--°C
Loading...
Advertisement
Advertisement
Listen to Article
2 min read
80%
 ডিজিটেল ডেস্কঃ হাৰ্ট এটেক(Heart Attack) বা হৃদৰোগত অবিবাহিত লোকৰ মৃত্যু বেছিকৈ হয়। হয় আপুনি ঠিকেই শুনিছে। পাছে এই কথা আমি কোৱা নাই।মাদ্ৰিদৰ ইউৰোপিয়ান ছ’চাইটি অৱ কাৰ্ডিঅ’লজিৰ এক নতুন অধ্যয়নত প্ৰকাশ পাইছে এই গুৰুত্বপূৰ্ণ তথ্য। গৱেষণাৰ মতে অবিবাহিত ৰোগী নিজৰ ৰোগ পৰিচালনাৰ ক্ষেত্ৰত কম আত্মবিশ্বাসী আৰু বিবাহিত লোকতকৈ সামাজিক কাৰ্যকলাপত কমকৈ সক্ৰিয় থাকে। এই পাৰ্থক্যই অবিবাহিত লোকৰ হাৰ্ট এটেকত মৃত্যুৰ হাৰ অধিক কৰি তোলে, কাৰণ সামাজিক সমৰ্থনে মানুহক বেছি দিন জীয়াই থকাত সহায় কৰে। জাৰ্মানীৰ ইউনিভাৰ্চিটি হস্পিতাল ৱুৰ্জবাৰ্গৰ কম্প্ৰেহেন্সিভ হাৰ্ট ফেইলাৰ চেণ্টাৰৰ পৰা অধ্যয়নৰ লেখক ডাঃ ফেবিয়ান কেৰৱাগেনে কয় যে সামাজিক সমৰ্থনে মানুহক দীৰ্ঘদিনীয়া অৱস্থা পৰিচালনা কৰাত সহায় কৰে।

বিবাহিত ৰোগীক পত্নীয়ে ঔষধ গ্ৰহণ কৰাত সহায় কৰিব পাৰে, উৎসাহ দিব পাৰে, আৰু সুস্থ আচৰণ গঢ়ি তোলাত সহায় কৰিব পাৰে, যিয়ে দীৰ্ঘায়ু লাভ কৰাত সহায় কৰিব পাৰে। কিন্তু অবিবাহিত লোক এইবোৰৰ পৰা বঞ্চিত হয়, সেয়েহে তেওঁলোকৰ মৃত্যু সহজ হৈ উঠে। এক্সটেণ্ডেড ইন্টাৰডিচিপ্লিনাৰী নেটৱৰ্ক হাৰ্ট ফেইলাৰ (E-INH) অধ্যয়নৰ এই বিশ্লেষণে দীৰ্ঘদিনীয়া হাৰ্ট ফেইলাৰ ৰোগীৰ বৈবাহিক অৱস্থাৰ প্ৰাসংগিকতা পৰীক্ষা কৰিছিল। ই-আইএনএইচৰ অধ্যয়নত ২০০৪ চনৰ পৰা ২০০৭ চনৰ ভিতৰত চিকিৎসালয়ত ভৰ্তি হোৱা ১০২২ জন হৃদৰোগ ৰোগীক অন্তৰ্ভুক্ত কৰা হৈছিল। বৈবাহিক অৱস্থাৰ তথ্য প্ৰদান কৰা 

১০০৮ জন ৰোগীৰ ভিতৰত ৬৩৩ জন (৬৩ শতাংশ) বিবাহিত আৰু ৩৭৫ জন (৩৭ শতাংশ) অবিবাহিত আছিল, য’ত ১৯৫ জন বিপত্নীক, ৯৬ জন কেতিয়াও বিবাহ কৰা নাছিল আৰু ৮৪ জন বিবাহ বিচ্ছেদিত আছিল। ইয়াৰ ভিতৰত জীৱনৰ মানদণ্ড, সামাজিক সীমা, আৰু আত্ম-কাৰ্যক্ষমতা জুখিছিল কানছাছ চিটি কাৰ্ডিঅ’মাইঅ’পেথী প্ৰশ্নাৱলী ব্যৱহাৰ কৰি, যিটো প্ৰশ্নাৱলী বিশেষভাৱে হাৰ্ট এটেক ৰোগীৰ বাবে ডিজাইন কৰা হৈছিল। সামগ্ৰিক জীৱনৰ মানদণ্ড বা হতাশাগ্ৰস্ত মেজাজৰ ক্ষেত্ৰত বিবাহিত আৰু অবিবাহিত ৰোগীৰ মাজত কোনো পাৰ্থক্য দেখা নগ’ল। কিন্তু অবিবাহিত গোটটোৱে বিবাহিত গোটটোতকৈ সামাজিক কাৰ্যকলাপ আৰু আত্ম-কাৰ্যক্ষমতাৰ ক্ষেত্ৰত বেয়া প্ৰদৰ্শন কৰিছিল। 

১০ বছৰৰ ভিতৰত ৬৭৯ জন (৬৭ শতাংশ) ৰোগীৰ মৃত্যু হয়। বিবাহিত লোকৰ তুলনাত অবিবাহিত ৰোগীৰ মৃত্যুৰ হাৰ সৰ্বাধিক আছিল।যিটো অতি চিন্তনীয় বুলি মন্তব্য কৰিছে ডাঃ কেৰৱাগেনে। 



FOLLOW US F
POPULAR
FEATURE
TRENDY
এইবাৰ ১০ হাজাৰ শিল্পীক লৈ বাগৰুম্বা প্ৰদৰ্শনৰ প্ৰস্তুতি চৰকাৰৰ
ইৰানত ব্যাপক ধ্বংসলীলা
ৰিক্সা চলাই পঢ়ুৱাইছিল কন্যাক, চাকৰিৰ বাবে লণ্ডনলৈ যাওতে বিমান দুৰ্ঘটনাত মৃত্যু পায়েলৰ
নগাঁও আৰক্ষীৰ জালত দুৰ্ধৰ্ষ বাইক চোৰ নবী হুছেইন
পাকিস্তানক ধনী কৰিবলৈ চেষ্টা বিশ্ব বেংক, আইএমএফ আৰু আইএফচিৰ! জানক কাৰণ
প্ৰেমৰ মায়াজালেৰে লুটপাত চলোৱা এগৰাকী সুন্দৰী বোৱাৰী
কেনে আছে অসমৰ ৰুক্মিণী বৰুৱা ? আহমেদাবাদত ভয়ংকৰ বিমান দুৰ্ঘটনা পতিত অসমৰ যুৱতী
পঞ্জাৱত মৃত্যু অসমৰ যুৱকৰ
'খাদ্য নাই, পানী নাই, শান্তি নাই'-গাজাত ইজৰাইলী আক্রমণত সন্তানক হেৰুওৱা মাতৃৰ চিৎকাৰ
'মোদীৰ দৰে মিছলীয়া প্ৰাধানমন্ত্ৰী কেতিয়াও দেখা নাই' খৰ্গেৰ মন্তব্য
গাড়ীত উদ্ধাৰ জনপ্ৰিয় ছ'চিয়েল মিডিয়া ইনফ্লুৱেন্সাৰৰ মৃতদেহ
উৰণৰ সময়তেই পুৰি ছাই হ’ল এয়াৰ ইণ্ডিয়াৰ বিমান:শতাধিক যাত্ৰীৰ মৃত্যুৰ আশংকা
গ্ৰীষ্ম-প্ৰৱাহ ; হীট ষ্ট্ৰ'কত ৰাজ্যত দুজনৰ মৃত্যু
কিয় কুখ্যাত সন্ত্ৰাসবাদী লাডেনে পাকিস্তানত নিৰাপদ অনুভৱ কৰিছিল?