--°C
Loading...
Advertisement
Advertisement
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ আমেৰিকাৰ ৰাষ্ট্ৰপতি ড'নাল্ড ট্রাম্পে বুধবাৰে চীনক বাদ দি আন দেশৰ সামগ্ৰীত শুল্ক আৰোপ ৯০ দিনৰ বাবে স্থগিত ৰখাৰ সিদ্ধান্ত লয়। আনহাতে, চীনৰ পৰা অহা সামগ্রীত ট্রাম্প প্রশাসনে শুক্ল ১২৫ শতাংশলৈ বৃদ্ধি কৰে। 

চীনে আমেৰিকাৰ সকলো সামগ্ৰীৰ ওপৰত নুতনকৈ শুল্ক ৮৪ শতাংশলৈ বৃদ্ধি কৰাৰ পাছতেই প্রতিশোধ কল্পে আমেৰিকাই এই সিদ্ধান্ত লয়। সমগ্ৰ বিশ্বৰ বজাৰত অস্থিৰতাৰ সৃষ্টি কৰিছে বিশ্বৰ দুয়োখন বৃহৎ অর্থনীতি থকা দেশে। 

আনহাতে, চীনক ভাবুকি দি ৰাষ্ট্ৰপতি ট্রাম্পে কয় যে বেইজিঙে যদি পুনৰ আমেৰিকাৰ ও পৰত প্রতিশোধ ল'বলৈ চেষ্টা কৰে, তেনেহ'লে চীনক আৰু অধিক 'পুৰস্কৃত' কৰা হ'ব। ইফালে, ট্রাম্পে বুধবাৰে (স্থানীয় সময়) চীনৰ ৰাষ্ট্ৰপতি, ঝি জিনপিঙক 'অতি স্মার্ট ব্যক্তি' বুলি মন্তব্য কৰে। ৰাষ্ট্ৰপতি ট্রাম্পে কয় যে শুল্ক আৰোপৰ বিষয়ত এতিয়াও দুয়ো দেশৰ মাজত আলোচনাৰ বাট মুকলি আছে। চীনৰ ৰাষ্ট্ৰপতিৰ সৈতে ২০ বছৰ ধৰি সংযোগ বিচ্ছিন্ন হৈ থকা ৰাষ্ট্ৰপতি ট্রাম্পে এতিয়া জিনপিঙৰ সৈতে আলোচনা কৰিবলৈ বিচৰাটো লক্ষণীয় হৈ পৰিছে।

জিনপিঙক বিশ্বৰ অন্যতম স্মার্ট বুলি অভিহিত কৰি ট্রাম্পে কয় যে এই সময়ত কি কৰাটো আৱশ্যক চীনৰ ৰাষ্ট্ৰপতিজনে ভালদৰেই জানে।
FOLLOW US F
POPULAR
FEATURE
TRENDY
এইবাৰ ১০ হাজাৰ শিল্পীক লৈ বাগৰুম্বা প্ৰদৰ্শনৰ প্ৰস্তুতি চৰকাৰৰ
ইৰানত ব্যাপক ধ্বংসলীলা
ৰিক্সা চলাই পঢ়ুৱাইছিল কন্যাক, চাকৰিৰ বাবে লণ্ডনলৈ যাওতে বিমান দুৰ্ঘটনাত মৃত্যু পায়েলৰ
নগাঁও আৰক্ষীৰ জালত দুৰ্ধৰ্ষ বাইক চোৰ নবী হুছেইন
পাকিস্তানক ধনী কৰিবলৈ চেষ্টা বিশ্ব বেংক, আইএমএফ আৰু আইএফচিৰ! জানক কাৰণ
প্ৰেমৰ মায়াজালেৰে লুটপাত চলোৱা এগৰাকী সুন্দৰী বোৱাৰী
কেনে আছে অসমৰ ৰুক্মিণী বৰুৱা ? আহমেদাবাদত ভয়ংকৰ বিমান দুৰ্ঘটনা পতিত অসমৰ যুৱতী
পঞ্জাৱত মৃত্যু অসমৰ যুৱকৰ
'খাদ্য নাই, পানী নাই, শান্তি নাই'-গাজাত ইজৰাইলী আক্রমণত সন্তানক হেৰুওৱা মাতৃৰ চিৎকাৰ
'মোদীৰ দৰে মিছলীয়া প্ৰাধানমন্ত্ৰী কেতিয়াও দেখা নাই' খৰ্গেৰ মন্তব্য
গাড়ীত উদ্ধাৰ জনপ্ৰিয় ছ'চিয়েল মিডিয়া ইনফ্লুৱেন্সাৰৰ মৃতদেহ
উৰণৰ সময়তেই পুৰি ছাই হ’ল এয়াৰ ইণ্ডিয়াৰ বিমান:শতাধিক যাত্ৰীৰ মৃত্যুৰ আশংকা
গ্ৰীষ্ম-প্ৰৱাহ ; হীট ষ্ট্ৰ'কত ৰাজ্যত দুজনৰ মৃত্যু
কিয় কুখ্যাত সন্ত্ৰাসবাদী লাডেনে পাকিস্তানত নিৰাপদ অনুভৱ কৰিছিল?