--°C
Loading...
Advertisement
Advertisement
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: মহাৰাষ্ট্ৰৰ নৱনিৰ্বাচিত মুখ্যমন্ত্ৰী দেবেন্দ্ৰ ফাড়নবিছৰ শপত গ্ৰহণ অনুষ্ঠানত ৰাজনৈতিক নেতাসকলৰ লগতে বহুকেগৰাকী বলিউডৰ তাৰকাইও অংশগ্ৰহণ কৰে। এই অনুষ্ঠানত অংশগ্ৰহণ কৰি নেটিজেনৰ ৰোষত পৰিছে শ্ৰদ্ধা কাপুৰ৷ অভিনেত্ৰীগৰাকীক শপত গ্ৰহণ অনুষ্ঠানত  দেখাৰ পিছত একাংশ নেটিজেনে ২০১৯ চনৰ এটা ঘটনাক লৈ সৰৱ হৈ পৰিছে। 

২০১৯ চনত দেবেন্দ্ৰ ফাড়নবিছ বিজেপি শাসিত মহাৰাষ্ট্ৰৰ মুখ্যমন্ত্ৰী থকাৰ সময়ত প্ৰশাসনে মুম্বাইৰ এটা প্ৰকল্পৰ বাবে ৩০০০ গছ কাটিবলৈ উদ্যোগ লৈছিল। আৰু প্ৰশাসনৰ এই প্ৰকল্পৰ বিৰুদ্ধে শ্ৰদ্ধা কাপুৰ সৰৱ হৈ পৰিছিল। হাতে হাতে প্লেকাৰ্ড লৈ বিৰোধ প্ৰদৰ্শন কৰিছিল বহু লোকে অভিনেত্ৰীগৰাকীৰ টি-চাৰ্টতো পৰিলক্ষিত হৈছিল প্ৰতিবাদৰ বাৰ্তা। ২০২০ত উদ্ধৱ থাকৰে মুখ্যমন্ত্রী নির্বাচিত হোৱাত সেই বিশেষ প্রকল্পটোৰ কাম বন্ধ কৰে৷ এই সিদ্ধান্তৰ বাবে উদ্ধৱ থাকৰেক প্ৰশংসা কৰিছিল অভিনেত্ৰীগৰাকীয়ে৷ 

শেহতীয়াকৈ দেবেন্দ্ৰ ফাড়নবিছৰ শপত গ্ৰহণত অভিনেত্ৰীগৰাকীয়ে অংশগ্ৰহণ কৰাৰ পাছত পুনৰ ভাইৰেল হৈ পৰিছে এই পুৰণি ঘটনাটোৰ ভিডিঅ’। সেইলৈ বৃহস্পতিবাৰে দক্ষিণ মুম্বাইৰ আজাদ ময়দানত শপত গ্ৰহণ অনুষ্ঠানত শ্ৰদ্ধাৰ উপস্থিতি সন্দৰ্ভত প্ৰশ্ন উত্থাপিত হৈছে। ২০১৯ চনত শ্ৰদ্ধা কাপুৰে তেওঁৰ ছবি ‘ছাহো’ৰ প্ৰচাৰৰ বাবে গছ কটাৰ প্ৰতিবাদত যোগদান কৰিছিল বুলি সমালোচিত হৈছে। 

নেটিজেনসকলে সমালোচনা কৰি কয় যে প্ৰকল্পটোৰ বিৰুদ্ধে প্ৰতিবাদ কৰা অভিনেত্ৰী গৰাকীয়ে এই উদযাপনত অংশগ্ৰহণ কৰিছে। সেই একে সুবিধাৰ আশাত শপত গ্ৰহণ অনুষ্ঠানটোলৈ তেওঁ কিমান নিৰ্লজ্জভাৱে অংশগ্ৰহণ কৰিছে বুলিও সমালোচিত হৈছে৷  

উল্শলেখনীয় যে শপত গ্ৰহণ অনুষ্ঠানত জাহ্নৱী কাপুৰ,ছলমান খান, শ্বাহৰুখ খান, ৰণবীৰ সিং, ৰণবীৰ কাপুৰ, মাধুৰী দীক্ষিত নেনে, বৰুণ ধৱন, অৰ্জুন কাপুৰ আদি বলিউডৰ তাৰকা  উপস্থিত থাকে।
FOLLOW US F
POPULAR
FEATURE
TRENDY
এইবাৰ ১০ হাজাৰ শিল্পীক লৈ বাগৰুম্বা প্ৰদৰ্শনৰ প্ৰস্তুতি চৰকাৰৰ
ইৰানত ব্যাপক ধ্বংসলীলা
ৰিক্সা চলাই পঢ়ুৱাইছিল কন্যাক, চাকৰিৰ বাবে লণ্ডনলৈ যাওতে বিমান দুৰ্ঘটনাত মৃত্যু পায়েলৰ
নগাঁও আৰক্ষীৰ জালত দুৰ্ধৰ্ষ বাইক চোৰ নবী হুছেইন
পাকিস্তানক ধনী কৰিবলৈ চেষ্টা বিশ্ব বেংক, আইএমএফ আৰু আইএফচিৰ! জানক কাৰণ
প্ৰেমৰ মায়াজালেৰে লুটপাত চলোৱা এগৰাকী সুন্দৰী বোৱাৰী
কেনে আছে অসমৰ ৰুক্মিণী বৰুৱা ? আহমেদাবাদত ভয়ংকৰ বিমান দুৰ্ঘটনা পতিত অসমৰ যুৱতী
পঞ্জাৱত মৃত্যু অসমৰ যুৱকৰ
'খাদ্য নাই, পানী নাই, শান্তি নাই'-গাজাত ইজৰাইলী আক্রমণত সন্তানক হেৰুওৱা মাতৃৰ চিৎকাৰ
'মোদীৰ দৰে মিছলীয়া প্ৰাধানমন্ত্ৰী কেতিয়াও দেখা নাই' খৰ্গেৰ মন্তব্য
গাড়ীত উদ্ধাৰ জনপ্ৰিয় ছ'চিয়েল মিডিয়া ইনফ্লুৱেন্সাৰৰ মৃতদেহ
উৰণৰ সময়তেই পুৰি ছাই হ’ল এয়াৰ ইণ্ডিয়াৰ বিমান:শতাধিক যাত্ৰীৰ মৃত্যুৰ আশংকা
গ্ৰীষ্ম-প্ৰৱাহ ; হীট ষ্ট্ৰ'কত ৰাজ্যত দুজনৰ মৃত্যু
কিয় কুখ্যাত সন্ত্ৰাসবাদী লাডেনে পাকিস্তানত নিৰাপদ অনুভৱ কৰিছিল?