ডিজিটেল ডেস্কঃ ভাৰতীয় অৰ্থনীতিত শেহতীয়াকৈ আৰম্ভ হোৱা কেতবোৰ বিষয়ৰ অৱনতিয়ে এতিয়া অৰ্থনীতিৰ বিকাশকলৈ প্ৰশ্নৰ উদ্ৰেক ঘটাইছে। অতি দ্ৰুত হাৰত অৱনমন ঘটিছে মাৰ্কিন ডলাৰৰ তুলনাত ভাৰতীয় টকাৰ মূল্য। বিগত কিছুদিন ধৰি ভাৰতৰ মুদ্ৰাৰ মূল্য ডলাৰৰ হিচাপত হ্ৰাস হৈয়েই আছে। আজিও ভাৰতীয় টকাৰ মূল্য অভিলেখ হাৰত হ্ৰাস পাইছে। ডলাৰৰ মূল্য প্ৰথমবাৰৰ বাবে ৮৩ টকা অতিক্ৰম কৰে। আজিৰ দিনটোতএক ডলাৰৰ বিপৰীতে ভাৰতীয় টকাৰ মূল্য হৈছে ৮৩ টকা ১৭ পইচা।
ডলাৰৰ বিপৰীতে টকাৰ মূল্য হ্ৰাস পোৱাৰ ফলত শ্বেয়াৰ বজাৰতো ইয়াৰ প্ৰভাৱ পৰিব বুলি আশংকা কৰা হৈছে। এনেদৰে ডলাৰৰ বিপৰীতে ভাৰতীয় টকাৰ মূল্য হ্ৰাস পাই গৈ থাকিলে ভাৰতীয় অৰ্থনীতি বাৰুকৈয়ে ক্ষতিগ্ৰস্ত হোৱাৰ আশংকা কৰিছে বিজ্ঞ মহলে। ইয়াৰ ফলত দেশত বিনিয়োগ হ্ৰাস পোৱাৰ লগতে মুদ্ৰাস্ফীতিও বৃদ্ধি পাব।
ইপিনে সোণৰ বৰ্ধিত মূল্যই চিন্তিত কৰি তুলিছে গ্ৰাহকক। এতিয়া বিয়াৰ বতৰ আৰম্ভ হৈছে। এনে সময়তে বজাৰত প্ৰতি ১০ গ্ৰাম সোণৰ মূল্য হৈছে ৬৭,৬৫০ টকা। এই মূল্যৰ সৈতে জিএছটি আৰোপ কৰাৰ পিছত প্ৰতি ১০ গ্ৰাম সোণৰ মূল্য প্ৰায় ৭০ হাজাৰ টকা হৈছে। ইপিনে প্ৰতি কিলোগ্ৰাম ৰূপৰো মূল্য হঠাতে ১৩৫০ টকা বৃদ্ধি পাইছে। ফলত এক কিলোগ্ৰাম ৰূপৰ মূল্য এতিয়া হৈছেগৈ ৭৫,৫০০ টকা।