--°C
Loading...
Advertisement
Advertisement
Listen to Article
2 min read
80%

ৱাশ্বিংটনঃ বিগত ডেৰটা বছৰে কৰ’না মহামাৰীয়ে বিশ্বৰ সৰ্বত্ৰে তোলপাৰ লগাইছে। চীন দেশৰ পৰা বিয়পা এইবিধ মাৰণ ভাইৰাছৰ উপদ্ৰৱত বিধ্বস্তপ্ৰায় বিশ্বৰ আগশাৰীৰ বহু দেশ। ভেকচিনকে প্ৰতিকাৰৰ একমাত্ৰ অস্ত্ৰ হিচাপে গ্ৰহণ কৰা হৈছে যদিও, স্বস্তিৰ নিশ্বাস পেলাব পৰা নাই মানৱকুলে। প্ৰণিধানযোগ্য যে, এই মাৰণ ভাইৰাছবিধ চীনা গৱেষণাগাৰটোৰ পৰাই বিয়পি পৰা বুলি আমেৰিকা যুক্তৰাষ্ট্ৰৰ ৰিপাব্লিকানসকলৰ এক প্ৰতিবেদনে দাবী কৰিছিল।কেৱল সেয়াই নহয়, চীনা বিজ্ঞানীসকলে মানৱ শৰীৰত সংক্ৰমণৰ বাবে শেহতীয়াকৈ ভাইৰাছটোৰ প্ৰকৃতিও সলনি কৰিছে। প্ৰতিবেদনখনত প্ৰকাশিত এনে চাঞ্চল্যকৰ তথ্যই উদ্বিগ্ন কৰি তুলিছে সকলোকে।


হাউছ ফ’ৰেইন এফেয়াৰ্ছ কমিটীৰ শীৰ্ষ ৰিপাব্লিকান মাইক মেককাউলে কৰ’না ভাইৰাছৰ উৎসস্থানত ইয়াৰ তদন্তৰ বাবে আবেদন জনাইছে। চীনৰ য়ুহান চহৰৰ পৰীক্ষাগাৰৰ পৰা কৰ’না ভাইৰাছ বিয়পি পৰা বুলি আৰম্ভণিৰে পৰা দাবী কৰা হৈছে। অৱশ্যে, ড্ৰেগনৰ দেশখনে প্ৰথমতে এই অভিযোগ অস্বীকাৰ কৰিছিল। উল্লেখ্য যে, ২০১৯ চনত চীনত কৰ’না ভাইৰাছৰ প্ৰথমটো ঘটনা পোহৰলৈ আহিছিল। পৰৱৰ্তী সময়ত সমগ্ৰ বিশ্বতে ই তাণ্ডৱৰ সৃষ্টি কৰিছিল। ইফালে, চীনৰ য়ুহান পৰীক্ষাগাৰৰ পৰা কৰ’না ভাইৰাছ নিৰ্মূল হৈছে নে নাই তাৰ সম্ভেদ লব’লৈ বিশ্ব স্বাস্থ্য সংস্থাই পুনৰ চীনলৈ যাব বিচাৰিছিল। কিন্তু বিশ্ব স্বাস্থ্য সংস্থাৰ এই সিদ্ধান্তত চীন মুঠেও সুখী নহয়।

বেইজিঙৰ গৱেষকৰ এটা গোটে দাবী কৰিছে যে, কৰ’না ভাইৰাছ পশুকুলৰ পৰাহে মানৱ শৰীৰত প্ৰৱেশ কৰিছিল আৰু সোনকালে সংক্ৰমিত হ'বলৈ আৰম্ভ কৰিছিল। তেওঁলোকে এইটোও দাবী কৰিছিল যে কৰ’না ভাইৰাছ পৰীক্ষাগাৰৰ পৰা বিয়পাটো এক অসম্ভৱ কথা। বিশ্ব স্বাস্থ্য সংস্থাৰ সৈতে কাম কৰা চীনা গৱেষক লিয়াং ৱানিয়ানে সদৰী কৰে যে, ‘য়ুহানত কেতিয়াও কৰ’না ভাইৰাছ নাছিল। গতিকে, পুনৰ ইয়াৰ অনুসন্ধানৰ কোনো প্ৰয়োজন নাই।’
বিশ্ব স্বাস্থ্য সংস্থাৰ তদন্তৰ প্ৰতি চীনৰ সঁহাৰিৰ অভাৱে অনাগত সময়ত কি ৰূপ লয়, সেয়াহে হ’ব লক্ষ্যণীয় হ’ব!

FOLLOW US F
POPULAR
FEATURE
TRENDY
এইবাৰ ১০ হাজাৰ শিল্পীক লৈ বাগৰুম্বা প্ৰদৰ্শনৰ প্ৰস্তুতি চৰকাৰৰ
ইৰানত ব্যাপক ধ্বংসলীলা
ৰিক্সা চলাই পঢ়ুৱাইছিল কন্যাক, চাকৰিৰ বাবে লণ্ডনলৈ যাওতে বিমান দুৰ্ঘটনাত মৃত্যু পায়েলৰ
নগাঁও আৰক্ষীৰ জালত দুৰ্ধৰ্ষ বাইক চোৰ নবী হুছেইন
পাকিস্তানক ধনী কৰিবলৈ চেষ্টা বিশ্ব বেংক, আইএমএফ আৰু আইএফচিৰ! জানক কাৰণ
প্ৰেমৰ মায়াজালেৰে লুটপাত চলোৱা এগৰাকী সুন্দৰী বোৱাৰী
কেনে আছে অসমৰ ৰুক্মিণী বৰুৱা ? আহমেদাবাদত ভয়ংকৰ বিমান দুৰ্ঘটনা পতিত অসমৰ যুৱতী
পঞ্জাৱত মৃত্যু অসমৰ যুৱকৰ
'খাদ্য নাই, পানী নাই, শান্তি নাই'-গাজাত ইজৰাইলী আক্রমণত সন্তানক হেৰুওৱা মাতৃৰ চিৎকাৰ
'মোদীৰ দৰে মিছলীয়া প্ৰাধানমন্ত্ৰী কেতিয়াও দেখা নাই' খৰ্গেৰ মন্তব্য
গাড়ীত উদ্ধাৰ জনপ্ৰিয় ছ'চিয়েল মিডিয়া ইনফ্লুৱেন্সাৰৰ মৃতদেহ
উৰণৰ সময়তেই পুৰি ছাই হ’ল এয়াৰ ইণ্ডিয়াৰ বিমান:শতাধিক যাত্ৰীৰ মৃত্যুৰ আশংকা
গ্ৰীষ্ম-প্ৰৱাহ ; হীট ষ্ট্ৰ'কত ৰাজ্যত দুজনৰ মৃত্যু
কিয় কুখ্যাত সন্ত্ৰাসবাদী লাডেনে পাকিস্তানত নিৰাপদ অনুভৱ কৰিছিল?