--°C
Loading...
Advertisement
Advertisement
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃএক কিলোমিটাৰ মানেই কিমান দূৰ কল্পনা কৰি চাওঁকচোন। সেই দূৰত্ব যদি ডেৰ কিলোমিটাৰ হয় আৰু ঠিক তেনে দূৰত্বৰ সমানে উলম্ব ভাবে এটা অট্টালিকা নিৰ্মাণ কৰা হয় তেন্তে ,সেয়া কিমান ওখ হ’ব ভাবিবলৈও কিছু থমকি ৰ’বলগীয়া হ’ব। কিন্তু প্ৰায় ডেৰ কিলোমিটাৰ উচ্চতাৰেই এটা অট্টালিকা নিৰ্মাণ হ’ব জাপানত। 

এই অট্টালিকাটোৱেই হ’ব বিশ্বৰ আটাইতকৈ ওখ অট্টালিকা।  ডুবাইৰ বুৰ্জ খলিফা বা পেৰিছৰ আইফেল টাৱাৰতকৈও বহু গুণে ওখ এই অট্টালিকাটোৰ নাম ৰখা হৈছে 'স্কাই মাইল টাৱাৰ'। জাপানৰ  টকিঅ' চহৰৰ সাগৰৰ মাজত নিৰ্মাণ কৰা হ’ব বিশ্বৰ আটাইতকৈ ওখ অট্টালিকাটো ।

'নেক্সট টকিঅ' ২০৪৫' পৰিকল্পনাৰ অধীনত 'স্কাই মাইল টাৱাৰ' নিৰ্মাণ কৰা হ’ব। ইয়াৰ উচ্চতা হ’ব ১,৭০০ মিটাৰ (৫,৫৭৭ ফুট)। উচ্চতাৰ ক্ষেত্ৰত, বুৰ্জ খলিফা আৰু আইফেল টাৱাৰেও ইয়াৰ সৈতে ফেৰ মাৰিব নোৱাৰিব। জানিব পৰা মতে এই ভৱনটো বুৰ্জ খলিফাৰ উচ্চতাৰ দুগুণ আৰু আইফেল টাৱাৰৰ উচ্চতাৰ পাঁচগুণ।


বিশ্বৰ অন্যতম আগশাৰীৰ স্থাপত্য নিৰ্মাণ কোম্পানী ক'ন পেডাৰ্চেন ফক্স এছ'চিয়েটছে টকিঅ'ত  এই ভৱনটো নিৰ্মাণ কৰিব।  কোম্পানীটোৰ মুখ্য কাৰ্যালয় আমেৰিকা যুক্তৰাষ্ট্ৰৰ নিউয়ৰ্ক চহৰত অৱস্থিত।টকিঅ'ত ইমান ডাঙৰ অট্টালিকা নিৰ্মাণ কৰিবলৈ কোনো মাটি  নাছিল। গতিকে টকিঅ'ৰ উপসাগৰীয় অঞ্চলত এটা কৃত্ৰিম দ্বীপপুঞ্জ নিৰ্মাণ কৰা হ'ব আৰু এই টাৱাৰটো ইয়াৰ ঠিক মাজতে নিৰ্মাণ কৰা হ'ব, ঠিক ডুবাইৰ বুৰ্জ আল আৰৱৰ দৰে। পৰিকল্পনা অনুসৰি, নিৰ্মাণ ২০৩০ চনৰ পৰা আৰম্ভ হ'ব। কোম্পানীটোৱে ঘোষণা কৰিছে যে ই ২০৪৫ চনৰ ভিতৰত ইয়াৰ নিৰ্মাণ কাৰ্য সম্পূৰ্ণ কৰিব।

এই অট্টালিকাত একেলগে ৫৫ হাজাৰ  লোকে  বাস কৰিব পাৰিব। অৱশ্যে, সাগৰৰ মাজত এনে এটা উচ্চ অট্টালিকা নিৰ্মাণ কৰিবলৈ যথেষ্ট সমস্যাৰ সৃষ্টি হ'ব।

ভৱনটো এনেদৰে ডিজাইন কৰা হৈছে  যে উচ্চতা বেছি হোৱাৰ বাবে তীব্ৰ বতাহ বা ধুমুহাই ইয়াৰ ক্ষতি কৰিব নোৱাৰে। সেইবাবে  ভৱনটো ষড়ভুজৰ আকৃতিত নিৰ্মাণ কৰা হ'ব। 

ফলস্বৰূপে গোটেই ভৱনটোৱে বায়ু প্ৰতিৰোধী হিচাপে কাম কৰিব।  ৪২১ টা  মহলা থাকিবলগীয়া টাৱাৰৰ ওপৰৰ মহলাত পানী যোগান ধৰাটো  এটা গুৰুতৰ সমস্যা হৈ থিয় দিব। ইয়াৰ সমাধান হিচাবে  ভৱনটোৰ মাজত পানী সংৰক্ষণ কৰিবলৈ  বিশেষ জল ভাণ্ডাৰ সজা হ'ব। 

টাৱাৰটোত ৰেষ্টুৰেণ্টৰ পৰা আৰম্ভ কৰি  জিম, শ্বপিং মল, চিকিৎসালয়, হোটেল, পুথিভঁৰাললৈকে সকলো সুবিধাই থাকিব। অৰ্থাৎ, যিসকলে ইয়াত বাস কৰিব  তেওঁলোকে যাতে হাতৰ কাষতে সকলো সুবিধা লাভ কৰে তাৰ ব্যৱস্থা কৰা হ’ব। এক কথাত ক’বলৈ গ’লে 'স্কাই মাইল টাৱাৰ' হ’ব বিশ্বৰ আধুনিক প্ৰযুক্তিৰ এক অন্যতম নিদৰ্শন।
FOLLOW US F
POPULAR
FEATURE
TRENDY
এইবাৰ ১০ হাজাৰ শিল্পীক লৈ বাগৰুম্বা প্ৰদৰ্শনৰ প্ৰস্তুতি চৰকাৰৰ
ইৰানত ব্যাপক ধ্বংসলীলা
ৰিক্সা চলাই পঢ়ুৱাইছিল কন্যাক, চাকৰিৰ বাবে লণ্ডনলৈ যাওতে বিমান দুৰ্ঘটনাত মৃত্যু পায়েলৰ
নগাঁও আৰক্ষীৰ জালত দুৰ্ধৰ্ষ বাইক চোৰ নবী হুছেইন
পাকিস্তানক ধনী কৰিবলৈ চেষ্টা বিশ্ব বেংক, আইএমএফ আৰু আইএফচিৰ! জানক কাৰণ
প্ৰেমৰ মায়াজালেৰে লুটপাত চলোৱা এগৰাকী সুন্দৰী বোৱাৰী
কেনে আছে অসমৰ ৰুক্মিণী বৰুৱা ? আহমেদাবাদত ভয়ংকৰ বিমান দুৰ্ঘটনা পতিত অসমৰ যুৱতী
পঞ্জাৱত মৃত্যু অসমৰ যুৱকৰ
'খাদ্য নাই, পানী নাই, শান্তি নাই'-গাজাত ইজৰাইলী আক্রমণত সন্তানক হেৰুওৱা মাতৃৰ চিৎকাৰ
'মোদীৰ দৰে মিছলীয়া প্ৰাধানমন্ত্ৰী কেতিয়াও দেখা নাই' খৰ্গেৰ মন্তব্য
গাড়ীত উদ্ধাৰ জনপ্ৰিয় ছ'চিয়েল মিডিয়া ইনফ্লুৱেন্সাৰৰ মৃতদেহ
উৰণৰ সময়তেই পুৰি ছাই হ’ল এয়াৰ ইণ্ডিয়াৰ বিমান:শতাধিক যাত্ৰীৰ মৃত্যুৰ আশংকা
গ্ৰীষ্ম-প্ৰৱাহ ; হীট ষ্ট্ৰ'কত ৰাজ্যত দুজনৰ মৃত্যু
কিয় কুখ্যাত সন্ত্ৰাসবাদী লাডেনে পাকিস্তানত নিৰাপদ অনুভৱ কৰিছিল?