--°C
Loading...
Advertisement
Advertisement
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃএই বিশ্বব্ৰহ্মাণ্ডত পৃথিৱীৰ দৰেই আন কোনো গ্ৰহণ আছেনে, য’ত মানুহৰ দৰেই প্ৰাণীয়ে বাস কৰি আছে?
এই বিশ্বব্ৰহ্মাণ্ডত মানুহ অকলশৰীয়া নেকি? পৃথিৱীয়েই  একমাত্ৰ গ্ৰহ নেকি য'ত জীৱন আছে? বিজ্ঞানীসকলে বছৰৰ  পিছত বছৰ ধৰি  এই প্ৰশ্নটোৰ উত্তৰ বিচাৰি আছে। বিজ্ঞানীসকলে কেৱল সৌৰজগতৰ ওপৰতেই নহয়, ছায়াপথৰ বাহিৰতও চকু ৰাখিছে। শেহতীয়াকৈ বিজ্ঞানীসকলে আন এটা  পৃথিৱী সদৃশ মহাকাশীয় উপাদানৰ সম্ভেদ পাইছে। 

পৃথিৱীৰ পৰা ৩৭ আলোক বৰ্ষ দূৰত অৱস্থিত ৰছ 508বি গ্ৰহটোকলৈ বিজ্ঞানীসকলৰ মাজত নতুন চৰ্চা আৰম্ভ হৈছে। বিজ্ঞানীসকলে ধাৰণা কৰিছে  যে এই গ্ৰহটো পৃথিৱীৰ সংগী হ'ব পাৰে। অৰ্থাৎ ইয়াত পানী থাকিব পাৰে। ফলস্বৰূপে, ই বাসযোগ্য হোৱাৰ সম্ভাৱনাও আছে। জনা গৈছে যে এই গ্ৰহটোক প্ৰদক্ষিণ কৰি থকা তৰাটো এটা 'ৰঙা তৰা'। নানান তথ্য বিশ্লেষণ কৰি বিজ্ঞানীসকলে ধাৰণা কৰিছে যে এই গ্ৰহটোত পানী থাকিব পাৰে । বিজ্ঞানীসকলে গ্ৰহটোত জীৱন থকাৰ সম্ভাৱনাও অস্বীকাৰ কৰা নাই। বিজ্ঞানীসকলে  অনাগত দিনত জেমছ ৱেব টেলিস্কোপৰ সহায়ত এই গ্ৰহটো পৰ্যবেক্ষণ কৰাৰ পিছতে সকলো কথা স্পষ্ট হৈ পৰিব।

লক্ষ্যণীয় কথাটো হ’ল  গ্ৰহটো  ১০.৮ দিনত এবছৰ হয় । অৰ্থাৎ ১১  দিনতকৈও কম সময়ৰ ভিতৰত ৰঙা তৰাটোক  ৰছ 508বি-এ প্ৰদক্ষিণ কৰে। ৰঙা তৰাবোৰ তৰাবোৰ নিৰীক্ষণ কৰাটো বৰ সহজ নহয়। সাধাৰণতে এনে  তৰাবোৰৰ তাপমাত্ৰা ৪,০০০ ডিগ্ৰী চেলচিয়াছৰ তলত থাকে। সেইবোৰ সেয়ে  দৃশ্যমান পোহৰত পৰ্যবেক্ষণ কৰা কঠিন।

তথাপিও, এনে তৰাবোৰৰ চাৰিওফালে ঘূৰি থকা গ্ৰহবোৰৰ মাজত বাসযোগ্য গ্ৰহ বিচাৰি পোৱাৰ সম্ভাৱনা অধিক বুলি বিশ্বাস কৰা হৈছে। এতিয়া বিজ্ঞানীসকলে অপেক্ষা কৰিছে মাত্ৰ  জেমছ ৱেবৰ সহায়ত  ’নতুন  পৃথিৱী’ খনত সঁচাকৈয়ে জীৱন আছে নে নাই সেই বিষয়ে  জানিবলৈ।
FOLLOW US F
POPULAR
FEATURE
TRENDY
এইবাৰ ১০ হাজাৰ শিল্পীক লৈ বাগৰুম্বা প্ৰদৰ্শনৰ প্ৰস্তুতি চৰকাৰৰ
ইৰানত ব্যাপক ধ্বংসলীলা
ৰিক্সা চলাই পঢ়ুৱাইছিল কন্যাক, চাকৰিৰ বাবে লণ্ডনলৈ যাওতে বিমান দুৰ্ঘটনাত মৃত্যু পায়েলৰ
নগাঁও আৰক্ষীৰ জালত দুৰ্ধৰ্ষ বাইক চোৰ নবী হুছেইন
পাকিস্তানক ধনী কৰিবলৈ চেষ্টা বিশ্ব বেংক, আইএমএফ আৰু আইএফচিৰ! জানক কাৰণ
প্ৰেমৰ মায়াজালেৰে লুটপাত চলোৱা এগৰাকী সুন্দৰী বোৱাৰী
কেনে আছে অসমৰ ৰুক্মিণী বৰুৱা ? আহমেদাবাদত ভয়ংকৰ বিমান দুৰ্ঘটনা পতিত অসমৰ যুৱতী
পঞ্জাৱত মৃত্যু অসমৰ যুৱকৰ
'খাদ্য নাই, পানী নাই, শান্তি নাই'-গাজাত ইজৰাইলী আক্রমণত সন্তানক হেৰুওৱা মাতৃৰ চিৎকাৰ
'মোদীৰ দৰে মিছলীয়া প্ৰাধানমন্ত্ৰী কেতিয়াও দেখা নাই' খৰ্গেৰ মন্তব্য
গাড়ীত উদ্ধাৰ জনপ্ৰিয় ছ'চিয়েল মিডিয়া ইনফ্লুৱেন্সাৰৰ মৃতদেহ
উৰণৰ সময়তেই পুৰি ছাই হ’ল এয়াৰ ইণ্ডিয়াৰ বিমান:শতাধিক যাত্ৰীৰ মৃত্যুৰ আশংকা
গ্ৰীষ্ম-প্ৰৱাহ ; হীট ষ্ট্ৰ'কত ৰাজ্যত দুজনৰ মৃত্যু
কিয় কুখ্যাত সন্ত্ৰাসবাদী লাডেনে পাকিস্তানত নিৰাপদ অনুভৱ কৰিছিল?