--°C
Loading...
Advertisement
Advertisement
Listen to Article
2 min read
80%

মুম্বাইঃ ভাৰতৰ বেটিং কিংবদন্তি শচীন তেণ্ডুলকাৰৰ জীয়ৰী চাৰা তেণ্ডুলকাৰক তেওঁৰ পিতৃৰ বিভিন্ন খেলৰ সময়ত গেলেৰীত দেখা পোৱা গৈছিল। তেতিয়াৰ চাৰা এতিয়া ডাঙৰ হ’ল! চলিত বৰ্ষৰ অক্টোবৰত ২৪ বছৰীয়া হ’ব চাৰা। এজন চেলিব্ৰিটী পিতৃৰ জীয়ৰী হিচাপে চাৰা পূৰ্বৰ পৰাই লাইমলাইটত আছিল। কিন্তু চাৰাই তাইৰ বিনয়ী হাঁহি আৰু ব্যক্তিত্বৰে সকলোৰে দৃষ্টি আকৰ্ষণ কৰিবলৈ সক্ষম হৈছে। শচীন তনয়াই বলীউডৰ নায়িকাসকলক সৌন্দৰ্যৰ ক্ষেত্ৰতো অতিক্ৰম কৰিবলৈ সক্ষম হ’ব বুলি গুণা-গাঁথা চলিছে।


শেহতীয়াকৈ চাৰাই বলীউডৰ নায়ক শ্বাহীদ কাপুৰৰ সৈতে হিন্দী চলচ্চিত্ৰত অভিনয় কৰিব বুলি উৰা বাতৰি প্ৰকাশ পাইছিল। অৱশ্যে, পৰৱৰ্তী সময়ত পিতৃ শচীন তেণ্ডুলকাৰে জীয়ৰী চাৰাৰ হিন্দী চিনেমাত অভিনয় কৰাৰ কোনো পৰিকল্পনা নাই বুলি স্পষ্টীকৰণ দিছিল।বলীউডত অভিনয় নকৰিলেও বলীউড অভিনেতা ৰণবীৰ কাপুৰৰ প্ৰতি প্ৰৱল আকৰ্ষণ আছে চাৰা তেণ্ডুলকাৰৰ। ৰণবীৰ কাপুৰ তেওঁৰ ‘চেলিব্ৰিটী ক্ৰাছ’- বুলি চাৰাই মুকলিকৈ এটা সাক্ষাৎকাৰত কৈছিল। লগতে ৰণবীৰ অভিনিত ‘বাজীৰাও মস্তানী’ প্ৰিয় চলচ্চিত্ৰ বুলিও উল্লেখ কৰিছিল চাৰাই।

হিন্দী চলচ্চিত্ৰত অভিনয় কৰাৰ উৰা বাতৰিৰ উপৰি ভাৰতীয় যুৱ ক্ৰিকেটাৰ শুভমন গীলৰ সৈতে চাৰাৰ প্ৰেম কাহিনীৰো বু-বু-বা-বা চলিছিল। অৱশ্যে চাৰা আৰু শুভমন দুয়োজনে এই ক্ষেত্ৰত কোনো প্ৰতিক্ৰিয়া ব্যক্ত কৰা নাই। চাৰাই লণ্ডনৰ পৰা স্নাতক ডিগ্ৰী সম্পূৰ্ণ কৰিছে। সামাজিক মাধ্যমতো প্ৰভূত জনপ্ৰিয়তা আছে চাৰা তেণ্ডুলকাৰৰ। চাৰাৰ ইনষ্টাগ্ৰামত মুঠ ৮২খন ছবি আছে। কিন্তু তেওঁক অনুসৰণকাৰীৰ সংখ্যা ১.২ নিযুত। সম্প্ৰতি চাৰা এটি ‘চেলিব্ৰিটি শিশু’- বুলিও বহুতে প্ৰকাশ কৰিছে। সম্প্ৰতি শচীন তনয়াই অভিনয়ৰ সৈতে জড়িত নোহোৱাৰ কথা পিতৃয়ে প্ৰকাশ কৰিলেও অদূৰ ভৱিষ্যতে চলচ্চিত্ৰপ্ৰেমীয়ে চাৰাক বলীউডৰ মঞ্চত দেখাৰ সম্ভাৱনাক নুই কৰিব নোৱাৰি!

FOLLOW US F
POPULAR
FEATURE
TRENDY
এইবাৰ ১০ হাজাৰ শিল্পীক লৈ বাগৰুম্বা প্ৰদৰ্শনৰ প্ৰস্তুতি চৰকাৰৰ
ইৰানত ব্যাপক ধ্বংসলীলা
ৰিক্সা চলাই পঢ়ুৱাইছিল কন্যাক, চাকৰিৰ বাবে লণ্ডনলৈ যাওতে বিমান দুৰ্ঘটনাত মৃত্যু পায়েলৰ
নগাঁও আৰক্ষীৰ জালত দুৰ্ধৰ্ষ বাইক চোৰ নবী হুছেইন
পাকিস্তানক ধনী কৰিবলৈ চেষ্টা বিশ্ব বেংক, আইএমএফ আৰু আইএফচিৰ! জানক কাৰণ
প্ৰেমৰ মায়াজালেৰে লুটপাত চলোৱা এগৰাকী সুন্দৰী বোৱাৰী
কেনে আছে অসমৰ ৰুক্মিণী বৰুৱা ? আহমেদাবাদত ভয়ংকৰ বিমান দুৰ্ঘটনা পতিত অসমৰ যুৱতী
পঞ্জাৱত মৃত্যু অসমৰ যুৱকৰ
'খাদ্য নাই, পানী নাই, শান্তি নাই'-গাজাত ইজৰাইলী আক্রমণত সন্তানক হেৰুওৱা মাতৃৰ চিৎকাৰ
'মোদীৰ দৰে মিছলীয়া প্ৰাধানমন্ত্ৰী কেতিয়াও দেখা নাই' খৰ্গেৰ মন্তব্য
গাড়ীত উদ্ধাৰ জনপ্ৰিয় ছ'চিয়েল মিডিয়া ইনফ্লুৱেন্সাৰৰ মৃতদেহ
উৰণৰ সময়তেই পুৰি ছাই হ’ল এয়াৰ ইণ্ডিয়াৰ বিমান:শতাধিক যাত্ৰীৰ মৃত্যুৰ আশংকা
গ্ৰীষ্ম-প্ৰৱাহ ; হীট ষ্ট্ৰ'কত ৰাজ্যত দুজনৰ মৃত্যু
কিয় কুখ্যাত সন্ত্ৰাসবাদী লাডেনে পাকিস্তানত নিৰাপদ অনুভৱ কৰিছিল?