--°C
Loading...
Advertisement
Advertisement
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: আই চি চি চেম্পিয়ন্‌ছ ট্রফীৰ আজি গ্রুপ পর্যায়ৰ আটাইতকৈ আকষর্ণীয় মেচখনত ভাৰতে পাকিস্তানক প্রত্যাহ্বান জনাব। হাইপ্রফাইল এই  মেচখনত ৰোহিত শৰ্মাৰ নেতৃত্বৰ টীম ইণ্ডিয়াৰ লক্ষ্য হ'ব পাকিস্তানক পৰাজিত কৰি ছেমি ফাইনেলত স্থান নিশ্চিত কৰা। আনহাতে মহম্মদ বিজবানৰ নেতৃত্বৰ পাকিস্তানে এই মেচখনত জয়েৰে প্ৰতিযোগিতাৰ আগতীয়া প্রস্থান প্রতিৰোধ কৰিবলৈ চেষ্টা কৰিব। প্রতিযোগিতাৰ উদ্বোধনী মেচখনত পাকিস্তান নিউজিলেণ্ডৰ হাতত শোচনীয় পৰাজয়ৰ সন্মুখীন হৈছিল। সেয়েহে আজি ভাৰতৰ হাতত পৰাজিত হোৱাৰ অৰ্থ হ'ল প্ৰতিযোগিতাৰ আয়োজক দেশখনে আগতীয়াকৈ বিদায় লোৱা। 

আজিৰ মেচখনত ভাৰতে ২০১৭ চনৰ চেম্পিয়ন্‌ছ ট্ৰফীৰ ফাইনেলত পৰাজিত হোৱাৰ মধুৰ প্ৰতিশোধ লোৱাৰ এক সুযোগ লাভ কৰিছে। সেইবাৰ পাকিস্তানে ভাৰতক পৰাজিত কৰিছিল। উল্লেখযোগ্য যে গ্রুপ-এত ভাৰতে নিজৰ প্ৰথমখন মেচত বাংলাদেশক পৰাজিত কৰিছিল। অৱশ্যে এই মেচখন পূৰ্বৰ দৰে বহুচৰ্চিত হোৱা নাই। ফলত আজি দুয়োটা দলে সহজভাৱে খেলপথাৰত নামিব বুলি আশা কৰা হৈছে। ভাৰতীয় দলে ডুবাইৰ পৰিৱেশৰ সৈতে ইতিমধ্যে খাপ খুৱাই লৈছে। আনহাতে পাকিস্তানে কৰাচীত নিউজিলেণ্ডৰ হাতত পৰাজিত হোৱাৰ পাছত ইয়াত উপস্থিত হৈছে। ভাৰতৰ বাবে প্রধান চিন্তাৰ বিষয় আছিল অধিনায়ক ৰোহিত শৰ্মাৰ ফৰ্ম। বাংলাদেশৰ বিৰুদ্ধে মেচখনত তেওঁ ধুমুহাৰ গতিৰে ৪১ ৰান সংগ্ৰহ কৰি ভাৰতৰ বাবে সুন্দৰ আৰম্ভণি কৰে। অৱশ্যে বিৰাট কোহলীৰ ফৰ্ম এতিয়াও চিন্তাৰ কাৰণ হৈ আছে। কালি কোহলীয়ে নিৰ্ধাৰিত সময়তকৈ এঘণ্টাৰ আগৰ পৰা বেটিং অনুশীলন আৰম্ভ কৰে। তেওঁ বিশেষকৈ স্পীনাৰৰ বলত বেটিং অনুশীলন কৰে। শুভমন গিলে বাংলাদেশৰ বিৰুদ্ধে চেঞ্চুৰী কৰি নিজৰ ফৰ্মৰ ইংগিত দি থৈছে। উদ্বোধনী মেচখনত পাকিস্তানী বলিং বিভাগে আশা কৰা মতে বলিং কৰিব পৰা নাছিল। ভাৰতীয় বেটাৰসকলে আজি পাকিস্তানী বলাৰৰ দুৰ্বলতাৰ সুযোগ লোৱাৰ চেষ্টা কৰিব। ইয়াৰ বিপৰীতে ভাৰতৰ বলাৰসকলে সুন্দৰ প্ৰদৰ্শন কৰি নিজৰ শক্তিৰ উমান দি থৈছে। আঘাতৰ পৰা সুস্থ হৈ প্ৰত্যাৱৰ্তন কৰা মহম্মদ ছামীয়ে সুন্দৰ প্ৰদৰ্শন কৰি পাঁচটা উইকেট দখল কৰিছে। হৰ্ষিত ৰাণাই তেওঁক সুন্দৰ সহযোগ কৰিছে। অলৰাউণ্ডাৰ হার্দিক পাণ্ডিয়াৰ পাকিস্তানৰ বিৰুদ্ধে প্রদর্শন ভাল। ডুবাইৰ পিটচে স্পীনাৰক সহায় কৰাৰ আশা কৰা হৈছে। ডুবাইত ভাৰত আৰু পাকিস্তানে পূর্বতে খেলা দুখন এদিনীয়াৰ দুয়োখনতে ভাৰত জয়ী হৈছে। 

উল্লেখযোগ্য যে ভাৰতে ইয়াৰ আগলৈকে ডুবাইত সাতখন মেচ খেলিছে আৰু ইয়াৰে ছয়খনত জয়ী হৈছে। এখন মেচ টাই হৈছে। আন কথাত ভাৰত এতিয়ালৈকে পৰাজিত হোৱা নাই। ইফালে জুৱাৰীৰ বজাৰত কাইলৈৰ ফেভাৰিট টীম ইণ্ডিয়া। ভাৰতৰ পক্ষে দৰ হ'ল ৪১-৪২। অৰ্থাৎ ভাৰতৰ জয়ৰ পক্ষে দহ হাজাৰ টকাৰ বাজি ধৰিলে আৰু ভাৰত জয়ী হ'লে তেওঁ ৪১ হাজাৰ টকা লাভ কৰিৱ। বর। আনহাতে পাকিস্তান জয়ী হোৱাৰ পক্ষে ৪২০০ টকাৰ বাজি ধৰিলে ১০ হাজাৰ টকা লাভ কৰিব।

উৎসঃ দৈনিক জনমভূমি
FOLLOW US F
POPULAR
FEATURE
TRENDY
এইবাৰ ১০ হাজাৰ শিল্পীক লৈ বাগৰুম্বা প্ৰদৰ্শনৰ প্ৰস্তুতি চৰকাৰৰ
ইৰানত ব্যাপক ধ্বংসলীলা
ৰিক্সা চলাই পঢ়ুৱাইছিল কন্যাক, চাকৰিৰ বাবে লণ্ডনলৈ যাওতে বিমান দুৰ্ঘটনাত মৃত্যু পায়েলৰ
নগাঁও আৰক্ষীৰ জালত দুৰ্ধৰ্ষ বাইক চোৰ নবী হুছেইন
পাকিস্তানক ধনী কৰিবলৈ চেষ্টা বিশ্ব বেংক, আইএমএফ আৰু আইএফচিৰ! জানক কাৰণ
প্ৰেমৰ মায়াজালেৰে লুটপাত চলোৱা এগৰাকী সুন্দৰী বোৱাৰী
কেনে আছে অসমৰ ৰুক্মিণী বৰুৱা ? আহমেদাবাদত ভয়ংকৰ বিমান দুৰ্ঘটনা পতিত অসমৰ যুৱতী
পঞ্জাৱত মৃত্যু অসমৰ যুৱকৰ
'খাদ্য নাই, পানী নাই, শান্তি নাই'-গাজাত ইজৰাইলী আক্রমণত সন্তানক হেৰুওৱা মাতৃৰ চিৎকাৰ
'মোদীৰ দৰে মিছলীয়া প্ৰাধানমন্ত্ৰী কেতিয়াও দেখা নাই' খৰ্গেৰ মন্তব্য
গাড়ীত উদ্ধাৰ জনপ্ৰিয় ছ'চিয়েল মিডিয়া ইনফ্লুৱেন্সাৰৰ মৃতদেহ
উৰণৰ সময়তেই পুৰি ছাই হ’ল এয়াৰ ইণ্ডিয়াৰ বিমান:শতাধিক যাত্ৰীৰ মৃত্যুৰ আশংকা
গ্ৰীষ্ম-প্ৰৱাহ ; হীট ষ্ট্ৰ'কত ৰাজ্যত দুজনৰ মৃত্যু
কিয় কুখ্যাত সন্ত্ৰাসবাদী লাডেনে পাকিস্তানত নিৰাপদ অনুভৱ কৰিছিল?