--°C
Loading...
Advertisement
Advertisement
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: কেন্দ্ৰীয় মন্ত্ৰী নীতিন গাডকাৰীয়ে কয় যে এতিয়া গাড়ীত বহি থকা সকলো লোকে ছীট বে’ল্টৰ পিন্ধাটো বাধ্যতামূলক হ’ব। ইয়াৰ বাবে অহা ২-৩ দিনত জাৰি কৰা হ’ব অধিসূচনা।

পথ দুৰ্ঘটনাত টাটা গ্ৰুপৰ প্ৰাক্তন অধ্যক্ষ চাইৰাছ মিষ্ট্ৰীৰ মৃত্যুৰ পিছতে গাড়ীৰ পিছৰ চিটতো ছীট বে’ল্ট পিন্ধাৰ প্ৰয়োজনীয়তাক লৈ নতুন বিতৰ্কৰ সৃষ্টি হৈছে। কেন্দ্রীয় গড়কাপ্তানি আৰু ঘাইপথ মন্ত্রী নীতিন গাডকাৰীয়ে নিজেই ঘোষণা কৰিছে যে গাড়ীত বহি থকা সকলো যাত্রীয়ে ছীট বে’ল্ট পিন্ধাটো বাধ্যতামূলক হ’ব৷ এই সন্দৰ্ভত অহা ২-৩ দিনত পৰিবহণ মন্ত্ৰণালয়েও জাননী জাৰি কৰিব বুলি তেওঁ জানিব দিয়ে।

দেওবাৰে মহাৰাষ্ট্ৰৰ পালঘৰত সংঘটিত এক গাড়ী দুৰ্ঘটনাত মৃত্যু হয় টাটা গ্ৰুপৰ প্ৰাক্তন অধ্যক্ষ চাইৰাছ মিষ্ট্ৰী আৰু তেওঁৰ বন্ধু জেহাংগীৰ পাণ্ডোলে। প্ৰাথমিক তদন্তৰ ভিত্তিত আৰক্ষীয়ে কয় যে এনে লাগে যেন এই মাৰাত্মক দুৰ্ঘটনাৰ এটা ডাঙৰ কাৰণ আছিল দুয়োজন যাত্ৰীৰ ছীট বে’ল্ট পৰিধান নকৰা। যেতিয়া তেওঁৰ তীব্ৰবেগী গাড়ীখন ছীট বে’ল্ট নিপিন্ধাৰ বাবে ডিভাইডাৰৰ  খুন্দা খাইছিল, তেতিয়া পিছফালে বহি থকা দুয়োজন যাত্ৰীয়ে জপিয়াই পৰৱৰ্তী অংশৰ ফালে খুন্দা মাৰিছিল।

কিন্তু এতিয়াৰে পৰা ছীট বে’ল্ট পৰিধান নকৰাৰ বাবে পাছৰ চিটত বহি থকা যাত্ৰীসকলক ১০০০ টকা জৰিমনা বিহাৰ আইনী ব্যৱস্থা কৰা হৈছে। ভাৰতত গাড়ীৰ পাছৰ চিটত বহি থকা যাত্ৰীসকলে ছীট বে’ল্ট লগাবলৈ বুজি নাপায়। আনকি যান-বাহন আৰক্ষীয়েও এই ব্যৱস্থা উলংঘা কৰা বুলি ধৰা পৰিলে জৰিমনা খুব কমেইহে লগায়। আন্তঃৰাষ্ট্ৰীয় পথ ফেডাৰেচনৰ সন্মানীয় সভাপতি কে কে কপিলাইও এই কথাত একমত যে পিছৰ ছিটত থকা লোকসকলৰ মাজত ছীট বে’ল্ট খুব কমেইহে পিন্ধে। ডাঙৰ চহৰ আৰু মেট্ৰ’ত ই বহুত কম। সৰু চহৰবোৰত এই অনুপাত প্ৰায় শূন্য।
FOLLOW US F
POPULAR
FEATURE
TRENDY
এইবাৰ ১০ হাজাৰ শিল্পীক লৈ বাগৰুম্বা প্ৰদৰ্শনৰ প্ৰস্তুতি চৰকাৰৰ
ইৰানত ব্যাপক ধ্বংসলীলা
ৰিক্সা চলাই পঢ়ুৱাইছিল কন্যাক, চাকৰিৰ বাবে লণ্ডনলৈ যাওতে বিমান দুৰ্ঘটনাত মৃত্যু পায়েলৰ
নগাঁও আৰক্ষীৰ জালত দুৰ্ধৰ্ষ বাইক চোৰ নবী হুছেইন
পাকিস্তানক ধনী কৰিবলৈ চেষ্টা বিশ্ব বেংক, আইএমএফ আৰু আইএফচিৰ! জানক কাৰণ
প্ৰেমৰ মায়াজালেৰে লুটপাত চলোৱা এগৰাকী সুন্দৰী বোৱাৰী
কেনে আছে অসমৰ ৰুক্মিণী বৰুৱা ? আহমেদাবাদত ভয়ংকৰ বিমান দুৰ্ঘটনা পতিত অসমৰ যুৱতী
পঞ্জাৱত মৃত্যু অসমৰ যুৱকৰ
'খাদ্য নাই, পানী নাই, শান্তি নাই'-গাজাত ইজৰাইলী আক্রমণত সন্তানক হেৰুওৱা মাতৃৰ চিৎকাৰ
'মোদীৰ দৰে মিছলীয়া প্ৰাধানমন্ত্ৰী কেতিয়াও দেখা নাই' খৰ্গেৰ মন্তব্য
গাড়ীত উদ্ধাৰ জনপ্ৰিয় ছ'চিয়েল মিডিয়া ইনফ্লুৱেন্সাৰৰ মৃতদেহ
উৰণৰ সময়তেই পুৰি ছাই হ’ল এয়াৰ ইণ্ডিয়াৰ বিমান:শতাধিক যাত্ৰীৰ মৃত্যুৰ আশংকা
গ্ৰীষ্ম-প্ৰৱাহ ; হীট ষ্ট্ৰ'কত ৰাজ্যত দুজনৰ মৃত্যু
কিয় কুখ্যাত সন্ত্ৰাসবাদী লাডেনে পাকিস্তানত নিৰাপদ অনুভৱ কৰিছিল?