--°C
Loading...
Advertisement
Advertisement
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: দুৰ্গা পূজালৈ মাজত মাথোঁ কেইটামান দিন বাকী৷বৰষুণে ম্লান কৰিব পাৰে উৎসৱৰ আনন্দ৷ বাতৰ বিজ্ঞান বিভাগে নৱৰাত্ৰি আৰু দশেৰাৰ সময়ত ধাৰাসাৰ বৰষুণৰ সম্ভাৱনা প্ৰকাশ কৰি জাৰি কৰিছে সতৰ্কবাণী৷ আগন্তুক ছটা দিনৰ বতৰৰ প্ৰতিবেদন প্ৰকাশ কৰিছে আই এম ডিয়ে৷ দেশৰ প্ৰায়বোৰ ৰাজ্যতে বৰষুণৰ প্ৰভাৱ দেখা পোৱা যাব বুলি উল্লেখ কৰিছে প্ৰতিবেদনত।

বতৰ বিজ্ঞান বিভাগে প্ৰকাশ কৰা প্ৰতিবেদন অনুসৰি আগন্তুক ৪-৫ দিনত উত্তৰ-পূব ৰাজ্যসমূহৰ ওপৰত প্ৰচণ্ডৰ বৰষুণৰ লগে লগে বৰষুণৰ বাবে সমস্যা বৃদ্ধি পোৱাৰ সম্ভাৱনা প্ৰকট কৰিছে। ইয়াৰোপৰি আগন্তুক ৪-৫ দিনত দক্ষিণ উপদ্বীপ ভাৰতৰ কিছু অংশতো প্ৰবল বৰষুণৰ সম্ভাৱনা আছে।

বতৰ বিজ্ঞান বিভাগৰ তথ্য অনুসৰি অহা ২ অক্টোবৰত বিহাৰ, অন্ধ্ৰপ্ৰদেশ, তামিলনাডু, কেৰালা, কৰ্ণাটক, অসম, অৰুণাচল প্ৰদেশ, মেঘালয়, মিজোৰাম, মণিপুৰ, ত্ৰিপুৰা, নাগালেণ্ড আৰু ছিকিমত ধাৰাসাৰ বৰষুণৰ সম্ভাৱনা আছে; ৩ অক্টোবৰত অৰুণাচল প্ৰদেশ আৰু অসমত প্ৰচণ্ড বৰষুণৰ সম্ভাৱনা থকাৰ বিপৰীতে বিহাৰ, মধ্যপ্ৰদেশ, অন্ধ্ৰপ্ৰদেশ আৰু তামিলনাডুতো ধাৰাসাৰ বৰষুণৰ সম্ভাৱনা প্ৰকাশ কৰিছে;

উত্তৰ প্ৰদেশত বিগত ৪ দিন ধৰি ধাৰাসাৰ বৰষুণৰ ফলত জীৱনধাৰণত বিস্তৰ ক্ষতিগ্ৰস্ত হৈছে। বতৰ বিজ্ঞান বিভাগে ৫০ খন জিলাত ধাৰাসাৰ বৰষুণ আৰু বজ্ৰপাতৰ সতৰ্কবাণী জাৰি কৰিছে।মহাৰাজগঞ্জত নেপালে এৰি দিয়া পানীৰ বাবে ২০খনতকৈও অধিক গাঁও ডুব গৈছিল, য’ত প্ৰায় ৫০ হাজাৰ লোক ক্ষতিগ্ৰস্ত হৈছে। SDRF ৰ দলে ১৫০ জন লোকক নিৰাপদে উলিয়াই আনিলে। এই পৰ্যন্ত ৰাজ্যখনত বৰষুণ আৰু বানপানীৰ ফলত ১৯ জন লোকৰ মৃত্যু হৈছে। ৰাজ্যখনৰ ২৫ খন জিলাৰ ১৬৮ খন গাঁও বানৰ কবলত আছে। এইবাৰ বাৰিষাৰ সময়ত ৭৪৪.৩ মিলিমিটাৰ বৰষুণ হোৱা বুলি জানিব পৰা গৈছে৷

বতৰ বিজ্ঞান বিভাগৰ তথ্য অনুসৰি ৪ অক্টোবৰত মধ্যপ্ৰদেশ, বিহাৰ, অসম, অৰুণাচল প্ৰদেশ, মেঘালয়, মিজোৰাম, মণিপুৰ, ত্ৰিপুৰা, অন্ধ্ৰপ্ৰদেশ, নাগালেণ্ড আৰু তামিলনাডুত ধাৰাসাৰ বৰষুণৰ সম্ভাৱনা আছে; ৫ অক্টোবৰত অসম, নাগালেণ্ড, মেঘালয়, মিজোৰাম, মণিপুৰ আৰু ত্ৰিপুৰাত ধাৰাসাৰ বৰষুণৰ সম্ভাৱনা আছে; ৬ অক্টোবৰতো অসম, নাগালেণ্ড, মেঘালয়, মিজোৰাম, মণিপুৰ আৰু ত্ৰিপুৰাত ধাৰাসাৰ বৰষুণৰ সম্ভাৱনা আছে; ঝাৰখণ্ডতো নৱৰাত্ৰি আৰু দুৰ্গা পূজাৰ সময়ত তীব্ৰ বৰষুণৰ সতৰ্কবাণী জাৰি কৰিছে বতৰ বিজ্ঞান বিভাগে৷
FOLLOW US F
POPULAR
FEATURE
TRENDY
এইবাৰ ১০ হাজাৰ শিল্পীক লৈ বাগৰুম্বা প্ৰদৰ্শনৰ প্ৰস্তুতি চৰকাৰৰ
ইৰানত ব্যাপক ধ্বংসলীলা
ৰিক্সা চলাই পঢ়ুৱাইছিল কন্যাক, চাকৰিৰ বাবে লণ্ডনলৈ যাওতে বিমান দুৰ্ঘটনাত মৃত্যু পায়েলৰ
নগাঁও আৰক্ষীৰ জালত দুৰ্ধৰ্ষ বাইক চোৰ নবী হুছেইন
পাকিস্তানক ধনী কৰিবলৈ চেষ্টা বিশ্ব বেংক, আইএমএফ আৰু আইএফচিৰ! জানক কাৰণ
প্ৰেমৰ মায়াজালেৰে লুটপাত চলোৱা এগৰাকী সুন্দৰী বোৱাৰী
কেনে আছে অসমৰ ৰুক্মিণী বৰুৱা ? আহমেদাবাদত ভয়ংকৰ বিমান দুৰ্ঘটনা পতিত অসমৰ যুৱতী
পঞ্জাৱত মৃত্যু অসমৰ যুৱকৰ
'খাদ্য নাই, পানী নাই, শান্তি নাই'-গাজাত ইজৰাইলী আক্রমণত সন্তানক হেৰুওৱা মাতৃৰ চিৎকাৰ
'মোদীৰ দৰে মিছলীয়া প্ৰাধানমন্ত্ৰী কেতিয়াও দেখা নাই' খৰ্গেৰ মন্তব্য
গাড়ীত উদ্ধাৰ জনপ্ৰিয় ছ'চিয়েল মিডিয়া ইনফ্লুৱেন্সাৰৰ মৃতদেহ
উৰণৰ সময়তেই পুৰি ছাই হ’ল এয়াৰ ইণ্ডিয়াৰ বিমান:শতাধিক যাত্ৰীৰ মৃত্যুৰ আশংকা
গ্ৰীষ্ম-প্ৰৱাহ ; হীট ষ্ট্ৰ'কত ৰাজ্যত দুজনৰ মৃত্যু
কিয় কুখ্যাত সন্ত্ৰাসবাদী লাডেনে পাকিস্তানত নিৰাপদ অনুভৱ কৰিছিল?