--°C
Loading...
Advertisement
Advertisement
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ এইবাৰ CBSEৰ দশম শ্ৰেণীৰ ব’ৰ্ড পৰীক্ষাত অৱতীৰ্ণ হোৱা লাখ লাখ ছাত্ৰ-ছাত্ৰীৰ ভিতৰত এজন ছাত্ৰই সংবাদ শিৰোনাম দখল কৰিবলৈ সক্ষম হৈছে। উৎকৃষ্ট ফলাফলৰ বাবে নহয় অন্য এটা কাৰণতহে ছাত্ৰজনে সকলোৰে দৃষ্টি আকৰ্ষণ কৰিবলৈ সক্ষম হৈছে। ঘটনাটো মহাৰাষ্ট্ৰৰ। 

মহাৰাষ্ট্ৰ ব’ৰ্ডৰ দশম শ্ৰেণীৰ ফলাফল ঘোষণাৰ পিছত বহু ছাত্ৰ-ছাত্ৰীয়ে উজ্জ্বল প্ৰদৰ্শন আৰু ভাল নম্বৰ লাভ কৰাৰ বিপৰীতে এজন ছাত্ৰৰ ফলাফল আলোচনাৰ বিষয় হৈ পৰিছে। সোলাপুৰৰ সিদ্ধেশ্বৰ বালাক মন্দিৰ স্কুলৰ শিৱম ৱাঘমাৰে নামৰ ছাত্ৰজনে সকলো বিষয়তে ৩৫ শতাংশ নম্বৰ লাভ কৰিবলৈ সক্ষম হৈছে, যিটো হৈছে উত্তীৰ্ণ হ’বলৈ প্ৰয়োজনীয় নূন্যতম নম্বৰ। যদিও শিৱমৰ এই ফলাফল আন ছাত্ৰ-ছাত্ৰীৰ তুলনাত তেনেই সাধাৰণ তথাপিও এই ফলাফলে দাঙি ধৰিলে সুখৰ অন্য নিদৰ্শন। 

শিৱমৰ এই সাফল্যক তেওঁৰ অঞ্চলত ডাঙৰ সাফল্য হিচাপে বিবেচনা কৰা হৈছে। ফলত স্থানীয় ৰাইজে সেই দিনটো আনন্দ উদ্‌যাপনেৰে বিশেষ কৰি তুলিছিল। শিৱমৰ পৰিয়ালেও এই ফলাফলক লৈ সুখ প্ৰকাশ কৰি মহা আনন্দৰে উদ্‌যাপন কৰে। নিজৰ অভিজ্ঞতা শ্বেয়াৰ কৰি শিৱমে কয় যে, "মই কেতিয়াও ভবা নাছিলো যে মই সকলো বিষয়তে ৩৫ নম্বৰ লাভ কৰিব পাৰিম। এইটো মোৰ বাবে আচৰিত আছিল,  মই এতিয়া বহুত সুখী। মই আৰু অধিক কঠোৰ পৰিশ্ৰম কৰিম। মোৰ লক্ষ্য হৈছে আই টি আই কৰা।"

এই উপলক্ষে তেওঁৰ পিতৃয়েও সুখ প্ৰকাশ কৰি কয়, "আমি ভাবিছিলো যে আমাৰ ল'ৰাটোৱে পৰীক্ষাত ফেইল কৰিব, কিন্তু তেওঁ সকলো বিষয়তে ৩৫ শতাংশ লাভ কৰিছে। আমাৰ বাবে এইটো এটা ডাঙৰ সফলতা। আমি আমাৰ ল'ৰাটোক লৈ অতি সুখী আৰু গৌৰৱান্বিত।"

শিৱমৰ এই ফলাফলে এটা বাৰ্তা দিয়ে যে সফলতা আৰু সুখৰ মাত্ৰা সকলোৰে বেলেগ বেলেগ। কেতিয়াবা নিজৰ কঠোৰ পৰিশ্ৰম আৰু প্ৰচেষ্টাক স্বীকাৰ কৰাটোও এক ডাঙৰ কৃতিত্ব। এতিয়া শিৱমে আই টি আই পঢ়িবলৈ আগবাঢ়ি যোৱাৰ কথা ভাবিছে, আৰু এইবাৰ তেওঁ নিজৰ সফলতাক নতুন দিশ দিয়াৰ লক্ষ্য বান্ধি লৈছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
এইবাৰ ১০ হাজাৰ শিল্পীক লৈ বাগৰুম্বা প্ৰদৰ্শনৰ প্ৰস্তুতি চৰকাৰৰ
ইৰানত ব্যাপক ধ্বংসলীলা
ৰিক্সা চলাই পঢ়ুৱাইছিল কন্যাক, চাকৰিৰ বাবে লণ্ডনলৈ যাওতে বিমান দুৰ্ঘটনাত মৃত্যু পায়েলৰ
নগাঁও আৰক্ষীৰ জালত দুৰ্ধৰ্ষ বাইক চোৰ নবী হুছেইন
পাকিস্তানক ধনী কৰিবলৈ চেষ্টা বিশ্ব বেংক, আইএমএফ আৰু আইএফচিৰ! জানক কাৰণ
প্ৰেমৰ মায়াজালেৰে লুটপাত চলোৱা এগৰাকী সুন্দৰী বোৱাৰী
কেনে আছে অসমৰ ৰুক্মিণী বৰুৱা ? আহমেদাবাদত ভয়ংকৰ বিমান দুৰ্ঘটনা পতিত অসমৰ যুৱতী
পঞ্জাৱত মৃত্যু অসমৰ যুৱকৰ
'খাদ্য নাই, পানী নাই, শান্তি নাই'-গাজাত ইজৰাইলী আক্রমণত সন্তানক হেৰুওৱা মাতৃৰ চিৎকাৰ
'মোদীৰ দৰে মিছলীয়া প্ৰাধানমন্ত্ৰী কেতিয়াও দেখা নাই' খৰ্গেৰ মন্তব্য
গাড়ীত উদ্ধাৰ জনপ্ৰিয় ছ'চিয়েল মিডিয়া ইনফ্লুৱেন্সাৰৰ মৃতদেহ
উৰণৰ সময়তেই পুৰি ছাই হ’ল এয়াৰ ইণ্ডিয়াৰ বিমান:শতাধিক যাত্ৰীৰ মৃত্যুৰ আশংকা
গ্ৰীষ্ম-প্ৰৱাহ ; হীট ষ্ট্ৰ'কত ৰাজ্যত দুজনৰ মৃত্যু
কিয় কুখ্যাত সন্ত্ৰাসবাদী লাডেনে পাকিস্তানত নিৰাপদ অনুভৱ কৰিছিল?