পায়েলৰ
নগাঁও আৰক্ষীৰ জালত দুৰ্ধৰ্ষ বাইক চোৰ নবী হুছেইন
পাকিস্তানক ধনী কৰিবলৈ চেষ্টা বিশ্ব বেংক, আইএমএফ আৰু আইএফচিৰ! জানক কাৰণ
প্ৰেমৰ মায়াজালেৰে লুটপাত চলোৱা এগৰাকী সুন্দৰী বোৱাৰী
কেনে আছে অসমৰ ৰুক্মিণী বৰুৱা ? আহমেদাবাদত ভয়ংকৰ বিমান দুৰ্ঘটনা পতিত অসমৰ যুৱতী
পঞ্জাৱত মৃত্যু অসমৰ যুৱকৰ
'খাদ্য নাই, পানী নাই, শান্তি নাই'-গাজাত ইজৰাইলী আক্রমণত সন্তানক হেৰুওৱা মাতৃৰ চিৎকাৰ
'মোদীৰ দৰে মিছলীয়া প্ৰাধানমন্ত্ৰী কেতিয়াও দেখা নাই' খৰ্গেৰ মন্তব্য
গাড়ীত উদ্ধাৰ জনপ্ৰিয় ছ'চিয়েল মিডিয়া ইনফ্লুৱেন্সাৰৰ মৃতদেহ
উৰণৰ সময়তেই পুৰি ছাই হ’ল এয়াৰ ইণ্ডিয়াৰ বিমান:শতাধিক যাত্ৰীৰ মৃত্যুৰ আশংকা
গ্ৰীষ্ম-প্ৰৱাহ ; হীট ষ্ট্ৰ'কত ৰাজ্যত দুজনৰ মৃত্যু
কিয় কুখ্যাত সন্ত্ৰাসবাদী লাডেনে পাকিস্তানত নিৰাপদ অনুভৱ কৰিছিল?