--°C
Loading...
Advertisement
Advertisement
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক:মানুহৰ দৰে পশু আৰু চৰাইৰো আছে আবেগ, অনুভূতি। প্ৰতি বছৰে লাখ লাখ পৰিভ্ৰমী চৰাই ভাৰত ভ্ৰমণ কৰে।ইয়াৰে বহু চৰাই আহে ছাইবেৰিয়াৰ পৰা। ছাইবেৰিয়াৰত শীতকালত বৰফ পৰে। ইমান ঠাণ্ডাত চৰাইবোৰ তাত থকাটো সহজ নহয়। এই কাৰণেই এই চৰাইবোৰ আন দেশলৈ যায়। আন বহুতো চৰাইয়ে আন বিভিন্ন কাৰণতো প্ৰব্ৰজন কৰে। প্ৰব্ৰজন আৰু জলবায়ু পৰিৱৰ্তনৰ লগত চৰাইৰ সম্পৰ্কতো ইয়াৰ প্ৰভাৱ পৰে। এক অধ্যয়ন অনুসৰি বেছিভাগ চৰাইয়েই এনে প্ৰব্ৰজনৰ পাছত পুৰণি সংগীৰ ওচৰলৈ ঘূৰি আহিব নোৱাৰে আৰু এক প্ৰকাৰে ব্ৰেক-আপৰ দৰেই হয়।  গৱেষণাৰ পৰা এইটোও প্ৰকাশ পাইছে যে মাইকী চৰাইবোৰে  সন্তান জন্ম দিবলৈ পূৰ্বৰ সংগীলৈ অপেক্ষা নকৰে, আৰু গৰ্ভাৱস্থাৰ সময়ত ইহঁতে আন এজন সংগী বিচাৰি পায়।

এইদৰে বহু দূৰ যাত্ৰা কৰি প্ৰব্ৰজনত যোৱা সেই চৰাইবোৰৰ বিভাজন বেছি হয়। চৰাইৰ ওপৰত এই বেয়া প্ৰভাৱৰ আটাইতকৈ ডাঙৰ কাৰণ হৈছে মানুহৰ কাৰ্যকলাপ। মানুহে উৎপন্ন কৰি থকা প্ৰদূষণ আৰু কাৰ্বন ডাই অক্সাইডৰ নিৰ্গমনৰ বাবে মানুহৰ লগতে জীৱ-জন্তু আৰু চৰাইবোৰো অশান্তি দিছে। বনাঞ্চল কটাৰ বাবে চৰাইৰ প্ৰজনন, খাদ্য আৰু বাসস্থান নষ্ট হৈ আহিছে। গৱেষণাৰ মতে ২৩২ প্ৰজাতিৰ চৰাই নিজৰ সংগীৰ পৰা পৃথক হৈ পৰিছে আৰু ‘বিবাহ বিচ্ছেদ’ৰ হাৰ দ্ৰুতগতিত বৃদ্ধি পাইছে।

দীৰ্ঘ দূৰত্ব আৰু প্ৰব্ৰজনৰ প্ৰভাৱ
এই গৱেষণা চীনৰ ছান ইয়াট চেন বিশ্ববিদ্যালয়ৰ গৱেষক লিউ ইয়াং আৰু তেওঁৰ সহযোগীসকলে কৰিছে। ইয়াত ২৩২ প্ৰজাতিৰ চৰাইৰ ওপৰত অধ্যয়ন কৰা হৈছিল। গৱেষণাৰ পৰা দেখা গৈছে যে দীৰ্ঘদিনীয়া প্ৰব্ৰজনত যোৱা চৰাইৰ মাজত বিচ্ছেদ আৰু বিবাহ বিচ্ছেদৰ হাৰ বেছি। বিশেষজ্ঞসকলে কয় যে বহু সময়ত এই চৰাইবোৰে এনে ঠাইলৈ যায় য’ৰ পৰা ঘূৰি আহিবও নোৱাৰে। বাটত বিভিন্ন জলবায়ুৱে তেওঁলোকক প্ৰভাৱিত কৰে। তেওঁলোকৰ ওপৰত শাৰীৰিক আৰু মানসিক চাপো বাঢ়ি যায়।

গৱেষণাৰ পৰা এইটোও প্ৰকাশ পাইছে যে উৰণীয়া চৰাইৰ বাহিৰেও পেংগুইনৰ বিবাহ বিচ্ছেদৰ হাৰ ৮৫ শতাংশ বৃদ্ধি পাইছে। জলবায়ু পৰিৱৰ্তনৰ বাবে চৰাইৰ উৰণ ক্ষমতা, উৰ্বৰতা আৰু তেওঁলোকৰ মানসিক ভাৰসাম্যতো বেয়াকৈ প্ৰভাৱিত হৈছে। উদাহৰণস্বৰূপে, ভাৰতত শীতকাল অহা-যোৱা কৰাৰ ধৰণ দ্ৰুতগতিত সলনি হৈছে। এনে পৰিস্থিতিত চাইবেৰিয়াৰ পৰা অহা চৰাইবোৰে প্ৰজননৰ ক্ষেত্ৰত বহু সমস্যাৰ সন্মুখীন হয়।
FOLLOW US F
POPULAR
FEATURE
TRENDY
এইবাৰ ১০ হাজাৰ শিল্পীক লৈ বাগৰুম্বা প্ৰদৰ্শনৰ প্ৰস্তুতি চৰকাৰৰ
ইৰানত ব্যাপক ধ্বংসলীলা
ৰিক্সা চলাই পঢ়ুৱাইছিল কন্যাক, চাকৰিৰ বাবে লণ্ডনলৈ যাওতে বিমান দুৰ্ঘটনাত মৃত্যু পায়েলৰ
নগাঁও আৰক্ষীৰ জালত দুৰ্ধৰ্ষ বাইক চোৰ নবী হুছেইন
পাকিস্তানক ধনী কৰিবলৈ চেষ্টা বিশ্ব বেংক, আইএমএফ আৰু আইএফচিৰ! জানক কাৰণ
প্ৰেমৰ মায়াজালেৰে লুটপাত চলোৱা এগৰাকী সুন্দৰী বোৱাৰী
কেনে আছে অসমৰ ৰুক্মিণী বৰুৱা ? আহমেদাবাদত ভয়ংকৰ বিমান দুৰ্ঘটনা পতিত অসমৰ যুৱতী
পঞ্জাৱত মৃত্যু অসমৰ যুৱকৰ
'খাদ্য নাই, পানী নাই, শান্তি নাই'-গাজাত ইজৰাইলী আক্রমণত সন্তানক হেৰুওৱা মাতৃৰ চিৎকাৰ
'মোদীৰ দৰে মিছলীয়া প্ৰাধানমন্ত্ৰী কেতিয়াও দেখা নাই' খৰ্গেৰ মন্তব্য
গাড়ীত উদ্ধাৰ জনপ্ৰিয় ছ'চিয়েল মিডিয়া ইনফ্লুৱেন্সাৰৰ মৃতদেহ
উৰণৰ সময়তেই পুৰি ছাই হ’ল এয়াৰ ইণ্ডিয়াৰ বিমান:শতাধিক যাত্ৰীৰ মৃত্যুৰ আশংকা
গ্ৰীষ্ম-প্ৰৱাহ ; হীট ষ্ট্ৰ'কত ৰাজ্যত দুজনৰ মৃত্যু
কিয় কুখ্যাত সন্ত্ৰাসবাদী লাডেনে পাকিস্তানত নিৰাপদ অনুভৱ কৰিছিল?