--°C
Loading...
Advertisement
Advertisement
Listen to Article
2 min read
80%

ডিজিটেল ডেস্কঃ কেটৰিনা কাইফ আৰু বিকি‌ কৌশলৰ বিয়াৰ গুঞ্জন উঠা সময়তে আন এখন বিয়াৰ খবৰে শেহতীয়াকৈ চৰ্চা লাভ কৰা দেখা গৈছে। ঘুনক-ঘানাককৈ এইবাৰ ৰনবীৰ-আলিয়াৰ বিয়াৰ প্ৰসংগও ওলাইছে বলীউড ত। চলিত বৰ্ষৰ ডিচেম্বৰ মাহতে চাৰিখন হাত একলগ হ’বলৈ ওলাইছে।তাকে শুনি উথপথপ বলীউড। অৱশ্যে, ভাট কন্যাৰ বিয়াৰ বাতৰি কিমানদূৰ সত্য সেয়া এতিয়াও সঠিককৈ জানিব পৰা হোৱা নাই।


উল্লেখ্য যে, ৰনবীৰ-আলিয়াৰ প্ৰেম বলীউড এৰিনাত এক চিৰ চৰ্চিত বিষয়। বহু দিনৰ পৰাই দুয়োৰে প্ৰেমৰ গুঞ্জন চলি আছে। ৰূপালী পৰ্দাৰ বাহিৰত দুয়ো একেলগে কটোৱা অন্তৰংগ মুহূৰ্তবোৰেই হেনো তাৰ প্ৰমাণ! যাৰ ফলত তেওঁলোকৰ সম্পৰ্কৰ গভীৰতাক লৈ নানা তৰহৰ গুজৱ সৃষ্টি হৈ আহিছে। বলীউডৰ এই যুঁটিয়ে প্ৰেমৰ বিষয়টো পোনপটীয়াকৈ স্বীকাৰ কৰা নাছিল যদিও আকাৰে-ইংগিতে তেওঁলোকৰ সম্পৰ্কৰ গভীৰতা স্বৰূপাৰ্থতে জনজাত হৈ পৰিছিল।


সংবাদ মাধ্যমত প্ৰকাশ পোৱা অনুসৰি, এইবাৰ ৰণবীৰ-আলিয়াৰ বিবাহৰ গুঞ্জন আৰু অধিক শক্তিশালী হৈ পৰিছে। জানিবলৈ পোৱা মতে, বিগত বৰ্ষতে দুয়ো বিবাহ পাশত আৱদ্ধ হোৱাৰ কথা আছিল। কিন্তু কৰ’না মহামাৰীৰ বাবে বিয়াৰ তাৰিখ পিছুৱাবলগীয়া হৈছিল এই তাৰকা যুটিয়ে।সেইবাবে এইবাৰ আৰু পলম কৰিব বিচৰা নাই ৰনবীৰ-আলিয়াই। দিন-বাৰ চাই ডিচেম্বৰতে শহুৰৰ ঘৰলৈ যাৱলৈ সাজু আলিয়া। বিয়াৰ খবৰত উত্‍ফুল্লিত দুই তাৰকা যুটিৰ পৰিয়াল। বিবাহৰ দিনটোৰ বাবে অধীৰ অপেক্ষাৰে বাট চাইছে আলিয়াৰ পিতৃ-মাতৃয়ে।

ইফালে, ভাৰতীয় সংবাদ মাধ্যমৰ সূত্ৰ অনুসৰি, আলিয়া-ৰণবীৰে বিয়াৰ প্ৰতি লক্ষ্য ৰাখি তেওঁলোকৰ নতুন চলচ্চিত্ৰখনৰ দৃশ্যগ্ৰহণৰ কামো স্থগিত ৰাখিছে। ডিচেম্বৰৰ পৰিৱৰ্তে আগন্তুক বৰ্ষৰ জানুৱাৰী মাহত ছবিখনৰ দৃশ্যগ্ৰহণ কাম আৰম্ভ কৰিবলৈ প্ৰযোজক-পৰিচালকক অনুৰোধো কৰিছে ৰনবীৰ-আলিয়াই। এই ঘটনাতো পোহৰলৈ অহাৰ পাছত বহুতে অনুমান কৰিছে যে, ৰণবীৰ-আলিয়াই ডিচেম্বৰত বিবাহ পাশত আৱদ্ধ হ'বলৈ গৈ আছে। বিগত বৰ্ষৰ এটা সাক্ষাৎকাৰত, ৰণবীৰে চলচ্চিত্ৰ সমালোচক ৰাজীৱ মাচান্দক কৈছিল যে, যদি কৰ’না মহামাৰীয়ে বিধি-পথালি নিদিয়াহেঁতেন বিগত বৰ্ষতে বিবাহ পাশত আৱদ্ধ হ'লহেঁতেন দুয়ো। এ‌ইবাৰ আৰু ৰৈ থকাৰ কথা নাই। অতিশীঘ্ৰে বৈৱাহিক জীৱনৰ পাতনি মেলিবলৈ গৈ আছে ৰনবীৰ-আলিয়াই।

FOLLOW US F
POPULAR
FEATURE
TRENDY
এইবাৰ ১০ হাজাৰ শিল্পীক লৈ বাগৰুম্বা প্ৰদৰ্শনৰ প্ৰস্তুতি চৰকাৰৰ
ইৰানত ব্যাপক ধ্বংসলীলা
ৰিক্সা চলাই পঢ়ুৱাইছিল কন্যাক, চাকৰিৰ বাবে লণ্ডনলৈ যাওতে বিমান দুৰ্ঘটনাত মৃত্যু পায়েলৰ
নগাঁও আৰক্ষীৰ জালত দুৰ্ধৰ্ষ বাইক চোৰ নবী হুছেইন
পাকিস্তানক ধনী কৰিবলৈ চেষ্টা বিশ্ব বেংক, আইএমএফ আৰু আইএফচিৰ! জানক কাৰণ
প্ৰেমৰ মায়াজালেৰে লুটপাত চলোৱা এগৰাকী সুন্দৰী বোৱাৰী
কেনে আছে অসমৰ ৰুক্মিণী বৰুৱা ? আহমেদাবাদত ভয়ংকৰ বিমান দুৰ্ঘটনা পতিত অসমৰ যুৱতী
পঞ্জাৱত মৃত্যু অসমৰ যুৱকৰ
'খাদ্য নাই, পানী নাই, শান্তি নাই'-গাজাত ইজৰাইলী আক্রমণত সন্তানক হেৰুওৱা মাতৃৰ চিৎকাৰ
'মোদীৰ দৰে মিছলীয়া প্ৰাধানমন্ত্ৰী কেতিয়াও দেখা নাই' খৰ্গেৰ মন্তব্য
গাড়ীত উদ্ধাৰ জনপ্ৰিয় ছ'চিয়েল মিডিয়া ইনফ্লুৱেন্সাৰৰ মৃতদেহ
উৰণৰ সময়তেই পুৰি ছাই হ’ল এয়াৰ ইণ্ডিয়াৰ বিমান:শতাধিক যাত্ৰীৰ মৃত্যুৰ আশংকা
গ্ৰীষ্ম-প্ৰৱাহ ; হীট ষ্ট্ৰ'কত ৰাজ্যত দুজনৰ মৃত্যু
কিয় কুখ্যাত সন্ত্ৰাসবাদী লাডেনে পাকিস্তানত নিৰাপদ অনুভৱ কৰিছিল?