--°C
Loading...
Advertisement
Advertisement
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ আত্মনিৰ্ভৰ ভাৰতৰ সপোন দেখা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ দিনতে  বিশ্ব বেংকৰ লজিষ্টিক সূচকত ৩৮ সংখ্যক স্থানলৈ উধাবলৈ লক্ষম হৈছে ভাৰতে। বিশ্ব বেংকে শেহতীয়াকৈ  প্ৰকাশ কৰা লজিষ্টিক প্ৰদৰ্শন সূচক (এলপিআই) ২০২৩-ত ভাৰতৰ স্থান  ৩৮ হোৱাৰ কথাই দেশ খনে যে উন্নতি কৰিছে তাৰেই প্ৰমাণ দাঙি ধৰিছে বুলি বিভিন্ন জনে মন্তব্য কৰিছে। 

এই সূচকত বিগত বৰ্ষবোৰৰ তুলনাত  এইবেলি ভাৰত৬ টা স্থানলৈ ওপৰলৈ উধাব পাৰিছে।  বাণিজ্য আৰু উদ্যোগ মন্ত্ৰালয়ে প্ৰকাশ কৰা তথ্য অনুসৰি ২০১৮  আৰু ২০১৪ চনত এই সূচকত  ভাৰত ক্ৰমান্বয়ে ৪৪ আৰু ৫৪  সংখ্যক স্থানত আছিল। 

ভাৰত চৰকাৰে ২০২৪-২৫ বৰ্ষৰ ভিতৰত লজিষ্টিক ব্যয় হ্ৰাস আৰু অৰ্থনীতি শক্তিশালী কৰাৰ  বাবে ২০২১ চনৰ অক্টোবৰত মাল্টিমোডেল সংযোগৰ  এক ৰাষ্ট্ৰীয় মাষ্টাৰ প্লেন পিএম গতি শক্তি আঁচনি ঘোষণা কৰিছিল। ঠিক এবছৰ পিছত ২০২২ চনত প্ৰধানমন্ত্ৰী মোদীয়ে   পৰিবহনৰ প্ৰত্যাহ্বান দূৰ কৰিবলৈ আৰু উৎপাদন খণ্ডত সময় তথা  ধন ৰাহি কৰিবলৈ ৰাষ্ট্ৰীয় লজিষ্টিক নীতি (এনএলপি) আৰম্ভ কৰিছিল।

লজিষ্টিক প্ৰদৰ্শন সূচকৰ প্ৰতিবেদন অনুসৰি ভাৰতে আন্তঃগাঁথনিৰ নম্বৰৰ ক্ষেত্ৰত এক বিশেষ স্থানত অৱস্থান কৰিছে। আন্তঃগাঁথনিৰ ক্ষেত্ৰত ২০১৮ চনত ভাৰতৰ স্থান আছিল ৫২, যি এতিয়া ৪৭ লৈ উন্নীত হৈছে। আন্তঃগাঁথনিৰ উপৰি আন্তঃৰাষ্ট্ৰীয় চালানৰ ক্ষেত্ৰতো ভাৰতৰ ৰেংকিং উন্নত হৈছে। ২০১৮  চনত এইক্ষেত্ৰত  ভাৰতৰ স্থান আছিল ৪৪, এতিয়া সেয়া  ২২ লৈ উন্নীত হৈছে।

 একে সময়তে, যদি আমি ভাৰতৰ বাহিৰে আন দেশলৈ চাওঁ তেন্তে দেখিবলৈ পাম যে বিশ্ব বেংকৰ এইবাৰৰ ৰেকিঙৰ তালিকাত  শীৰ্ষ ১০ খন দেশৰ ভিতৰত আমেৰিকা, ৰাছিয়া আৰু ব্ৰিটেইনৰ দৰে দেশ নাই।  তালিকা অনুসৰি এই ৰেংকিঙত  ছিংগাপুৰ প্ৰথম স্থানত আছে, তাৰ পিছত দ্বিতীয় স্থানত আছে ফিনলেণ্ড, তিনি নম্বৰত ডেনমাৰ্ক, চাৰি নম্বৰত জাৰ্মানী, পাঁচ নম্বৰত নেডাৰলেণ্ড, ষষ্ঠ স্থানত চুইজাৰলেণ্ড, সপ্তম স্থানত অষ্ট্ৰিয়া, নৱম স্থানত বেলজিয়াম, কানাডা আৰু দহ নম্বৰত হংকং আছে।








FOLLOW US F
POPULAR
FEATURE
TRENDY
এইবাৰ ১০ হাজাৰ শিল্পীক লৈ বাগৰুম্বা প্ৰদৰ্শনৰ প্ৰস্তুতি চৰকাৰৰ
ইৰানত ব্যাপক ধ্বংসলীলা
ৰিক্সা চলাই পঢ়ুৱাইছিল কন্যাক, চাকৰিৰ বাবে লণ্ডনলৈ যাওতে বিমান দুৰ্ঘটনাত মৃত্যু পায়েলৰ
নগাঁও আৰক্ষীৰ জালত দুৰ্ধৰ্ষ বাইক চোৰ নবী হুছেইন
পাকিস্তানক ধনী কৰিবলৈ চেষ্টা বিশ্ব বেংক, আইএমএফ আৰু আইএফচিৰ! জানক কাৰণ
প্ৰেমৰ মায়াজালেৰে লুটপাত চলোৱা এগৰাকী সুন্দৰী বোৱাৰী
কেনে আছে অসমৰ ৰুক্মিণী বৰুৱা ? আহমেদাবাদত ভয়ংকৰ বিমান দুৰ্ঘটনা পতিত অসমৰ যুৱতী
পঞ্জাৱত মৃত্যু অসমৰ যুৱকৰ
'খাদ্য নাই, পানী নাই, শান্তি নাই'-গাজাত ইজৰাইলী আক্রমণত সন্তানক হেৰুওৱা মাতৃৰ চিৎকাৰ
'মোদীৰ দৰে মিছলীয়া প্ৰাধানমন্ত্ৰী কেতিয়াও দেখা নাই' খৰ্গেৰ মন্তব্য
গাড়ীত উদ্ধাৰ জনপ্ৰিয় ছ'চিয়েল মিডিয়া ইনফ্লুৱেন্সাৰৰ মৃতদেহ
উৰণৰ সময়তেই পুৰি ছাই হ’ল এয়াৰ ইণ্ডিয়াৰ বিমান:শতাধিক যাত্ৰীৰ মৃত্যুৰ আশংকা
গ্ৰীষ্ম-প্ৰৱাহ ; হীট ষ্ট্ৰ'কত ৰাজ্যত দুজনৰ মৃত্যু
কিয় কুখ্যাত সন্ত্ৰাসবাদী লাডেনে পাকিস্তানত নিৰাপদ অনুভৱ কৰিছিল?