--°C
Loading...
Advertisement
Advertisement
Listen to Article
2 min read
80%

নতুন দিল্লী : ব্যক্তিগত বাহনত অকলশৰে ভ্ৰমণ কৰিলেও মাস্ক পিন্ধাটো বাধ্যতামূলক। দেশৰ ক’ভিড পৰিস্থিতিৰ ভয়াৱহতাৰ মাজতে এই নিৰ্দেশনা জাৰি কৰিছে দিল্লী উচ্চ ন্যায়ালয়ে। ন্যায়ালয়ে আজি এই নিৰ্দেশ দি কয় যে, পথত চলি থকা এখন ব্যক্তিগত বাহনো ৰাজহুৱা স্থানৰ পৰিসীমাৰ ভিতৰতে যিহেতু থাকে সেয়েহে ব্যক্তিগত বাহনত অকলে থাকিলেও ৰাজহুৱা স্থানত মাস্ক পৰিধান কৰিবই লাগিব।

আৰু পঢ়িব পাৰিব : শিখা শৰ্মাক দলবদ্ধ ধর্ষণ কৰাৰ ভাবুকি দিয়া বিজেপিৰ কৰ্মীক কিয় গ্ৰেপ্তাৰ কৰা নহ’লঃ ৰিপুন বৰা

ন্যায়ালয়ে আৰক্ষীয়ে জৰিমনা বিহা এটা ঘটনাক প্ৰত্যাহ্বান জনাই আবেদন দাখিল কৰা অধিবক্তাকো এই ৰায়ৰ জৰিয়তে ৰ্ভৎসনা কৰে। ন্যায়াধীশ প্ৰথিবা এম সিঙে কয় যে, পথত চলি থকা এখন ব্যক্তিগত বাহনো যিহেতু ৰাজহুৱা স্থানতে থাকে সেয়েহে তাত এজন লোকে ভ্ৰমণ কৰিলেও মাস্ক পিন্ধাটো বাধ্যতামূলক হৈ পৰে।

‘মাস্ক এখনে এখন সুৰক্ষা কৱচৰ কাম কৰে, যাৰ জৰিয়তে এই ভাইৰাছৰ সংক্ৰমণ ৰোধ কৰাটো সম্ভৱ।’ ন্যায়াধীশগৰাকীয়ে বিভিন্নজন বিশেষজ্ঞৰ কথাৰ উল্লেখেৰে ভাইৰাছৰ সংক্ৰমণ ৰোধ কৰাৰ বাবে মাস্ক ব্যৱহাৰৰ প্ৰয়োজনীয়তাৰ কথাও সোঁৱৰাই দিয়ে।

আৰু পঢ়িব পাৰিব : একে নিশাই তিনিটা বিধ্বংসী অগ্নিকাণ্ড ! অগ্নিদগ্ধ ৭জন

উল্লেখ্য যে, বিগত বৰ্ষৰ ছেপ্টেম্বৰ মাহতে সুভাষ শৰ্মা নামৰ এগৰাকী অধিবক্তাই ন্যায়ালয়ত এই আবেদন দাখিল কৰিছিল। তেওঁক মাস্ক নিপিন্ধাৰ বাবে ৫০০ টকাৰ জৰিমনা বিহিছিল আৰক্ষীয়ে। শৰ্মাই দাবী কৰিছিল যে, ব্যক্তিগত বাহনত অকলে ভ্ৰমণ কৰিলে মাস্ক পৰিধান কৰিব লাগে বুলি কোনো নিৰ্দেশনা আৰক্ষীয়ে তেওঁক দেখুৱাব পৰা নাছিল। আজি ন্যায়ালয়ে এই আবেদনৰ শুনানি গ্ৰহণ কৰি তেনে পৰিস্থিতিতো মাস্ক পিন্ধাটো বাধ্যতামূলক বুলি স্পষ্ট কৰি দিয়ে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
এইবাৰ ১০ হাজাৰ শিল্পীক লৈ বাগৰুম্বা প্ৰদৰ্শনৰ প্ৰস্তুতি চৰকাৰৰ
ইৰানত ব্যাপক ধ্বংসলীলা
ৰিক্সা চলাই পঢ়ুৱাইছিল কন্যাক, চাকৰিৰ বাবে লণ্ডনলৈ যাওতে বিমান দুৰ্ঘটনাত মৃত্যু পায়েলৰ
নগাঁও আৰক্ষীৰ জালত দুৰ্ধৰ্ষ বাইক চোৰ নবী হুছেইন
পাকিস্তানক ধনী কৰিবলৈ চেষ্টা বিশ্ব বেংক, আইএমএফ আৰু আইএফচিৰ! জানক কাৰণ
প্ৰেমৰ মায়াজালেৰে লুটপাত চলোৱা এগৰাকী সুন্দৰী বোৱাৰী
কেনে আছে অসমৰ ৰুক্মিণী বৰুৱা ? আহমেদাবাদত ভয়ংকৰ বিমান দুৰ্ঘটনা পতিত অসমৰ যুৱতী
পঞ্জাৱত মৃত্যু অসমৰ যুৱকৰ
'খাদ্য নাই, পানী নাই, শান্তি নাই'-গাজাত ইজৰাইলী আক্রমণত সন্তানক হেৰুওৱা মাতৃৰ চিৎকাৰ
'মোদীৰ দৰে মিছলীয়া প্ৰাধানমন্ত্ৰী কেতিয়াও দেখা নাই' খৰ্গেৰ মন্তব্য
গাড়ীত উদ্ধাৰ জনপ্ৰিয় ছ'চিয়েল মিডিয়া ইনফ্লুৱেন্সাৰৰ মৃতদেহ
উৰণৰ সময়তেই পুৰি ছাই হ’ল এয়াৰ ইণ্ডিয়াৰ বিমান:শতাধিক যাত্ৰীৰ মৃত্যুৰ আশংকা
গ্ৰীষ্ম-প্ৰৱাহ ; হীট ষ্ট্ৰ'কত ৰাজ্যত দুজনৰ মৃত্যু
কিয় কুখ্যাত সন্ত্ৰাসবাদী লাডেনে পাকিস্তানত নিৰাপদ অনুভৱ কৰিছিল?