--°C
Loading...
Advertisement
Advertisement
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: নানা পাটেকাৰ এনে এজন বলীউড অভিনেতা কৰ্মই যাৰ পৰিচয়। আজিলৈকে অভিনয় কৰা প্ৰত্যেকখন ছবিতে তেওঁক অনন্য আৰু পৃথক ৰূপত উপস্থাপন কৰিছে। শেহতীয়াকৈ এটা সাক্ষাৎকাৰত তেওঁ নিজৰ আগন্তুক ছবি ‘বনবাসৰ’ বিষয়ে অৱগত কৰে লগতে তেওঁৰ ব্যক্তিগত জীৱনৰ কিছু কথাও সাক্ষাৎকাৰত প্ৰকাশ কৰে। অভিনেতাজনৰ সংলাপ আজিও মানুহৰ মুখে মুখে। ‘পৰিন্দা’ ছবিখনৰ বাবে তেওঁ ৰাষ্ট্ৰীয় বঁটা লাভ কৰিছিল৷ ইয়াৰ উপৰিও তেওঁ বহু বঁটা লাভ কৰিছে

তেওঁ এক সাক্ষাৎকাৰত ছবিখনৰ পৰিচালক অনিল শৰ্মাৰ বিষয়ে কিছু কাহিনী উল্লেখ কৰে। নানা পাটেকাৰ আৰু অনিল শৰ্মাৰ  আগন্তুক ছবি ‘বনবাস'ত উৎকৰ্ষ শৰ্মাইও অভিনয় কৰিছে। ছবিখনত  পিতৃ-পুত্ৰৰ সম্পৰ্কৰ গভীৰতা দেখুওৱা হৈছে। ছবিখনত সবল উপস্থাপন  তথা অভিনয় দেখিবলৈ পোৱা যাব বুলি আশা কৰা হৈছে।

গদ্দাৰ খ্যাত অনিল শৰ্মাই ছবিখনৰ পৰিচালনা আৰু প্ৰযোজনা কৰিছে। জি ষ্টুডিঅ’ৰ প্ৰযোজনা আৰু অনিল শৰ্মাৰ পৰিচালনাত ‘বনবাস’ ছবিখন নিৰ্মিত হৈছে। ‘গদ্দাৰ: এক প্ৰেম কথা’ আৰু ‘গদ্দাৰ ২’ৰ সফলতাৰ পিছত এই যুটিটোৰ তৃতীয়টো প্ৰজেক্ট ‘বনবাস'।

 নতুন ছবিৰ জৰিয়তে দৰ্শকক মনোৰঞ্জন দিবলৈ সাজু হৈছে প্ৰবীণ অভিনেতা গৰাকী।  উল্লেখযোগ্য যে ২০২৪ চনৰ ২০ ডিচেম্বৰত ছবিগৃহত মুক্তি লাভ কৰিব ছবিখনে। ছবিখনত নানা পাটেকাৰ , উৎকৰ্ষ শৰ্মাৰ উপৰিও চিমৰাট কৌৰ ৰান্ধৱাইও ছবিখনত মুখ্য চৰিত্ৰত অভিনয় কৰিছে।
FOLLOW US F
POPULAR
FEATURE
TRENDY
এইবাৰ ১০ হাজাৰ শিল্পীক লৈ বাগৰুম্বা প্ৰদৰ্শনৰ প্ৰস্তুতি চৰকাৰৰ
ইৰানত ব্যাপক ধ্বংসলীলা
ৰিক্সা চলাই পঢ়ুৱাইছিল কন্যাক, চাকৰিৰ বাবে লণ্ডনলৈ যাওতে বিমান দুৰ্ঘটনাত মৃত্যু পায়েলৰ
নগাঁও আৰক্ষীৰ জালত দুৰ্ধৰ্ষ বাইক চোৰ নবী হুছেইন
পাকিস্তানক ধনী কৰিবলৈ চেষ্টা বিশ্ব বেংক, আইএমএফ আৰু আইএফচিৰ! জানক কাৰণ
প্ৰেমৰ মায়াজালেৰে লুটপাত চলোৱা এগৰাকী সুন্দৰী বোৱাৰী
কেনে আছে অসমৰ ৰুক্মিণী বৰুৱা ? আহমেদাবাদত ভয়ংকৰ বিমান দুৰ্ঘটনা পতিত অসমৰ যুৱতী
পঞ্জাৱত মৃত্যু অসমৰ যুৱকৰ
'খাদ্য নাই, পানী নাই, শান্তি নাই'-গাজাত ইজৰাইলী আক্রমণত সন্তানক হেৰুওৱা মাতৃৰ চিৎকাৰ
'মোদীৰ দৰে মিছলীয়া প্ৰাধানমন্ত্ৰী কেতিয়াও দেখা নাই' খৰ্গেৰ মন্তব্য
গাড়ীত উদ্ধাৰ জনপ্ৰিয় ছ'চিয়েল মিডিয়া ইনফ্লুৱেন্সাৰৰ মৃতদেহ
উৰণৰ সময়তেই পুৰি ছাই হ’ল এয়াৰ ইণ্ডিয়াৰ বিমান:শতাধিক যাত্ৰীৰ মৃত্যুৰ আশংকা
গ্ৰীষ্ম-প্ৰৱাহ ; হীট ষ্ট্ৰ'কত ৰাজ্যত দুজনৰ মৃত্যু
কিয় কুখ্যাত সন্ত্ৰাসবাদী লাডেনে পাকিস্তানত নিৰাপদ অনুভৱ কৰিছিল?