ডিজিটেল ডেস্কঃ এখন বিয়া খুব সুন্দৰকৈ চলি আছিল কিন্তু বতৰে দিলে বিধি-পথালি। বিয়াঘৰত লাগিল হাহাকাৰ। প্ৰচণ্ড বৰষুণে বিয়াৰ মণ্ডপটো নষ্ট কৰি পেলালে।হিন্দু প্ৰথা মতে বিয়াৰ প্ৰায় সকলো ৰীতি-নীতি সম্পন্ন হৈছিল মাত্ৰ অলপ নিয়ম বাকী আছিল তেতিয়াই ধাৰাষাৰে নামি আহিল বৰষুণ। শেষ মুহূৰ্তত ধাৰাসাৰ বৰষুণে মণ্ডপটো তিয়াই পেলায়, যাৰ ফলত সমগ্ৰ বিয়াঘৰত অস্থিৰতাই বিৰাজ কৰিলে।
ইফালে ওচৰৰ এটা বিবাহ ভৱনত এটা মুছলমান পৰিয়ালৰ বিয়াৰ অভ্যৰ্থনা চলি আছিল। বিয়াঘৰৰ পৰিয়ালৰ একাংশ বয়োজ্যেষ্ঠ লোকে যেতিয়া তালৈ সহায় বিচাৰি গল, তেতিয়া মুছলমান পৰিয়ালটোৱে কোনো সংকোচ নকৰাকৈয়ে প্ৰায় এঘণ্টা ধৰি নিজৰ মঞ্চ এৰি দিলে। তাতে মংগল অষ্টকম আৰু পৰম্পৰাগত ৰীতি-নীতিৰে বিবাহ সম্পন্ন হল হিন্দু দৰা-কইনাৰ।
হিন্দু আৰু মুছলমান দৰা-কইনাই বিয়াৰ মঞ্চত একেলগে ভাগ ললে। কইনাৰ আত্মীয়ই কয় যে দুয়োটা ধৰ্মৰ সহযোগত বিবাহ অনুষ্ঠান সম্পূৰ্ণ কৰা হৈছে।
এই বিবাহৰ পিছত দুয়োটা ধৰ্মৰ মানুহে একেলগে খাদ্য খাইছিল। এই দৃশ্যটো হৈ পৰিল পাৰস্পৰিক সম্প্ৰীতি আৰু সামাজিক ঐক্যৰ নিদৰ্শন। ধৰ্মক লৈ সমাজত উত্তেজনাৰ বাতৰি সঘনাই প্ৰকাশ পোৱাৰ সময়ত এনে উদাহৰণে মানুহক একেলগে জীয়াই থকাৰ পথ দেখুৱাই দিলে। এই ঘটনা ঘটিছে পুনেৰ ৱানাৱাড়ী অঞ্চলত। এই ঘটনাক লৈ পুনেৰ মানুহৰ মাজত ইতিবাচক চৰ্চা চলিছে।