--°C
Loading...
Advertisement
Advertisement
Listen to Article
2 min read
80%

নতুন দিল্লীঃ 'বাহুবলী'ৰ যোগেদি অনুৰাগীৰ মণিকূটত নিগাজী আসন দখল কৰিছিল জনপ্ৰিয় অভিনেতা প্ৰভাসে।জনপ্ৰিয়তাৰ শিখৰ চুৱা ‘বাহুবলী’ৰ পাছৰ পৰাই প্ৰভাসৰ নতুন ছবিৰ বাবে অন্তহীন আগ্ৰহেৰে অপেক্ষা কৰি থাকে অনুৰাগীয়ে। প্ৰভাসৰ নতুন ছবি 'ৰাধে শ্যাম'ৰ মুক্তিৰ দিন গণনা ইতিমধ্যে আৰম্ভ হৈছে। কিন্তু অনুৰাগীয়ে প্ৰভাসৰ নতুন কামৰ যেন কোনো খবৰে পোৱা নাই। ফলত এগৰাকী প্ৰভাস অনুৰাগীয়ে ঘটালে অঘটন। প্ৰিয় অভিনেতাজনৰ নতুন ছবিৰ খবৰ নোপোৱাত ৰুষ্ট হৈ পৰিল অনুৰাগী। হতাশৰ কবলত পৰা অনুৰাগীয়ে বাচি ল’লে চৰম পথ!ছবিৰ আপডেট নপাই অনুৰাগীয়ে লিখি থৈ যোৱা ছুইচাইড নোটে এতিয়া সৰ্বত্ৰে খলকনি তুলিছে।

টোকাটোত উল্লেখ থকা অনুসৰি, ‘ইউভি ক্ৰিয়েশ্যন’ দল আৰু চলচ্চিত্ৰখনৰ পৰিচালক ৰাধাকৃষ্ণক তেওঁৰ আত্মহত্যাৰ বাবে দোষাৰোপ কৰিছে। ছবি নিৰ্মাতাই বহু দিন ধৰি ছবিখনক লৈ কোনো ধৰণৰ আপডেট নিদিয়া বুলিও দাবী কৰিছে এইগৰাকী অনুৰাগীয়ে। ইয়াৰ পূৰ্বে তেওঁ কোনদিনে এইদৰে চিঠি লেখা নাছিল,কেবল এখন ছবিৰ বাবে ছুইচাইড নোট লিখিবলৈ কলমত হাতত তুলি লোৱা বুলিও মন্তব্য কৰিছে ব্যক্তিজনে।

ইয়াৰোপৰি সামাজিক মাধ্যমতো ছবিখনক লৈ এটা পোষ্ট লিখিছিল ব্যক্তিজনে। পোষ্টটোত তেওঁ কয়, ‘বহু দিনৰ পৰাই প্ৰভাসৰ ছবিৰ অপেক্ষাত আছো। কিন্তু ছবি নিৰ্মাতাই মোৰ কথাক কাণ সৰালি দিলে।’ ইয়াৰ পাছত প্ৰভাস অভিনীত এখন ছবিৰ সংলাপ উল্লেখ কৰি কয়, ‘যথেষ্ট হৈছে,আৰু কোনো প্ৰশ্ন নাই।’
অৱশ্যে, ‘ৰাধে শ্যাম’ ছবিখনৰ মুক্তিৰ বাবে যো-জা চলিছে। প্ৰায় ৩৫০ কোটি বাজেটৰ এই ছবিখনত প্ৰভাসৰ বিপৰীতে আছে পূজা হেগড়ে। ছবিখন আগন্তুক বৰ্ষৰ জানুৱাৰীত মুক্তি পাব বুলি জানিবলৈ দিছে ছবি নিৰ্মাতাই।

FOLLOW US F
POPULAR
FEATURE
TRENDY
এইবাৰ ১০ হাজাৰ শিল্পীক লৈ বাগৰুম্বা প্ৰদৰ্শনৰ প্ৰস্তুতি চৰকাৰৰ
ইৰানত ব্যাপক ধ্বংসলীলা
ৰিক্সা চলাই পঢ়ুৱাইছিল কন্যাক, চাকৰিৰ বাবে লণ্ডনলৈ যাওতে বিমান দুৰ্ঘটনাত মৃত্যু পায়েলৰ
নগাঁও আৰক্ষীৰ জালত দুৰ্ধৰ্ষ বাইক চোৰ নবী হুছেইন
পাকিস্তানক ধনী কৰিবলৈ চেষ্টা বিশ্ব বেংক, আইএমএফ আৰু আইএফচিৰ! জানক কাৰণ
প্ৰেমৰ মায়াজালেৰে লুটপাত চলোৱা এগৰাকী সুন্দৰী বোৱাৰী
কেনে আছে অসমৰ ৰুক্মিণী বৰুৱা ? আহমেদাবাদত ভয়ংকৰ বিমান দুৰ্ঘটনা পতিত অসমৰ যুৱতী
পঞ্জাৱত মৃত্যু অসমৰ যুৱকৰ
'খাদ্য নাই, পানী নাই, শান্তি নাই'-গাজাত ইজৰাইলী আক্রমণত সন্তানক হেৰুওৱা মাতৃৰ চিৎকাৰ
'মোদীৰ দৰে মিছলীয়া প্ৰাধানমন্ত্ৰী কেতিয়াও দেখা নাই' খৰ্গেৰ মন্তব্য
গাড়ীত উদ্ধাৰ জনপ্ৰিয় ছ'চিয়েল মিডিয়া ইনফ্লুৱেন্সাৰৰ মৃতদেহ
উৰণৰ সময়তেই পুৰি ছাই হ’ল এয়াৰ ইণ্ডিয়াৰ বিমান:শতাধিক যাত্ৰীৰ মৃত্যুৰ আশংকা
গ্ৰীষ্ম-প্ৰৱাহ ; হীট ষ্ট্ৰ'কত ৰাজ্যত দুজনৰ মৃত্যু
কিয় কুখ্যাত সন্ত্ৰাসবাদী লাডেনে পাকিস্তানত নিৰাপদ অনুভৱ কৰিছিল?