--°C
Loading...
Advertisement
Advertisement
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক : পেহেলগামৰ আক্ৰমণৰ পাছত ভাৰত আৰু পাকিস্তানৰ মাজত উত্তেজনা চৰম পৰ্যায়ত থকাৰ সময়তে কুখ্যাত পাকিস্তানী চোৰাংচোৱা সংস্থা আই এছ আই সক্রিয় হৈছে বাংলাদেশত। বাংলাদেশত ঘাটি পাতি ভাৰতত অশান্তিৰ সৃষ্টি কৰাৰ ষড়যন্ত্ৰত লিপ্ত হৈছে। আই এছ আইৰ বিভিন্ন সূত্রই এই কথা প্রকাশ কৰি কয় যে আই এছ আইৰ এজেণ্ট ঢাকাত থকা পাকিস্তানী উচ্চায়োগত ভাৰতৰ বিৰুদ্ধে এই ষড়যন্ত্ৰ ৰচনাত ব্যস্ত হৈ পৰিছে। বাংলাদেশত থকা পাকিস্তানৰ উচ্চাযুক্ত ছৈয়দ আহমদ মাৰুপে অলপতে বাংলাদেশৰ মৌলবাদী জামাত, হিফাজত আৰু খিলাফৎ মজলিছৰ সৈতে দুখন গোপন বৈঠকত মিলিত হয়। 

সূত্রসমূহে লগতে প্রকাশ কৰে যে আই এছ আয়ে বাংলাদেশৰ পৰা ভাৰতত সন্ত্রাসবাদী কাৰ্যকলাপ চলোৱাৰ ব্লু প্রিণ্ট ৰচনা কৰিছে। পাকিস্তানী চোৰাংচোৱা সংগঠনটোৱে উত্তৰ-পূৰ্বাঞ্চলৰ ৰাজ্যসমূহৰ উগ্রপন্থীক অস্ত্ৰ যোগান ধৰাৰ চক্রান্ত কৰিছে অঞ্চলটোত কূটাঘাত চলোৱাৰ বাবে। ইয়াৰ লগতে অনুপ্ৰৱেশৰ জৰিয়তে উত্তৰ-পূৰ্বাঞ্চলত অশান্তিৰ সৃষ্টি কৰাৰ ষড়যন্ত্ৰ কৰিছে আই এছ আয়ে। 

ইফালে বাংলাদেশত আই এছ আইৰ সক্ৰিয়তা বৃদ্ধি পোৱাৰ তথ্য লাভ কৰাৰ পাছত চোৰাংচোৱা আৰু নিৰাপত্তা সংস্থাসমূহক ভাৰত-বাংলাদেশ আৰু ভাৰত-ম্যানমাৰ সীমান্তত সর্বাধিক সতৰ্ক হৈ থকাৰ নির্দেশ দিয়া হৈছে। বাংলাদেশৰ মহম্মদ ইউনুছৰ অন্তৰ্বৰ্তী চৰকাৰৰ ভাৰত বিৰোধী কার্যকলাপ আৰু আই এছ আই তথা পাকিস্তানী সেনাৰ সক্ৰিয়তা বৃদ্ধি পোৱাৰ প্ৰতি লক্ষ্য ৰাখি চোৰাংচোৱা আৰু নিৰাপত্তা সংস্থাসমূহক ভাৰত-বাংলাদেশ সীমান্তত অতিৰিক্তভাৱে সতর্ক দৃষ্টি ৰখাৰ নিৰ্দেশ দিয়া হৈছে। পাকিস্তানে বাংলাদেশত থকা মৌলবাদী সংগঠনবোৰৰ সহযোগত দেশখনৰ সৈতে সম্পর্ক অধিক ঘনিষ্ঠ কৰিবলৈ বিচাৰিছে। 

ইণ্ডিয়া টুডেত প্রকাশ পোৱা এখন প্রতিবেদনত এই কথা উল্লেখ কৰি কোৱা হৈছে যে আই এছ আই আৰু পাকিস্তানী সেনাই এই মৌলবাদী সংগঠনবোৰক সীমান্তৰ কাষত থকা সমর্থকৰ সহযোগত ভাৰতত অশান্তিৰ সৃষ্টি কৰাত ব্যৱহাৰ কৰিবলৈ বিচাৰিছে। পশ্চিম বংগৰ মুৰ্শ্বিদাবাদ হিংসাত্মক ঘটনাৰ পাছত ভাৰতীয় নিৰাপত্তা আৰু চোৰাংচোৱা সংস্থাসমূহে ভাৰত-বাংলাদেশ সীমান্তৰ পৰিস্থিতিৰ প্ৰতি সতর্ক দৃষ্টি ৰাখিছে।

উৎসঃ দৈনিক জনমভূমি
FOLLOW US F
POPULAR
FEATURE
TRENDY
এইবাৰ ১০ হাজাৰ শিল্পীক লৈ বাগৰুম্বা প্ৰদৰ্শনৰ প্ৰস্তুতি চৰকাৰৰ
ইৰানত ব্যাপক ধ্বংসলীলা
ৰিক্সা চলাই পঢ়ুৱাইছিল কন্যাক, চাকৰিৰ বাবে লণ্ডনলৈ যাওতে বিমান দুৰ্ঘটনাত মৃত্যু পায়েলৰ
নগাঁও আৰক্ষীৰ জালত দুৰ্ধৰ্ষ বাইক চোৰ নবী হুছেইন
পাকিস্তানক ধনী কৰিবলৈ চেষ্টা বিশ্ব বেংক, আইএমএফ আৰু আইএফচিৰ! জানক কাৰণ
প্ৰেমৰ মায়াজালেৰে লুটপাত চলোৱা এগৰাকী সুন্দৰী বোৱাৰী
কেনে আছে অসমৰ ৰুক্মিণী বৰুৱা ? আহমেদাবাদত ভয়ংকৰ বিমান দুৰ্ঘটনা পতিত অসমৰ যুৱতী
পঞ্জাৱত মৃত্যু অসমৰ যুৱকৰ
'খাদ্য নাই, পানী নাই, শান্তি নাই'-গাজাত ইজৰাইলী আক্রমণত সন্তানক হেৰুওৱা মাতৃৰ চিৎকাৰ
'মোদীৰ দৰে মিছলীয়া প্ৰাধানমন্ত্ৰী কেতিয়াও দেখা নাই' খৰ্গেৰ মন্তব্য
গাড়ীত উদ্ধাৰ জনপ্ৰিয় ছ'চিয়েল মিডিয়া ইনফ্লুৱেন্সাৰৰ মৃতদেহ
উৰণৰ সময়তেই পুৰি ছাই হ’ল এয়াৰ ইণ্ডিয়াৰ বিমান:শতাধিক যাত্ৰীৰ মৃত্যুৰ আশংকা
গ্ৰীষ্ম-প্ৰৱাহ ; হীট ষ্ট্ৰ'কত ৰাজ্যত দুজনৰ মৃত্যু
কিয় কুখ্যাত সন্ত্ৰাসবাদী লাডেনে পাকিস্তানত নিৰাপদ অনুভৱ কৰিছিল?