--°C
Loading...
Advertisement
Advertisement
Listen to Article
2 min read
80%

মুম্বাই : দেশৰ এগৰাকী ধনাঢ্য ব্যৱসায়ী তথা জনপ্ৰিয় অভিনেত্ৰী শিল্পা ছেট্টীৰ স্বামী ৰাজ কুন্দ্ৰাক গ্ৰেপ্তাৰৰ পাছতে পৰ্নোগ্ৰাফিক ছবি নিৰ্মাণ সম্পৰ্কীয় ভালেমান নতুন তথ্য পোহৰলৈ আহিছে। মুম্বাইত চলি থকা পৰ্ন ৰেকেটৰ এক বিস্তৃত পৰিসৰ থকাৰ সম্ভেদ লাভ কৰিছে আৰক্ষীয়ে। ভালেমান ক্ষুদ্ৰ ক্ষুদ্ৰ প্ৰডাকচন হাউচৰ সহযোগত এই ৰেকেটে নিজৰ কাম চলাই আহিছিল। হটশ্বট নামৰ ষ্ট্ৰিমিং এপ্লিকেচনৰ সৈতে এই প্ৰডাকচন হাউছবোৰ সংযুক্ত আছিল বুলি আৰক্ষীয়ে প্ৰকাশ কৰিছে। এই ষ্ট্ৰিমিং এপটো এতিয়া ডিলিট কৰা হৈছে যদিও আৰক্ষীয়ে এই সম্পৰ্কীয় ভালেমান তথ্য লাভ কৰিবলৈ সক্ষম হৈছে।

এটা সূত্ৰই প্ৰকাশ কৰা মতে, মুম্বাই আৰক্ষীয়ে ৭০টা পৰ্ন ভিডিঅ’ উদ্ধাৰ কৰিবলৈ সক্ষম হৈছে। এই ভিডিঅ’বোৰ ৰাজ কুন্দ্ৰাৰ প্ৰাক্তন ব্যক্তিগত সহায়ক উমেশ কামাটে শ্বুট কৰিছিল। আন ভালেমান প্ৰডাকচন হাউছে এই কামত সহযোগ কৰিছিল। আনহাতে আৰক্ষীয়ে কেৱল হটশ্বট এপৰ কাৰণে নিৰ্মাণ কৰা ৯০টা ভিডিঅ’ উদ্ধাৰ কৰিবলৈ সক্ষম হৈছে।

আৰক্ষীয়ে এতিয়া মুম্বাইৰ এনে ক্ষুদ্ৰ প্ৰডাকচন হাউছবোৰৰ ওপৰতো নজৰ ৰাখিছে। উল্লেখ্য যে, ৰাজ কুন্দ্ৰাৰ বিৰুদ্ধে কেৱল পৰ্ন’গ্ৰাফিক ভিডিঅ’ নিৰ্মাণৰ অভিযোগত গোচৰ ৰুজু হোৱা নাই বৰং তেওঁ ৱেব ছিৰিজত অভিনয়ত সুযোগ দিয়াৰ প্ৰলোভনেৰে বহু লোকক এনে ভিডিঅ’ত ভাগ ল’বলৈ প্ৰৰোচিত কৰাৰো অভিযোগ উত্থাপন হৈছে। ইফালে কুন্দ্ৰাৰ অধিবক্তাই দাবী কৰিছে যে, এই বিশেষ এপটোৰ ভিডিঅ’বোৰ অশ্লীল হ’লেও পৰ্ন’গ্ৰাফিক নহয়।

FOLLOW US F
POPULAR
FEATURE
TRENDY
এইবাৰ ১০ হাজাৰ শিল্পীক লৈ বাগৰুম্বা প্ৰদৰ্শনৰ প্ৰস্তুতি চৰকাৰৰ
ইৰানত ব্যাপক ধ্বংসলীলা
ৰিক্সা চলাই পঢ়ুৱাইছিল কন্যাক, চাকৰিৰ বাবে লণ্ডনলৈ যাওতে বিমান দুৰ্ঘটনাত মৃত্যু পায়েলৰ
নগাঁও আৰক্ষীৰ জালত দুৰ্ধৰ্ষ বাইক চোৰ নবী হুছেইন
পাকিস্তানক ধনী কৰিবলৈ চেষ্টা বিশ্ব বেংক, আইএমএফ আৰু আইএফচিৰ! জানক কাৰণ
প্ৰেমৰ মায়াজালেৰে লুটপাত চলোৱা এগৰাকী সুন্দৰী বোৱাৰী
কেনে আছে অসমৰ ৰুক্মিণী বৰুৱা ? আহমেদাবাদত ভয়ংকৰ বিমান দুৰ্ঘটনা পতিত অসমৰ যুৱতী
পঞ্জাৱত মৃত্যু অসমৰ যুৱকৰ
'খাদ্য নাই, পানী নাই, শান্তি নাই'-গাজাত ইজৰাইলী আক্রমণত সন্তানক হেৰুওৱা মাতৃৰ চিৎকাৰ
'মোদীৰ দৰে মিছলীয়া প্ৰাধানমন্ত্ৰী কেতিয়াও দেখা নাই' খৰ্গেৰ মন্তব্য
গাড়ীত উদ্ধাৰ জনপ্ৰিয় ছ'চিয়েল মিডিয়া ইনফ্লুৱেন্সাৰৰ মৃতদেহ
উৰণৰ সময়তেই পুৰি ছাই হ’ল এয়াৰ ইণ্ডিয়াৰ বিমান:শতাধিক যাত্ৰীৰ মৃত্যুৰ আশংকা
গ্ৰীষ্ম-প্ৰৱাহ ; হীট ষ্ট্ৰ'কত ৰাজ্যত দুজনৰ মৃত্যু
কিয় কুখ্যাত সন্ত্ৰাসবাদী লাডেনে পাকিস্তানত নিৰাপদ অনুভৱ কৰিছিল?