ডিজিটেল ডেস্কঃ বৃহস্পতিবাৰে (২ জানুৱাৰী) নিশা ইজৰাইলে ছিৰিয়াৰ আলেপ্পো চহৰৰ দক্ষিণ অঞ্চলত অৱস্থিত ছিৰিয়াৰ সেনাৰ ঘাটিত বোমাবৰ্ষণ কৰে। ছিৰিয়াৰ সংবাদ মাধ্যমৰ বাতৰি অনুসৰি ইজৰাইলৰ সেনাই আল-ছাফিৰা চহৰৰ সমীপত অৱস্থিত এটা প্ৰতিৰক্ষা সুবিধা আৰু বৈজ্ঞানিক গৱেষণা কেন্দ্ৰক লক্ষ্য কৰি লয়।
এই আক্ৰমণসমূহ ছিৰিয়াৰ ভিতৰত ইজৰাইলৰ শেহতীয়া বিমান আক্ৰমণৰ অংশ, যিটো বাছাৰ আল আছাদৰ পতনৰ পিছত দ্ৰুতগতিত বৃদ্ধি পাইছে। এক প্ৰতিবেদন অনুসৰি ছিৰিয়াৰ আলেপ্পোৰ দক্ষিণে থকা প্ৰতিৰক্ষা কাৰখানাসমূহত ইজৰাইলে আক্ৰমণৰ সময়ত ৭টা বৃহৎ বিস্ফোৰণৰ শব্দ শুনা গৈছিল। অৱশ্যে এই আক্ৰমণত কোনো লোকৰ মৃত্যুৰ কোনো তথ্য তাৎক্ষণিকভাৱে পোৱা হোৱা নাই। তথ্য অনুসৰি এই আক্ৰমণ ইমানেই শক্তিশালী আছিল যে মাটি কঁপি গৈছিল আৰু ঘৰৰ দুৱাৰ-খিৰিকী সকলো ভাঙি চূৰমাৰ হৈ যায়।
ছিৰিয়াত অবিৰত বিমান আক্ৰমণ
আক্ৰমণৰ পৰিসৰ বৰ্ণনা কৰি স্থানীয় এজন বাসিন্দাই কয় যে, “এইটো আছিল এতিয়ালৈকে হোৱা আটাইতকৈ শক্তিশালী আক্ৰমণ, যিয়ে ৰাতিক দিনলৈ ৰূপান্তৰিত কৰিছিল।” যোৱা মাহৰ আৰম্ভণিতে ইছলামিক বিদ্ৰোহীয়ে বাছাৰ আল আছাদক ক্ষমতাৰ পৰা উৎখাত কৰাৰ পিছত ইজৰাইলে ছিৰিয়াত সঘনাই বিমান আক্ৰমণ আৰম্ভ কৰিছিল।
ছিৰিয়াৰ নৌসেনাও আক্ৰমণ
ছিৰিয়াৰ নৌসেনাৰ ওপৰত আক্ৰমণকে ধৰি বিগত কেইসপ্তাহত ইজৰাইলে ৫০০ৰো অধিক বিমান আক্ৰমণ চলাইছে। ইয়াৰ উপৰিও ইজৰাইলে গোলান হাইটৰ ওচৰত অৱস্থিত বাফাৰ জ’নৰ ওপৰতো নিয়ন্ত্ৰণ স্থাপন কৰিছে। একাংশ খবৰ অনুসৰি দামাস্কাছৰ পৰা মাত্ৰ ২০ কিলোমিটাৰ দূৰত্বত ইজৰাইলৰ বাহিনী দেখা গৈছে।
ইজৰাইলৰ আক্ৰমণৰ বাবে হিজবুল্লাহৰ লোকচান
এই আক্ৰমণৰ ফলত হিজবুল্লাহ আৰু ছিৰিয়া সমৰ্থক অন্যান্য গোটসমূহেও যথেষ্ট লোকচানৰ সন্মুখীন হৈছে। ইজৰাইলৰ অবিৰত আক্ৰমণৰ বাবে ছিৰিয়াত অস্থিৰতা বৃদ্ধি পাইছে, যাৰ ফলত অঞ্চলটোৰ সংঘাত আৰু অধিক জটিল হৈ পৰিছে।