--°C
Loading...
Advertisement
Advertisement
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ আচাৰ্য চাণক্যই তেওঁৰ নীতিত বুদ্ধিমান লোকৰ কিছুমান অভ্যাসৰ কথা উল্লেখ কৰিছে। বুদ্ধিমান লোকৰ কিছুমান বিশেষ গুণ আছে যিবোৰ ভুলতো কাৰো লগত শ্বেয়াৰ নকৰে। সেইবাবেই তেওঁলোক নিশ্চিতভাৱে জীৱনৰ কোনোবা এটা সময়ত সফল হৈ উঠে আৰু তেওঁলোক সফল হ’বই।

মহান কূটনীতিবিদ তথা পণ্ডিত আচাৰ্য চাণক্যৰ কথাই যুগ যুগ ধৰি মানুহৰ জীৱন সহজ কৰি তুলিবলৈ কাম কৰি আছে। আচাৰ্যই নিজৰ নীতিৰ জৰিয়তে জীৱনৰ লগত জড়িত প্ৰায় প্ৰতিটো দিশতে নিজৰ মতামত প্ৰকাশ কৰিছে। কোনো ব্যক্তিয়ে এটা নিৰ্দিষ্ট পৰিস্থিতিত কি কৰিব লাগে তাৰ পৰা আৰম্ভ কৰি সফলতাৰ শিখৰত উপনীত হ’বলৈ কি কি সূত্ৰ গ্ৰহণ কৰিব লাগে, এই সকলোবোৰ আচাৰ্যৰ নীতিত উল্লেখ আছে। 

আচাৰ্যই তেওঁৰ নীতিত বুদ্ধিমান লোকৰ অভ্যাসৰ কথাও উল্লেখ কৰিছে, যিবোৰ গ্ৰহণ কৰি যিকোনো ব্যক্তিয়ে সফলতা লাভ কৰিব পাৰে। আজি আমি আচাৰ্যৰ নীতিৰ পৰা সেইবোৰ কথা ক’ম, যিবোৰ তেওঁৰ মতে বুদ্ধিমান মানুহে কেতিয়াও আন কাৰোৰে আগত প্ৰকাশ নকৰে। এই সূত্ৰসমূহ আপুনিও আপোনাৰ জীৱনত প্ৰয়োগ কৰিব পাৰে।


আৰ্থিক সমস্যাৰ কথা মানুহৰ আগত নকয়

আচাৰ্য চাণক্যৰ মতে সঁচা অৰ্থত বুদ্ধিমান মানুহে নিজৰ আৰ্থিক সমস্যাৰ কথা কাৰো সন্মুখত উল্লেখ নকৰে। বিশেষকৈ তেওঁ কেতিয়াও বন্ধু-বান্ধৱ আৰু আত্মীয়ৰ সন্মুখত এনেবোৰ কথা শ্বেয়াৰ নকৰে। আচাৰ্যই কয় যে যদি আপুনি জীৱনৰ যিকোনো সময়তে আৰ্থিক সংকটৰ মাজেৰে পাৰ হৈ গৈ আছে, তেন্তে সেইটো নিজৰ মাজতে সীমাবদ্ধ ৰাখক। মানুহে আপোনাক এই পৰিস্থিতিত তললৈ নমাই মিছা সান্ত্বনা দিয়াৰ বাহিৰে একো নকৰে। তাতোকৈ ডাঙৰ কথা, পিঠিৰ পিছফালে ঠাট্টা কৰে।

ব্যক্তিগত জীৱনৰ লগত জড়িত সমস্যা

আচাৰ্য চাণক্যৰ মতে এজন ব্যক্তিয়ে নিজৰ ব্যক্তিগত সমস্যাৰ কথা কাৰো আগত উল্লেখ নকৰাটো বুদ্ধিমানৰ কাম। জীৱনত সুখ-দুখ আৰু বহুতো সমস্যাৰ সৃষ্টি হয়। ইয়াৰ অৰ্থ এইটো নহয় যে যিকোনো সমস্যাৰ সৃষ্টি হোৱাৰ লগে লগে আপুনি আপোনাৰ বন্ধু-বান্ধৱ, মিতিৰ-কুটুম, ওচৰ-চুবুৰীয়া সকলোৰে সৈতে শ্বেয়াৰ কৰিব লাগিব। এনে সময়ত বেছিভাগ মানুহেই আপোনাক উপহাস কৰা আৰু আপোনাৰ সুবিধা লোৱাৰ বাহিৰে আন কোনোধৰণৰ সহায় নকৰে। আপোনাৰ সমস্যাবোৰ আনৰ বাবে মুখৰোচক কাহিনী হৈ পৰে। বুদ্ধিমান মানুহৰ বিশেষত্ব হ’ল তেওঁলোকে নিজৰ ব্যক্তিগত জীৱনৰ লগত জড়িত কথাবোৰ কোনো মানুহৰ সন্মুখত শ্বেয়াৰ নকৰে আৰু নিজৰ ব্যক্তিগত জীৱনটো নিজৰ মাজতে কটায়। কেতিয়াবা শ্বেয়াৰ কৰিলেও সেই মানুহজন হ’ব লাগিব তেওঁৰ সম্পূ্ৰ্ণ বিশ্বাসী আৰু নিৰ্ভৰযোগ্য।

পতি-পত্নীৰ লগত জড়িত কথাবোৰ শ্বেয়াৰ নকৰে

আচাৰ্য চাণক্যৰ মতে বুদ্ধিমান লোকে নিজৰ জীৱনসংগীৰ বিষয়ে মানুহক কোৱাৰ পৰা বিৰত থাকে। আপোনাৰ জীৱনসংগীৰ চৰিত্ৰ, চিন্তা আৰু ব্যক্তিত্বৰ দৰে কথাবোৰ কেতিয়াও বেছি মুকলিকৈ আন মানুহৰ আগত কোৱা উচিত নহয়। আচাৰ্যই কয় যে কেতিয়াবা কাজিয়াৰ সময়ত বা ঠিক কিছুমান পৰিস্থিতি উদ্ভৱ হোৱাৰ সময়ত আপুনি আপোনাৰ পত্নী বা স্বামীৰ বিষয়ে কিছুমান কথা বেলেগ মানুহৰ আগত উল্লেখ কৰে যিবোৰ কেতিয়াও উল্লেখ কৰা উচিত নহয়। এই পৰিস্থিতিত আপোনাৰ সম্পৰ্ক আৰু সন্মান দুয়োটা বিপদত পৰিব পাৰে।

নিজৰ দৰিদ্ৰতাৰ কথা ঢোল নিপিটে

আচাৰ্য চাণক্যই তেওঁৰ নীতিত বহুবাৰ উল্লেখ কৰিছে যে যিকোনো ব্যক্তিৰ অৰ্থনৈতিক অৱস্থাই সমাজত তেওঁৰ স্থান নিৰ্ধাৰণ কৰে। আৰ্থিক অৱস্থাৰ ফালৰ পৰা মানুহ যিমানেই দুৰ্বল, সিমানেই সমাজত দুৰ্বল দেখা যায়। এনে পৰিস্থিতিত আচাৰ্যৰ মতে বুদ্ধিমান মানুহে কেতিয়াও বাৰে বাৰে নিজৰ দৰিদ্ৰতাৰ কথা মানুহৰ আগত কৈ নাথাকে। কঠোৰ পৰিশ্ৰম কৰি দৰিদ্ৰতাৰ পৰা মুক্ত হ’বলৈ তেওঁ অহৰহ চেষ্টা চলায় আৰু সমাজত নিজাববীয়াকৈ নাম উজলায়।

অহংকাৰৰ সৈতে জড়িত কথাবোৰ

কিছুমান মানুহৰ চাৰিজন মানুহৰ মাজত বহি কেৱল নিজৰ বিষয়ে কথা কোৱাৰ অভ্যাস আছে। কেৱল এয়াই নহয়, নিজকে শ্ৰেষ্ঠ দেখুৱাবলৈ তেওঁ নিজে নিজকে বহুবাৰ প্ৰশংসা কৰিবলৈও লাজ নকৰে। বহু ডাঙৰ কিবাকিবি কাম কৰি থকা বুলি নিজকে আনৰ আগত উপস্থাপন কৰিবলৈ চেষ্টা চলায় থাকে। আচাৰ্য চাণক্যৰ মতে এয়াই হৈছে মূৰ্খ আৰু নিম্ন আত্মবিশ্বাসৰ লোকৰ পৰিচয়। বুদ্ধিমান মানুহে কেতিয়াও নিজৰ গুণ নিজে নাগায়। বৰঞ্চ নিজকে একো বুলি নাভাবি আনৰ গুণ বখানিহে ভালপায়।
FOLLOW US F
POPULAR
FEATURE
TRENDY
এইবাৰ ১০ হাজাৰ শিল্পীক লৈ বাগৰুম্বা প্ৰদৰ্শনৰ প্ৰস্তুতি চৰকাৰৰ
ইৰানত ব্যাপক ধ্বংসলীলা
ৰিক্সা চলাই পঢ়ুৱাইছিল কন্যাক, চাকৰিৰ বাবে লণ্ডনলৈ যাওতে বিমান দুৰ্ঘটনাত মৃত্যু পায়েলৰ
নগাঁও আৰক্ষীৰ জালত দুৰ্ধৰ্ষ বাইক চোৰ নবী হুছেইন
পাকিস্তানক ধনী কৰিবলৈ চেষ্টা বিশ্ব বেংক, আইএমএফ আৰু আইএফচিৰ! জানক কাৰণ
প্ৰেমৰ মায়াজালেৰে লুটপাত চলোৱা এগৰাকী সুন্দৰী বোৱাৰী
কেনে আছে অসমৰ ৰুক্মিণী বৰুৱা ? আহমেদাবাদত ভয়ংকৰ বিমান দুৰ্ঘটনা পতিত অসমৰ যুৱতী
পঞ্জাৱত মৃত্যু অসমৰ যুৱকৰ
'খাদ্য নাই, পানী নাই, শান্তি নাই'-গাজাত ইজৰাইলী আক্রমণত সন্তানক হেৰুওৱা মাতৃৰ চিৎকাৰ
'মোদীৰ দৰে মিছলীয়া প্ৰাধানমন্ত্ৰী কেতিয়াও দেখা নাই' খৰ্গেৰ মন্তব্য
গাড়ীত উদ্ধাৰ জনপ্ৰিয় ছ'চিয়েল মিডিয়া ইনফ্লুৱেন্সাৰৰ মৃতদেহ
উৰণৰ সময়তেই পুৰি ছাই হ’ল এয়াৰ ইণ্ডিয়াৰ বিমান:শতাধিক যাত্ৰীৰ মৃত্যুৰ আশংকা
গ্ৰীষ্ম-প্ৰৱাহ ; হীট ষ্ট্ৰ'কত ৰাজ্যত দুজনৰ মৃত্যু
কিয় কুখ্যাত সন্ত্ৰাসবাদী লাডেনে পাকিস্তানত নিৰাপদ অনুভৱ কৰিছিল?